• Home
  • »
  • News
  • »
  • world
  • »
  • মহাকাশত ভাহি ফুৰা পৃথিৱীৰ সমগ্ৰ অৰ্থতকৈয়ো মূল্যবান কি এই বস্তু!

মহাকাশত ভাহি ফুৰা পৃথিৱীৰ সমগ্ৰ অৰ্থতকৈয়ো মূল্যবান কি এই বস্তু!

নতুন তথ্য অনুসৰি এই গ্ৰহাণুটো লো আৰু নিকেলেৰে গঢ়া। এনে ধাতু পোৱা যায় পৃথিৱীৰ একেবাৰে আভ্যন্তৰত।

নতুন তথ্য অনুসৰি এই গ্ৰহাণুটো লো আৰু নিকেলেৰে গঢ়া। এনে ধাতু পোৱা যায় পৃথিৱীৰ একেবাৰে আভ্যন্তৰত।

নতুন তথ্য অনুসৰি এই গ্ৰহাণুটো লো আৰু নিকেলেৰে গঢ়া। এনে ধাতু পোৱা যায় পৃথিৱীৰ একেবাৰে আভ্যন্তৰত।

  • Share this:
মহাকাশত বিচৰণ কৰি ফুৰিছে এনে এটি গ্ৰহাণুৱে, যাৰ মূল্য পৃথিৱীৰ সমগ্ৰ সম্পত্তিৰ মূল্যতকৈয়ো বেছি! অতি দুষ্প্ৰাপ্য ধাতুৰে গঢ়া এই গ্ৰহাণুটোৰ তথ্য শেহতীয়াকৈ পোহৰলৈ আহিছে হাবোল স্পেচ টেলিস্কোপৰ এক অধ্যয়নত। ধাৰণা কৰা অনুসৰি, এই গ্ৰহাণুটোৰ মূল্য হ’ল ১০ হাজাৰ কোৱাড্ৰিলিয়ন ডলাৰ। এই গ্ৰহাণুটোলৈ নাছাৰ অভিলাষী প্ৰকল্প 16 psyche ২০২৬ চনত সম্পূৰ্ণ হোৱাৰ সম্ভাৱনা আছে।

এই 16 psyche হৈছে মংগল আৰু বৃহস্পতি গ্ৰহৰ মাজত প্ৰদক্ষিণ কৰি থকা এটা অতি দুষ্প্ৰাপ্য ধাতুৰে গঢ়া গ্ৰহাণু। আৰু বিজ্ঞানীসকলৰ ধাৰণা অনুসৰি ইয়াৰ মূল্য সমগ্ৰ বিশ্বৰ বাণিজ্যৰ মূল্যতকৈ বেছি। মহাকাশীয় বস্তুৰ ওপৰত প্ৰথমবাৰৰ বাবে অতিবেঙুণীয়া ৰশ্মি প্ৰয়োগ কৰি কৰা পৰ্যবেক্ষণত পোহৰলৈ আহিছে এই তথ্য।

নতুন তথ্য অনুসৰি এই গ্ৰহাণুটো লো আৰু নিকেলেৰে গঢ়া। এনে ধাতু পোৱা যায় পৃথিৱীৰ একেবাৰে আভ্যন্তৰত। বিজ্ঞানীসকলে অতিবেঙুণীয়া ৰশ্মিৰ তৰঙ্গদৈৰ্ঘ ব্যৱহাৰ কৰি গ্ৰহাণুটোৰ দুয়োফালে অধ্যয়ন কৰিছে। ধাৰণা কৰা অনুসৰি, গ্ৰহাণুটোৰ অধিকাংশ লোৰে গঢ়া। আনহাতে ইয়াৰ পৃষ্ঠভাগ চিকমিকিয়া। অধ্যয়নত পোহৰলৈ অহা মতে এই গ্ৰহাণুটো দীৰ্ঘকাল ধৰি মহাকাশত ঘূৰি ফুৰিছে।

১৮৫২ চনত ইটালীৰ জ্যোতিৰ্বিদ Annibale de Gasparis–এ 16 psyche আৱিষ্কাৰ কৰিছিল। ইয়াৰ গড় ব্যাস হৈছে ২২৬ কিলোমিটাৰ। যিটো হৈছে চন্দ্ৰৰ ব্যাসৰ প্ৰায় ষোল্লভাগৰ এভাগ। অধিকাংশ গ্ৰহাণু শিল তথা বৰফ হৈ পৰা বস্তুৰে গঢ়া পৰিলক্ষিত হয়। কিন্তু 16 psyche ৰ ৯০% ই ধাতু আৰু ১০% চিলিকেট শিলেৰে গঢ়া। এই ধাতু পৃথিৱীৰ অন্তৰ্ভাগত থকা লো আৰু নিকেলৰ সৈতে একে বুলি ধাৰণা কৰিছে বিজ্ঞানীসকলে। সেয়েহে 16 psycheক বিজ্ঞানীসকলে কোনো এটা গ্ৰহৰ প্ৰাথমিক অৱস্থাৰ অন্তৰ্ভাগৰ অংশ বুলি ধাৰণা কৰিছে যাৰ বহিৰ্ভাগৰ শিলৰ আৱৰণটো বিভিন্ন সময়ত হোৱা ভয়ংকৰৰ সংঘৰ্ষৰ ফলত ধ্বংস হৈ গৈছে।

বিজ্ঞানীসকলে mission psycheৰ জৰিয়তে এই গ্ৰহাণুটোক বিশেষ গুৰুত্ব প্ৰদান কৰিছে। mission psycheৰ মহাকাশযানখন ২০২৬ চনৰ আৰম্ভণিতে এই গ্ৰহাণুটোত গৈ পাব। প্ৰথমবাৰৰ বাবে বিজ্ঞানীসকলে মহাকাশৰ শিল তথা বৰফৰ সলনি অধ্যয়ন কৰিব ধাতুৰ জগতখনৰ বিষয়ে। কিন্তু বিজ্ঞানীসকলে এই কথা স্পষ্ট কৰি দিছে যে তেওঁলোক এই গ্ৰহাণুটোৰ ধাতুৰ মূল্যক লৈ আগ্ৰহী নহয় তথা ইয়াৰ সুবিধাও গ্ৰহণ নকৰে। তেওঁলোকৰ লক্ষ্য হৈছে এই গ্ৰহাণুটোৱে প্ৰতিনিধিত্ব কৰা বুলি ধাৰণা কৰা গ্ৰহ এটাৰ অন্তৰ্ভাগ সন্দৰ্ভত বিস্তৃত অধ্যয়ন চলোৱা। ইয়াৰ লগতে 16 psycheৰ বয়সৰ ওপৰতো অধ্যয়ন চলাব বিজ্ঞানীসকলে।
Published by:Sanjay Kumar Das
First published: