உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • world
    • »
    • Tokyo Olympics: ব্ৰাউনক ধৰাশায়ী কৰি কোৱাৰ্টাৰত ভাৰতীয় বক্সাৰ সতীশ ! কোৱাৰ্টাৰত জয়ী হ'লেই পাব অলিম্পিকৰ মেডেল...

    Tokyo Olympics: ব্ৰাউনক ধৰাশায়ী কৰি কোৱাৰ্টাৰত ভাৰতীয় বক্সাৰ সতীশ ! কোৱাৰ্টাৰত জয়ী হ'লেই পাব অলিম্পিকৰ মেডেল...

    সতীশ কুমাৰে টকিঅ' অলিম্পিকৰ কোৱাৰ্টাৰ ফাইনেলত উপনীত হৈছে। Photo-AP

    সতীশ কুমাৰে টকিঅ' অলিম্পিকৰ কোৱাৰ্টাৰ ফাইনেলত উপনীত হৈছে। Photo-AP

    বক্সাৰ সতীশ কুমাৰে (Satish Kumar) ৯১ কিলোগ্ৰাম শাখাৰ অন্তিম-১৬ ত জামাইকাৰ ৰিকাৰ্ডো ব্ৰাউনক পৰাস্ত কৰিছে। তেওঁ মেচখন ৪-১ ব্যৱধানত জিকিছে।

    • Share this:
    বক্সাৰ সতীশ কুমাৰে (Satish Kumar) ৯১ কিলোগ্ৰাম শাখাৰ অন্তিম-১৬ ত জামাইকাৰ ৰিকাৰ্ডো ব্ৰাউনক পৰাস্ত কৰিছে। তেওঁ মেচখন ৪-১ ব্যৱধানত জিকিছে। সতীশে প্ৰথম ৰাউণ্ডটো ৫-০, দ্বিতীয় আৰু তৃতীয় ৰাউণ্ডত ৪-১ ব্যৱধানত বিজয়ী হয়। এই জয়ৰ সৈতে, সতীশ কুমাৰে টকিঅ' অলিম্পিকৰ (Tokyo Olympics) কোৱাৰ্টাৰ ফাইনেলত উপনীত হৈছে। তেওঁ পদক জিকাৰ পৰা এখোজ আঁতৰত আছে। সতীশ কুমাৰ হৈছে অন্তিম আঠখনত উপনীত হোৱা তৃতীয় ভাৰতীয় বক্সাৰ। মেক মেৰী কম আৰু পূজা ৰাণীয়ে সতীশৰ আগত অন্তিম আঠত উপনীত হৈছে।

    দুবাৰৰ এছিয়ান চেম্পিয়নশ্বিপৰ ব্ৰঞ্জ পদক বিজয়ী সতীশে ব্ৰাউনৰ দুৰ্বল ফুটৱৰ্কৰ পৰা লাভান্বিত হৈছিল। অৱশ্যে, খেলখনত তেওঁৰ কপালত আঘাতৰ সন্মুখীন হৈছিল৷ বৰ্তমানৰ বিশ্ব আৰু এছিয়ান চেম্পিয়ন উজবেকিস্তানৰ বাখোদিৰ জালোভৰ মুখামুখি হ'ব সতীশে৷ জালোভে আজাৰবাইজানৰ মহম্মদ আব্দুল্লায়েভক ৫-০ ত পৰাস্ত কৰে। সতীশে ব্ৰাউনক সোঁ হাতেৰে একেৰাহে ঘোচা মাৰি ভুল কৰিবলৈ বাধ্য কৰিছিল। ব্ৰাউনে তেওঁক এটাও শক্তিশালী পাঞ্চ মাৰিব নোৱাৰিলে।
    Published by:Kokil Sarma
    First published: