জামাল খাছৌগী হত্যাকাণ্ডঃ চৌদিৰ ক্ৰাউন প্ৰিন্সে ক’লে–মই দায়ী

চৌদি চৰকাৰৰ তৰফৰ পৰা বাৰে বাৰে খাছৌগী হত্যাকাণ্ডৰ সৈতে প্ৰিন্স মহম্মদ জৰিত থকাৰ কথা অস্বীকাৰ কৰি অহা হৈছে। 

News18-Assam
Updated:September 26, 2019, 7:52 PM IST
জামাল খাছৌগী হত্যাকাণ্ডঃ চৌদিৰ ক্ৰাউন প্ৰিন্সে ক’লে–মই দায়ী
চৌদি চৰকাৰৰ তৰফৰ পৰা বাৰে বাৰে খাছৌগী হত্যাকাণ্ডৰ সৈতে প্ৰিন্স মহম্মদ জৰিত থকাৰ কথা অস্বীকাৰ কৰি অহা হৈছে। 
News18-Assam
Updated: September 26, 2019, 7:52 PM IST
সাংবাদিক জামাল খাছৌগীৰ হত্যাৰ সন্দৰ্ভত চৌদি আৰৱৰ ক্ৰাউন প্ৰিন্সে এই চাঞ্চল্যকৰ মন্তব্য কৰি শিৰোনাম দখল কৰিছে। আমেৰিকাৰ এক টিভি চেনেলৰ সৈতে বাৰ্তালাপ কৰোতে প্ৰিন্স মহম্মদ বিন ছলমানে কয়, এয়া মোৰ কাৰ্যকালত হৈছে।

অৱশ্যে প্ৰিন্সে কয় যে তেওঁ ইয়াৰ বিষয়ে পূৰ্বে অৱগত নাছিল। অহা সপ্তাহত সম্প্ৰচাৰিত হ’বলগীয়া এক ডকুমেণ্টৰীত মহম্মদে কয় এয়া যিহেতু মোৰ শাসনকালত হৈছে গতিকে মই ইয়াৰ দায়িত্ব গ্ৰহণ কৰিছো। ২০১৮চনৰ ডিচেম্বৰ মাহত এই ডকুমেণ্টৰী ৰেক’ৰ্ড কৰা হৈছিল।

তাৎপৰ্যপূৰ্ণ যে আমেৰিকাৰ লেখকজনক ইষ্টানবুলৰ চৌদি বাণিজ্য দূতাবাসত হত্যা কৰি মৃতদেহ নষ্ট কৰাৰ পিছত শাসক প্ৰিন্স মহম্মদৰ ওপৰত যথেষ্ট আন্তঃৰাষ্ট্ৰীয় হেঁচা আহি পৰিছিল। খাছৌগীৰ মৃতদেহ ক’তো পোৱা নগৈছিল।

ডিচেম্বৰ,২০১৮ত ৰিয়াধত ডকুমেণ্টৰী শ্বুট কৰাৰ সময়ত তেওঁ এই হত্যাকাণ্ডৰ বিষয়ে কিয় নাজানে সোধা হৈছিল। ৰাজকুমাৰ জনে উত্তৰ দিছিল আমাৰ ওচৰত ২০মিলিয়ন লোক আছে, ৩মিলিয়ন চৰকাৰী কৰ্মচাৰী আছে।

তেওঁক সোধা হৈছিল যে এই হত্যাকাণ্ড সংঘটিত কৰিবলৈ এটা টীমে ইষ্টানবুললৈ ৰাজকীয় বিমানতে কেনেকৈ যাব পাৰিলে? তেওঁ কয়ঃমোৰ ওচৰত বিষয়া আছে, চোৱা–চিতা কৰিবলৈ মন্ত্ৰী আছে। তেওঁলোক দায়িত্বৱান। তেওঁলোকে এয়া কৰিবলৈ অধিকাৰ পাই থৈছে।

লক্ষ্যণীয় যে চৌদি আৰৱৰ তৰফৰ পৰা খাছৌগী হত্যাকাণ্ডত প্ৰিন্স জৰিত থকাৰ কথা বাৰে বাৰে অস্বীকাৰ কৰা হৈছিল। পিবিএছ ডকুমেণ্টৰীত প্ৰিন্স মহম্মদে জোৰকৈ কয় যে, তেওঁৰ অজ্ঞাতে হত্যা সংঘটিত হৈছিল।

আমেৰিকাৰ চোৰাংচোৱা সংস্থা চিআইএৰ এক অনানুষ্ঠানিক সূত্ৰত প্ৰকাশ পোৱা মতে এই হত্যাকাণ্ডৰ আদেশ প্ৰিন্স মহম্মদেই দিছিল কিন্তু চৌদি পক্ষৰ তৰফৰ পৰা ৰাজকুমাৰজন জৰিত থকাৰ কথা অস্বীকাৰ কৰা হৈছিল আৰু হত্যাকাণ্ডৰ সৈতে জৰিত দুই ডজন লোক জিম্মাত থকাৰ কথা কোৱা হৈছিল। ইয়াৰে ৫জনৰ কাৰণে মৃত্যুদণ্ডৰ শাস্তি বিচৰা হৈছে।
আৰু চাওক পৰৱৰ্তী বাতৰি