আমেৰিকান সেনা শিবিৰত ইৰাণৰ ভয়ংকৰ আক্ৰমণ, চাওক বেলিষ্টিক মিছাইলেৰে আক্ৰমণৰ VIDEO

News18 Assam | News18-Assam
Updated:January 8, 2020, 9:52 AM IST
আমেৰিকান সেনা শিবিৰত ইৰাণৰ ভয়ংকৰ আক্ৰমণ, চাওক বেলিষ্টিক মিছাইলেৰে আক্ৰমণৰ VIDEO
ইৰাণৰ এই আক্ৰমণৰ কথা প্ৰকাশ কৰিছে পেণ্টাগনে। আমেৰিকান সেনাৰ ফালৰ পৰা টুইটযোগে কোৱা হৈছে যে ৭ জানুৱাৰীত ইৰাণে ইৰাকস্থিত আমেৰিকান সেনা আৰু মিত্ৰজোঁট সেনাৰ এয়াৰবেছত এক ডজনৰো অধিক বেলিষ্টিক মিছাইলেৰে আক্ৰমণ কৰিছে।

  • Share this:
কুড্ছ ফ’ৰ্চৰ মুৰব্বী মেজৰ জেনেৰেল কাছিম ছুলেমানীৰ মৃত্যুৰ পিছত ইৰাণ আৰু আমেৰিকাৰ মাজৰ সংঘাতে পাইছে চূড়ান্ত পৰ্যায়। আমেৰিকাৰ সকীয়নিৰ পিছতে ইৰাকস্থিত আমেৰিকান এয়াৰবেছলৈ লক্ষ্য কৰি এক ডজনৰো অধিক মিছাইলেৰে আক্ৰমণ কৰে ইৰাণে। ইৰাণৰ এই ভয়ংকৰ আক্ৰমণৰ ভিডিঅ’ ছচিয়েল মিডিয়াত মুকলি কৰা হৈছে। ভিডিঅ’ত দেখা গৈছে আকাশৰ পৰা মিছাইল পৰাৰ দৃশ্য। কেমেৰাৰ সন্মুখতে বিস্ফোৰণ ঘটিছে কেইবাটাও মিছাইল। প্ৰাণৰ মমতাত মানুহে চিঞৰাৰ শব্দও শুনা গৈছে ভিডিঅ’ত।

ইৰাণৰ এই আক্ৰমণৰ কথা প্ৰকাশ কৰিছে পেণ্টাগনে। আমেৰিকান সেনাৰ ফালৰ পৰা টুইটযোগে কোৱা হৈছে যে ৭ জানুৱাৰীত ইৰাণে ইৰাকস্থিত আমেৰিকান সেনা আৰু মিত্ৰজোঁট সেনাৰ এয়াৰবেছত এক ডজনৰো অধিক বেলিষ্টিক মিছাইলেৰে আক্ৰমণ কৰিছে। এয়া স্পষ্ট যে এই মিছাইল ইৰাণে নিক্ষেপ কৰিছে আৰু অল অছদ আৰু ইৰবিলত আমেৰিকান সেনাক লক্ষ্য কৰি এই আক্ৰমণ সংঘটিত কৰা হৈছে।

চাওক ভিডিঅ’ :

NEWS18 অসম ত সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।
আৰু চাওক
পৰৱৰ্তী বাতৰি