সন্ত্ৰাসবাদৰ বিষয়টোত ভাৰতক সহযোগ কৰিব চৌদি আৰবে। দুয়োখন দেশৰ মাজত এই সন্দৰ্ভত স্বাক্ষৰিত হ’ল দ্বিপাক্ষিক চুক্তি। চৌদি আৰবৰ বহুচৰ্চিত বাৰ্ষিক বিত্তীয় সন্মিলনত অংশগ্ৰহণ কৰিবলৈ উপস্থিত হোৱা প্ৰধানমন্ত্ৰী মোদী আৰু চৌদি আৰবৰ শ্বাহ ছলমান বিন আব্দুল আজিজ অল–চৌদে সন্ত্ৰাসবাদৰ সকলো ঘটনাক নিন্দা কৰি দ্বিপাক্ষিক সুৰক্ষাৰ ক্ষেত্ৰত সহযোগিতা কৰাত সহমত পোষণ কৰে। দুয়োজন নেতাই দ্বিপাক্ষিত সম্বন্ধ সুদৃঢ় কৰাৰ বাবে একেলগে কাম কৰাৰ ওপৰত গুৰুত্ব প্ৰদান কৰে।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বাবে শ্বাহ ছলমানে আয়োজন কৰা বৈঠক আৰু ভোজৰ পিছত প্ৰধানমন্ত্ৰীৰ বিত্তীয় সম্বন্ধৰ সচিব টি এছ ত্ৰিমূৰ্তিয়ে কয় যে দুয়োজন নেতাই সন্ত্ৰাসবাদৰ সকলো ঘটনাক নিন্দা কৰি দ্বিপাক্ষিক সহযোগিতাৰ ওপৰত আলোচনা কৰে।
দুয়োজন নেতাৰ মাজত কৃষি, তেল আৰু গেছ, সাগৰীয় সুৰক্ষা উদ্ভাৱনী প্ৰযুক্তি, নৱীকৰণ শক্তি, বাণিজ্য আৰু বিনিয়োগৰ ক্ষেত্ৰত সহযোগিতাৰ ওপৰতো আলোচনা হয়।
NEWS18 অসমত সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube , Facebook আৰু Twitter ত আমাক ফল’ কৰক। অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|