• Home
  • »
  • News
  • »
  • world
  • »
  • Wimbledon 2021: কান্দি পেলাইছিল তেওঁ, চকুপানী ৰখাব পৰা নাছিল দৰ্শকেও ! চাওক উইম্বলডন ২০২১ৰ পৰা ছেৰেনাৰ বিদায়ৰ আৱেগিক ক্ষণৰ Video...

Wimbledon 2021: কান্দি পেলাইছিল তেওঁ, চকুপানী ৰখাব পৰা নাছিল দৰ্শকেও ! চাওক উইম্বলডন ২০২১ৰ পৰা ছেৰেনাৰ বিদায়ৰ আৱেগিক ক্ষণৰ Video...

৭ বাৰ Wimbledonৰ খিতাপ জয় কৰিছে ছেৰেনাই photo-AP

৭ বাৰ Wimbledonৰ খিতাপ জয় কৰিছে ছেৰেনাই photo-AP

৩৯ বছৰীয়া ছেৰেনা উইলিয়ামছ (Serena Williams) আঘাতৰ বাবে উইম্বলডন ২০২১ (Wimbledon 2021)ৰ পৰা বাহিৰ হৈছে। সাতবাৰৰ উইম্বলডন চেম্পিয়ন ছেৰেনাই প্ৰথম ৰাউণ্ডত বেলাৰুছৰ আলিকচন্দ্ৰা চাচনোভিচৰ বিৰুদ্ধে প্ৰতিদ্বন্দিতা কৰিছিল।

  • Share this:
৩৯ বছৰীয়া ছেৰেনা উইলিয়ামছ (Serena Williams) আঘাতৰ বাবে উইম্বলডন ২০২১ (Wimbledon 2021)ৰ পৰা বাহিৰ হৈছে। সাতবাৰৰ উইম্বলডন চেম্পিয়ন ছেৰেনাই প্ৰথম ৰাউণ্ডত বেলাৰুছৰ আলিকচন্দ্ৰা চাচনোভিচৰ বিৰুদ্ধে প্ৰতিদ্বন্দিতা কৰিছিল। অৱশ্যে, আঘাতৰ বাবে ছেৰেনাই প্ৰথম ৰাউণ্ডত খেলখনৰ পৰা প্ৰত্যাহাৰ কৰিব লগা হৈছিল। মাৰ্গাৰেট কোৰ্টৰ ২৪ টা গ্ৰেণ্ড শ্লেম ৰেকৰ্ডৰ সমতা অৰ্জনৰ সপোন লৈ প্ৰতিযোগিতাখনত প্ৰৱেশ কৰা ছেৰেনা খেলখনৰ সময়ত পিছলি পৰিছিল। তেওঁ তেওঁৰ বাওঁ গোৰোহা পৰীক্ষা কৰিব লগা হয়।

ছেৰেনাই পঞ্চম খেলত এটা ফোৰহেণ্ড শ্বট খেলি ঘাঁহৰ ওপৰত পিছলি পৰিছিল। সেই সময়ত খেলৰ স্ক'ৰ আছিল ৩-৩। ছেৰেনা আঘাতৰ বাবে ইমান হতাশ হৈছিল যে তাই কান্দি কান্দি ওপৰৰ ওঁঠ কাটি পেলাইছিল। টেনিছ কিংবদন্তীগৰাকীয়ে ভিৰৰ পৰা যথেষ্ট সমৰ্থন লাভ কৰিছিল, কিন্তু অৱশেষত মেচখন এৰি গৈছিল। ছেৰেনাৰ কেৰিয়াৰত এইটো কেৱল দ্বিতীয়বাৰৰ বাবে যে তেওঁ প্ৰথম ৰাউণ্ডৰ পৰা বিদায় ল'ব লগা হৈছে।
Published by:Kokil Sarma
First published: