অত্যুৎসাহী ছৰফৰাজ, বাংলাদেশৰ বিৰুদ্ধে ৫০০ ৰান কৰিব পাকিস্তানে!

ছচিয়েল মিডিয়াত ট্ৰ’লৰ সন্মুখীন পাকিস্তানৰ অধিনায়ক ছৰফৰাজ আহমেদ।

News18-Assam
Updated:July 5, 2019, 4:39 PM IST
অত্যুৎসাহী ছৰফৰাজ, বাংলাদেশৰ বিৰুদ্ধে ৫০০ ৰান কৰিব পাকিস্তানে!
ছচিয়েল মিডিয়াত ট্ৰ’লৰ সন্মুখীন পাকিস্তানৰ অধিনায়ক ছৰফৰাজ আহমেদ।
News18-Assam
Updated: July 5, 2019, 4:39 PM IST
বিশ্বকাপৰ ছেমি ফাইনেললৈ উন্নীত হ’বলৈ আজি পাকিস্তানে বাংলাদেশৰ সন্মুখত থিয় কৰাৰ লাগিব পৰ্বতসম স্কৰ। লগতে বাংলাদেশক বিশাল ব্যৱধানতো পৰাস্ত কৰিব লাগিব পাকিস্তানে। মেচখনৰ আগমুহূৰ্তত পাকিস্তানৰ অধিনায়কে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত সৰ্বোচ্চ ৰান আজিৰ মেচখনত পাকিস্তানে গঢ়িব বুলি উল্লেখ কৰে! ছৰফৰাজে কয় যে আজি পাকিস্তানে বাংলাদেশৰ সন্মুখত থিয় কৰিব ৫০০ তকৈও অধিক স্কৰ।

বিশ্বকাপত পাকিস্তানে আগবঢ়োৱা দুৰ্বল প্ৰদৰ্শনৰ বাবে এতিয়া দলটোৱে ছেমি ফাইনেল খেলাৰ আশা একেবাৰেই ক্ষীণ।তেনে সময়তে ছৰফৰাজৰ এনে অত্যুৎসাহী মন্তব্যই এতিয়া ছচিয়েল মিডিয়াত বিশেষভাৱে চৰ্চা লাভ কৰিছে। বিভিন্নজনে এতিয়া ট্ৰ’ল কৰিছে পাকিস্তানৰ অধিনায়কজনক।

ইতিমধ্যে ছোৱেইব আখতাৰে তীব্ৰ সমালোচনা কৰিছে পাকিস্তানৰ অধিনায়ক ছৰফৰাজ আহমেদক। ছৰফৰাজক মুৰ্খ, মগজুহীন বুলি অভিহিত কৰিছে আখতাৰে। আজি চলি থকা মেচখনত পাকিস্তানে টচত জিকি প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত লৈ বৰ্তমান ২৩ অভাৰলৈকে এটা উইকেট হেৰুৱাই ১০৮ ৰান সংগ্ৰহ কৰিছে।
আৰু চাওক পৰৱৰ্তী বাতৰি