পাকিস্তানৰ অধিনায়ক ‘শকত গাহৰি’! সহিব নোৱাৰি ছৰফৰাজ পত্নীৰ হিয়া ভঙা কান্দোন

News18-Assam
Updated:June 26, 2019, 6:42 PM IST
পাকিস্তানৰ অধিনায়ক ‘শকত গাহৰি’! সহিব নোৱাৰি ছৰফৰাজ পত্নীৰ হিয়া ভঙা কান্দোন
বিশ্বকাপত ভাৰতৰ বিৰুদ্ধে পাকিস্তান পৰাস্ত হোৱাৰ পিছত, পাকিস্তানৰ প্ৰতিজন খেলুৱৈক ককৰ্থনা কৰিলে বিভিন্নজনে।

বিশ্বকাপত ভাৰতৰ বিৰুদ্ধে পাকিস্তান পৰাস্ত হোৱাৰ পিছত, পাকিস্তানৰ প্ৰতিজন খেলুৱৈক ককৰ্থনা কৰিলে বিভিন্নজনে।

  • Share this:
পাকিস্তান ক্ৰিকেট দলৰ অধিনায়ক ছৰফৰাজ আহমেদে ,দলৰ খেলুৱৈসকলক অভব্য আচৰণ নকৰিবলৈ পাকিস্তানৰ ক্ৰিকেট অনুৰাগী সকলক অনুৰোধ জনাইছে। শ্বৰফৰাজক এগৰাকী পাকিস্তানী যুৱকে ‘শকত গাহৰী’ বুলি অভিহিত কৰাৰ পিছত এনেদৰে নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰে খেলুৱৈগৰাকীয়ে। উল্লেখযোগ্য যে  ইংলেণ্ডত নিজৰ পৰিয়ালকৰ সৈতে ফুৰিবলৈ গৈ থকা অৱস্থাত এগৰাকী পাকিস্তানী ক্ৰিকেট অনুৰাগীয়ে ছৰফৰাজক উদ্দেশ্যি এনেধৰণৰ অপশব্দ প্ৰয়োগ কৰে। এই ঘটনাৰ ভিডিঅ’ ছচিয়েল মিডিয়াত ইতিমধ্যে ভাইৰেল হৈ পৰিছে। যিসময়ত যুৱকজনে শ্বৰফৰাজক উদ্দেশ্যি ‘শকত গাহৰি’ বুলি মন্তব্য কৰাৰ সময়ত শ্বৰফৰাজৰ লগত আছিল তেওঁৰ পুত্ৰ। খেলুৱৈজনক উদ্দেশ্যি এনেধৰণৰ মন্তব্য কৰাৰ পিছতো শ্বৰফৰাজে ধৈয্য ধৰি যুৱকজনক উদ্দেশ্যি টু শব্দও নকৰিলে।



পিছত ঘটনা সন্দৰ্ভত শ্বৰফৰাজে কয় যে–‘মই এই বিষয়ে একো নকঁও, মানুহে আমাৰ পিষয়ে কি কয় সেইয়া আমাৰ নিয়ন্ত্ৰণত নাই। খেলত জয় পৰাজয় থাকেই, খেলত পৰাজয় কৰা আমিয়েই প্ৰথম দল নহয়। আমাক সমালোচনা কৰক কিন্তু অপশব্দ ব্যৱহাৰ নকৰিব’

 




ভিডিঅ’ দেখি কান্দোনত ভাগি পৰিল শ্বৰফৰাজৰ পত্নী

শ্বৰফৰাজে কয় যে যেতিয়া এই ভিডিঅ’তো পত্নীয়ে দেখে তেতিয়া হোটেলৰ ৰূমতে কান্দোনত ভাগি পৰে। লগতে তেওঁ কয় যে নিজৰ পুত্ৰ লগত থকা কাৰণে যুৱকজনক একো উত্তৰ নিদিলে শ্বৰফৰাজে।

আৰু চাওক
পৰৱৰ্তী বাতৰি
corona virus btn
corona virus btn
Loading