পাকিস্তানৰ অফাৰ প্ৰত্যাখ্যান মোদীৰ, পাকিস্তানৰ এয়াৰস্পেচেৰে কিৰ্গিস্তানলৈ নাযায় মোদী

News18-Assam
Updated:June 12, 2019, 4:09 PM IST
পাকিস্তানৰ অফাৰ প্ৰত্যাখ্যান মোদীৰ, পাকিস্তানৰ এয়াৰস্পেচেৰে কিৰ্গিস্তানলৈ নাযায় মোদী
পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰাণ খানে মোদীৰ বিমান দেশখনৰ এয়াৰস্পেচেৰে যোৱাৰ অনুমতি প্ৰদান কৰিছিল।

পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰাণ খানে মোদীৰ বিমান দেশখনৰ এয়াৰস্পেচেৰে যোৱাৰ অনুমতি প্ৰদান কৰিছিল।

  • Share this:
কিৰ্গিস্তানত এছ চি অ’ ছামিটত অংশগ্ৰহণ কৰিবলৈ পাকিস্তানৰ এয়াৰস্পেচেৰে নাযায় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। বিদেশ মন্ত্ৰণালয়ৰ ফালৰ পৰা কোৱা হৈছে যে কেন্দ্ৰীয় চৰকাৰে প্ৰধানমন্ত্ৰীৰ বিমানৰ বাবে দুটা বিকল্প পথ নিৰ্বাচন কৰিছিল। এতিয়া সিদ্ধান্ত লোৱা হৈছে যে মোদীৰ বিমান পাকিস্তানৰ এয়াৰস্পেচেৰে কিৰ্গিস্তানলৈ নাযায়। তাৰ পৰিৱৰ্তে ওমান, ইৰান আৰু মধ্য এছিয়াৰ দেশ হৈ কিৰ্গিস্তানলৈ যাব মোদী।

ইয়াৰ পূৰ্বে পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰাণ খানে মোদীৰ বিমান দেশখনৰ এয়াৰস্পেচেৰে যোৱাৰ অনুমতি প্ৰদান কৰিছিল। পাকিস্তানৰ এজন জ্যেষ্ঠ বিষয়াই এই কথা জানিবলৈ দি আশা কৰিছিল যে ভাৰতে পাকিস্তানৰ সৈতে শান্তি আলোচনাৰ ওপৰত বিবেচনা কৰিব।

উল্লেখযোগ্য যে প্ৰধানমন্ত্ৰী মোদীয়ে এই সপ্তাহতে এছ চি অ’ সন্মিলনত অংশগ্ৰহণৰ বাবে ৰাওনা হ’ব। ১৩–১৪ জুনত আয়োজিত হ’ব এই সন্মিলন। এই সন্মিলনত উপস্থিত থাকিব পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰান খানো।
আৰু চাওক
পৰৱৰ্তী বাতৰি