সংস্পৰ্শলৈ আহিলেই সংক্ৰমণ! এইবাৰ বিয়পিছে ইবোলাৰ দৰে আন এক ভয়ংকৰ ভাইৰাছ

News18 Assam | News18-Assam
Updated:November 18, 2020, 3:47 PM IST
সংস্পৰ্শলৈ আহিলেই সংক্ৰমণ! এইবাৰ বিয়পিছে ইবোলাৰ দৰে আন এক ভয়ংকৰ ভাইৰাছ
ইবোলাৰ দৰেই haemorrhagic জ্বৰৰ উপসৰ্গ তৈয়াৰ কৰে এই ভাইৰাছে। ২০০৪ চনত একেবাৰে কম পৰিসৰত এই সংক্ৰমণ হৈছিল।

ইবোলাৰ দৰেই haemorrhagic জ্বৰৰ উপসৰ্গ তৈয়াৰ কৰে এই ভাইৰাছে। ২০০৪ চনত একেবাৰে কম পৰিসৰত এই সংক্ৰমণ হৈছিল।

  • Share this:
বলিভিয়াত এক মাৰাত্মক সংক্ৰমণ আৰম্ভ হৈছে। ইউনাইটেড ষ্টেটছ চেণ্টাৰ ফৰ ডিজিজ কন্ট্ৰ’ল এণ্ড প্ৰিভেনচনে জনাইছে, এই ভাইৰেল সংক্ৰমণ এজনৰ পৰা আনজনলৈ বিয়পিব পাৰে। এতিয়াও কোৰোণা ভেকচিন লাভ কৰা নাই বিশ্বই, এনে অৱস্থাত এই নতুন সংক্ৰমণৰ খবৰে সমগ্ৰ বিশ্বকে ভীতিগ্ৰস্ত কৰিছে।

তথ্য মতে, ইবোলাৰ দৰেই haemorrhagic জ্বৰৰ উপসৰ্গ তৈয়াৰ কৰে এই ভাইৰাছে। ২০০৪ চনত একেবাৰে কম পৰিসৰত এই সংক্ৰমণ হৈছিল। বলিভিয়াৰ উত্তৰৰ লা পাজ প্ৰদেশৰ ছাপাৰে অঞ্চলত এই ভাইৰেল সংক্ৰমণ আৰম্ভ হোৱাৰ বাবে এই ভাইৰাছক ছাপাৰে ভাইৰাছ বোলা হৈছে।

গাৰ্ডিয়ানৰ ৰিপ’ৰ্টত প্ৰকাশ হৈছে যে ২০১৯ত এই ভাইৰাছত আক্ৰান্ত হৈ দুজন লোক চিকিৎসাধীন হৈছিল। লা পাজ চহৰৰ স্বাস্থ্য কেন্দ্ৰত তিনিজন স্বাস্থ্যকৰ্মী তেওঁলোকৰ সংস্পৰ্শলৈ আহিছিল। সেই দুজন ৰোগীৰ ভিতৰত এজন আৰু তিনি স্বাস্থ্যকৰ্মীৰ ভিতৰত দুজনৰ মৃত্যু হৈছিল। এই তথ্য অত্যন্ত ভয়ানক।

চিডিচিৰ এপিডেমিঅ’লজিষ্টসকলে কৈছে, বডী ফ্লুইডৰ যোগেদি এই ভাইৰাছ সংক্ৰমিত হ’ব পাৰে। ঘাম, মূত্ৰ, থু, প্লাজমা আদি সকলো বডী ফ্লুইড। জ্বৰ, বমি, গাৰ বিষ, পেটৰ বিষ আদি এই সংক্ৰমণৰ প্ৰাথমিক উপসৰ্গ।
Published by: Sanjay Kumar Das
First published: November 18, 2020, 3:37 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading