একেৰাহে দ্বিতীয়বাৰলৈ বিশ্বকাপৰ ফাইনেলত নিউজীলেণ্ড, এইবাৰ খালী হাতে উলটিব বিচৰা নাই উইলিয়ামছন বাহিনী
News18 Updated:July 13, 2019, 4:13 PM IST

- News18
- Last Updated: July 13, 2019, 4:13 PM IST
২০১৫চনত প্ৰথমবাৰ বিশ্বকাপৰ ফাইনেললৈ গৈছিল নিউজীলেণ্ড। কিন্তু শেষৰক্ষা নহ’ল। মেলব’ৰ্নত প্ৰতিপক্ষক ধূলিস্যাৎ কৰি পঞ্চমবাৰ বিশ্বকাপ হাতত তুলি লৈছিল অষ্ট্ৰেলিয়াই। হৰাৰ পিছতে যেন দৃঢ়প্ৰতিজ্ঞ হৈ পৰিছিল সেই সময়ত মেককালাম অনুজ উইলিয়ামছন যেনে তেনে ফাইনেল খেলিবই লাগিব।
চাৰি বছৰ পিছত আকৌ আহিছে সেই মুহূৰ্ত। আকৌ এবাৰ বিশ্বকাপৰ ফাইনেলত নিউজীলেণ্ড। প্ৰথমৰ পৰাই বিশেষজ্ঞৰ বাবে ফেভাৰিট হৈ আছিল নিউজীলেণ্ড। প্ৰথমৰ পৰা ভাল খেলিবলৈ লৈও উজুটি খাইছিল নিউজীলেণ্ডে। পাকিস্তান, অষ্ট্ৰেলিয়া তথা ইংলেণ্ডৰ লগত পৰাজিত হৈছিল কিৱি বাহিনী। গ্ৰুপৰ শেষত ১১ পইণ্ট। একেই ঠাইত ওলমি ৰৈছিল পাকিস্তান। কিন্তু ভাল ৰাণৰেটৰ বাবে সৰফৰাজ বাহিনীক পিছপেলাই বিশ্বকাপৰ ছেমিফাইনেলত প্ৰৱেশ কৰিছিল উইলিয়ামছনৰ দল।
Very little to pick between these two so far – who will win this sub-contest in the #CWC19 final on Sunday at Lord's?#ENGvNZ pic.twitter.com/Mp4wOrXuRB
— Cricket World Cup (@cricketworldcup) July 12, 2019