চুটি কাপোৰ পিন্ধিলে বা ৰাজহুৱা স্থান চুমা খালে বৃহৎ পৰিমাণৰ জৰিমনা, ক’ত?

প্ৰশাসনৰ ফালৰ পৰা জাৰি কৰা বিবৃতিত কোৱা হৈছে যে পুৰুষ আৰু মহিলাই ৰাজহুৱা স্থানৰ বাবে এনেকুৱা পোছাক নিৰ্বাচন কৰক যিটো দৃষ্টিকটু নহয়।

News18-Assam
Updated:September 30, 2019, 2:15 PM IST
চুটি কাপোৰ পিন্ধিলে বা ৰাজহুৱা স্থান চুমা খালে বৃহৎ পৰিমাণৰ জৰিমনা, ক’ত?
Photo : flickriver.com, flickr.com
News18-Assam
Updated: September 30, 2019, 2:15 PM IST
চৌদি আৰব প্ৰশাসনে পৰ্যটক আৰু নিজ নাগৰিকসকলৰ বাবে কিছু কঠোৰ নিয়ম ঘোষণা কৰিছে। ৰাজহুৱা স্থানত অভব্য আচৰণ কৰা লোকৰ বিৰুদ্ধে ঘোষণা কৰিছে জৰিমনা। তদুপৰি টান কাপোৰ (Tight Clothes) পিন্ধিলেও ভৰিব লাগিব জৰিমনা। বিদেশী পৰ্যটকক ভিজা দিয়াৰ ঘোষণাৰ এদিন পিছতে এই ঘোষণা কৰিছে প্ৰশাসনে। ইছলামিক দেশখনে প্ৰথমবাৰৰ বাবে বিদেশী পৰ্যটকৰ বাবে ভিজা প্ৰদানৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে। পেট্ৰ’লিয়াম বজাৰৰ মন্দাৱস্থাৰ পৰা পৰিত্ৰাণ পাবলৈ প্ৰশাসনে এই পদক্ষেপ গ্ৰহণ কৰিছে।

প্ৰশাসনৰ ফালৰ পৰা জাৰি কৰা বিবৃতিত কোৱা হৈছে যে পুৰুষ আৰু মহিলাই ৰাজহুৱা স্থানৰ বাবে এনেকুৱা পোছাক নিৰ্বাচন কৰক যিটো দৃষ্টিকটু নহয়। মহিলাসকলে সাধাৰণ পোছাক নিৰ্বাচন কৰিব পাৰে। যিসকল লোকে চৌদি আৰব ফুৰিবলৈ যায় তেওঁলোককো এই নিয়ম পালন কৰিবলৈ আহ্বান জনোৱা হৈছে। চৌদি আৰবৰ মতে, ৪৯খন দেশৰ নাগৰিকক ই–ভিজাৰ সুবিধা দিয়া হৈছে। ইয়াৰ ভিতৰত আমেৰিকা, ইউৰোপীয় দেশ আৰু অষ্ট্ৰেলিয়া অন্তৰ্ভুক্ত হৈ আছে।

নতুন নিয়ম অনুসৰি মহিলা আৰু পুৰুষে টাইট ফিটিং পোছাক পিন্ধাৰ পৰা আঁতৰত থাকিব লাগিব। ইয়াৰ উপৰি আপত্তিজনক বাৰ্তা বা ভাৱমূৰ্তি প্ৰকাশ পোৱা ধৰণৰ কাপোৰো পিন্ধিব নোৱাৰিব। পৰ্যটন মন্ত্ৰণালয়ে নিজৰ ৱেবছাইটত এই নিয়ম উল্লেখ কৰিছে। মহিলাসকলে নিজৰ কান্ধ আৰু আঁঠু ঢাক খোৱা কাপোৰ পিন্ধিব লাগিব। ইয়াৰ পূৰ্বে বিদেশী মহিলাৰ বাবে এনেধৰণৰ পোছাক বাধ্যতামূলক নাছিল।

NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।
আৰু চাওক পৰৱৰ্তী বাতৰি