ভাৰতৰ সৈতে পৰাজয়ৰ পিছত অকলে পাকিস্তানলৈ উভতিবলৈ ভয় ছৰফৰাজৰ, কি ক’লে দলৰ খেলুৱৈসকলক?

News18-Assam
Updated:June 18, 2019, 2:28 PM IST
ভাৰতৰ সৈতে পৰাজয়ৰ পিছত অকলে পাকিস্তানলৈ উভতিবলৈ ভয় ছৰফৰাজৰ, কি ক’লে দলৰ খেলুৱৈসকলক?
দলৰ খেলুৱৈসকলক সকীয়নি দি ছৰফৰাজে কয় যে যদি দলে বিশ্বকাপত শোচনীয় প্ৰদৰ্শন অব্যাহত ৰাখে, তেন্তে মনত ৰখা উচিত যে মই অকলে পাকিস্তানলৈ উভতি নাযাওঁ।

দলৰ খেলুৱৈসকলক সকীয়নি দি ছৰফৰাজে কয় যে যদি দলে বিশ্বকাপত শোচনীয় প্ৰদৰ্শন অব্যাহত ৰাখে, তেন্তে মনত ৰখা উচিত যে মই অকলে পাকিস্তানলৈ উভতি নাযাওঁ।

  • Share this:
বিশ্বকাপত ভাৰতৰ হাতত শোচনীয়ভাৱে পৰাজিত হোৱাৰ পিছত পাকিস্তান দলটো ব্যাপক সমালোচনাৰ সন্মুখীন হৈছে। এফালে যদি দেশখনৰ প্ৰাক্তন ক্ৰিকেটাৰে সমালোচনা কৰিছে, আনফালে আকৌ পাকিস্তানী সমৰ্থকে প্ৰকাশ কৰিছে ক্ষোভ। আটাইতকৈ বেছি সমালোচিত হৈছে অধিনায়ক ছৰফৰাজ আহমেদ।

পাকিস্তানৰ অধিনায়ক ছৰফৰাজে ভাৰতৰ বিৰুদ্ধে খেলত হামিয়াই থকা পৰিলক্ষিত হৈছিল। ছচিয়েল মিডিয়াত ভাইৰেল হৈছিল ছৰফৰাজৰ এই ভিডিঅ’। পাকিস্তানৰ প্ৰাক্তন ক্ৰিকেটাৰ ছোৱেইব আখতাৰে ইমানলৈ কৈ পেলালে যে ছৰফৰাজৰ দৰে আনফিট অধিনায়ক ক’তো দেখা নাই। ছৰফৰাজ মগজু নথকা অধিনায়ক। ভাৰতে পাকিস্তানৰ বিৰুদ্ধে খেলখনত ৮৯ ৰানত জয়লাভ কৰিছিল।

শেহতীয়াকৈ ছৰফৰাজৰ এনে এক মন্তব্য পোহৰলৈ আহিছে, যাৰ পৰা অনুমান কৰিব পাৰি যে ভাৰতৰ বিৰুদ্ধে পৰাজিত হোৱাৰ পিছত তেওঁ পাকিস্তানলৈ উভতিবলৈ ভয় কৰিছে। সতীৰ্থ খেলুৱৈসকলৰ সৈতে বাৰ্তালাপত এই মন্তব্য কৰিছে ছৰফৰাজে। দলৰ খেলুৱৈসকলক সকীয়নি দি ছৰফৰাজে কয় যে যদি দলে বিশ্বকাপত শোচনীয় প্ৰদৰ্শন অব্যাহত ৰাখে, তেন্তে মনত ৰখা উচিত যে মই অকলে পাকিস্তানলৈ উভতি নাযাওঁ। দলৰ সকলোৱে মানুহৰ ক্ষোভৰ সন্মুখীন হ’ব লাগিব।

পাকিস্তানী সংবাদ মাধ্যম thenews.com.pkৰ সূত্ৰ অনুসৰি, ছৰফৰাজে ভাৰতৰ সৈতে পৰাজয়ৰ পিছত দলৰ খেলুৱৈসকলৰ সৈতে আলোচনাত মিলিত হৈ কৈছিল – হয় প্ৰদৰ্শন উন্নত কৰক নহ’লে মানুহৰ ক্ষোভৰ সন্মুখীন হ’বলৈ সাজু থাকক। এই প্ৰদৰ্শনৰ বাবে সকলোৱে দায়িত্ব মূৰ পাতি ল’ব লাগিব।
আৰু চাওক
পৰৱৰ্তী বাতৰি