৩ দশকত ১২বাৰ কাৰাগাৰৰ পৰা পলায়ন, টিভি চেনেলত ক'লে পলোৱাৰ উদ্ৱেগজনক কাৰণ

News18 Assam | News18-Assam
Updated:June 6, 2021, 7:48 PM IST
৩ দশকত ১২বাৰ কাৰাগাৰৰ পৰা পলায়ন, টিভি চেনেলত ক'লে পলোৱাৰ উদ্ৱেগজনক কাৰণ
চেনেগালত  প্ৰখ্যাত হৈ পৰা মদুউৰ পলায়নৰ বিষয়ক লৈ সাক্ষাৎকাৰ লয় এটা টিভি চেনেলে।

চেনেগালত  প্ৰখ্যাত হৈ পৰা মদুউৰ পলায়নৰ বিষয়ক লৈ সাক্ষাৎকাৰ লয় এটা টিভি চেনেলে।

  • Share this:

 পেছাত এগৰাকী চোৰ। কিন্তু তেওঁ বিখ্যাত নিৰাপত্তাৰক্ষীৰ চকুত ধূলি দি কাৰাগাৰৰ পৰা পলায়ন কৰাৰ বাবে। একপ্ৰকাৰ কাৰাগাৰৰ পৰা পলাই যোৱাৰ অভিলেখেই স্থাপন কৰিছে লোকগৰাকীয়ে। শিশু কালৰ পৰা গ্ৰেপ্তাৰবৰণৰ অভিজ্ঞতা থকা এই ব্যক্তিগৰাকীয়ে এতিয়ালৈ ১২ বাৰ কাৰাগাৰৰ পৰা পলায়ন কৰিছে।


বিবিচিৰ এক বাতৰি অনুসৰি, লোকগৰাকীৰ নাম বায়ে মদুউ ফল। চেনেগালৰ নাগৰিক। তেওঁ নিজকে এজন ব্যৱসায়ী বুলি দাবী কৰে। কিন্তু চুৰিৰ অভিযোগত তেওঁক একাধিকবাৰ গ্ৰেপ্তাৰ কৰা হৈছে। সৰুৰে পৰা ৩ দশক ধৰি  চোৰ–পুলিচৰ খেল খেলা তথা জেলৰ পৰা পলোৱা লোকগৰাকীৰ কোনো বিৰুদ্ধে কোনো হিংসাত্মক কাৰ্যৰ অভিযোগ নাই।


কিন্তু ৩ দশক ধৰি জেল আৰু জেলৰ পৰা পলায়ন কিয় কৰিছিল মদুউৱে?  চেনেগালত  প্ৰখ্যাত হৈ পৰা মদুউৰ পলায়নৰ বিষয়ক লৈ সাক্ষাৎকাৰ লয় এটা টিভি চেনেলে। মদুউৱে কয়– 'মই জানো কাৰাগাৰৰ পৰা পলোৱাটো অপৰাধ। কিন্তু ন্যায়িক ব্যৱস্থা ইমান লেহেমীয়া যে মোৰ বাবে ন্যায়ৰ অপেক্ষা কৰাটো সম্ভৱ নহয়। ৯ বছৰে মই কোনো বিচাৰ অবিহনে কাৰাগাৰত বন্দী হৈ থকাৰ অভিজ্ঞতা আছে। গতিকে পলাই যোৱাটোৱে মোৰ বাবে মুক্তি। মই জানো যে মই দিন বা ৰাতি যিকোনো সময়তে বিচাৰিলে ওলাই আহিব পাৰো।'

Published by: Gautam Barman
First published: June 6, 2021, 5:35 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি