সংস্পৰ্শলৈ আহিলেই সংক্ৰমণ! এইবাৰ বিয়পিছে অন্য এক ভয়ংকৰ নতুন ভাইৰাছ, প্ৰাৰম্ভিক লক্ষণ-জ্বৰ

News18 Assam | News18-Assam
Updated:November 18, 2020, 2:47 PM IST
সংস্পৰ্শলৈ আহিলেই সংক্ৰমণ! এইবাৰ বিয়পিছে অন্য এক ভয়ংকৰ নতুন ভাইৰাছ, প্ৰাৰম্ভিক লক্ষণ-জ্বৰ
তথ্য মতে, ইবোলাৰ দৰেই ভয়ংকৰ এই ভাইৰাছ। প্ৰাৰম্ভিক লক্ষণ জ্বৰ

তথ্য মতে, ইবোলাৰ দৰেই ভয়ংকৰ এই ভাইৰাছ। প্ৰাৰম্ভিক লক্ষণ জ্বৰ

  • Share this:
কোৰোণা মহামাৰীৰ ত্ৰাস সৰ্বত্ৰ এতিয়াও অব্যাহত আছে। তাৰ মাজতে আকৌ আৰম্ভ হৈছে অন্য এক মাৰাত্মক ভাইৰাছৰ সংক্ৰমণ। অতি দ্ৰুত গতিত সংক্ৰমিত হৈছে এই ভাইৰাছ। বলিভিয়াত আৰম্ভ হৈছে এই ভাইৰাছৰ সংক্ৰমণ। ইউনাইটেড ষ্টেটছ চেণ্টাৰ ফৰ ডিজিজ কণ্ট্ৰ’ল এণ্ড প্ৰিভেনশ্যনে জনাইছে যে, এই ভাইৰেলৰ সংক্ৰমণ এজনৰ পৰা আনজনৰ দেহলৈ অতি সহজে বিয়পে।

তথ্য অনুসৰি, ইবোলাৰ দৰেই ‘haemorrhagic’ জ্বৰ হ’ল এই ভাইৰাছৰ প্ৰাৰম্ভিক লক্ষণ। ২০০৪ চনতে এবাৰ এই ভাইৰাছ কম পৰিসৰৰ ভিতৰত সংক্ৰমিত হৈছিল। কিন্তু এতিয়া এই ভাইৰাছে লৈছে ভয়ংকৰ ৰূপ। এই ভাইৰাছৰ নাম হ’ল ‘chapare virus’।

দ্যা গাৰ্জেনত প্ৰকাশিত বাতৰি অনুসৰি, ২০১৯ত এই ভাইৰাছত আক্ৰান্ত হৈছিল দুজন লোক। দেশখনৰ লা পাজ চহৰৰ স্বাস্থ্যকেন্দ্ৰটোৰ তিনিজন স্বাস্থ্যকৰ্মী তেওঁলোকৰ সংস্পৰ্শলৈ আহিছিল। তাৰে দুজনৰ মৃত্যু হৈছিল।

চিডিচিৰ এপিজেমিঅ’লজিষ্টে কোৱা মতে, বডি ফ্লুইডৰ মাজেৰে এই ভাইৰাছ সংক্ৰমিত হ’ব পাৰে। ঘাম, মুত্ৰ মিউকাছ, থু, প্লাজমা, এই আটাইবোৰেই বডি ফ্লুইড।

জ্বৰ, বমি, ৰক্তক্ষৰণ, পেটৰ বিষ আদি এই সংক্ৰমণৰ প্ৰাথমিক লক্ষণ।
Published by: Himangshu Bhuyan
First published: November 18, 2020, 2:47 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading