মাজসাগৰত জুই। পানীত জ্বলা জুই নুমুৱাবলৈ ঘেৰি ধৰা তিনিখন জাহাজে কৰিছে অবিৰাম চেষ্টা। কিন্তু নীলাভ পানীত কমলা গোলাকাৰ জুইৰ শিখা ৰোধ কৰা টান হৈ পৰে। এই দৃশ্য ইতিমধ্যে ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে।
এই ঘটনা মেক্সিকো উপসাগৰৰ। সংবাদ সংস্থা ৰয়টাৰৰ মতে, শুকুৰবাৰে স্থানীয় সময় অনুসৰি পুৱা প্ৰায় ৫.১৫ বজাত মেক্সিকো উপসাগৰৰ য়ুকাটান উপদ্বীপ অঞ্চলৰ ওচৰত এই অগ্নিকাণ্ড সংঘটিত হয়।
মেক্সিকান ৰাজ্য নিয়ন্ত্ৰিত তেল নিষ্কাশন কোম্পানী পেমেক্সে কয় যে সাগৰৰ তলেৰে পাৰ হৈ যোৱা গেছৰ পাইপলাইন লিক হোৱাৰ ফলত এই দুৰ্ঘটনাটো সংঘটিত হৈছিল। পাঁচ ঘণ্টাতকৈও অধিক প্ৰচেষ্টাৰ পিছত পুৱা ১০.৩০ বজাত জুই নিয়ন্ত্ৰণলৈ অনা হৈছিল।
ৰয়টাৰৰ মতে, সাগৰৰ তলৰ পাইপলাইনটো পেমেক্সৰ আটাইতকৈ গুৰুত্বপূৰ্ণ তেল ক্ষেত্ৰ কু মালুব জাপৰ সৈতে সংযুক্ত। অঞ্চলটো মেক্সিকো উপসাগৰৰ ওচৰত অৱস্থিত। ইয়াৰ পৰা দৈনিক ১৭ লাখ বেৰেল তেল আহৰণ কৰা হয়, যি হৈছে খনিৰ মুঠ নিষ্কাশনৰ ৪০ শতাংশ।
পেমেক্স লগতে জনায় যে জুইৰ ফলত কোনো হতাহত হোৱা নাই। জুই লগাৰ কাৰণ উদঘাটনৰ বাবে তদন্ত কৰি থকা হৈছে। কিন্তু পানীৰ মাজত জ্বলি থকা জুইৰ দৃশ্যৰ ভিডিঅ' ভাইৰেল হৈ পৰে।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|