নগ্ন ৰূপত দেখা গ’ল ইংলেণ্ডৰ এইগৰাকী মহিলা ক্ৰিকেটাৰক, কিয়?

News18-Assam
Updated:August 14, 2019, 1:44 PM IST
নগ্ন ৰূপত দেখা গ’ল ইংলেণ্ডৰ এইগৰাকী মহিলা ক্ৰিকেটাৰক, কিয়?
ছাৰা টেইলৰে বৰ্তমান বিশ্বজুৰি চলি থকা মহিলাৰ স্বাস্থ্য সম্বন্ধীয় সমস্যাৰে জড়িত এক অভিযানৰ অংশীদাৰ হৈছে।

ছাৰা টেইলৰে বৰ্তমান বিশ্বজুৰি চলি থকা মহিলাৰ স্বাস্থ্য সম্বন্ধীয় সমস্যাৰে জড়িত এক অভিযানৰ অংশীদাৰ হৈছে।

  • Share this:
ইংলেণ্ডৰ মহিলা ক্ৰিকেট দলৰ উইকেটকীপাৰ বেট্ছমেন ছাৰা টেইলৰ নিশ্চয় আপুনি চিনি পায়। খেলপথাৰত কেইবাটাও অভিলেখ সৃষ্টি কৰিছে এইগৰাকী মহিলা ক্ৰিকেটাৰে। উইকেটৰ পিছত এইগৰাকী খেলুৱৈৰ উপস্থিতিয়ে শংকিত কৰে বিপক্ষৰ বেট্ছমেনক। কিন্তু এইবাৰ খেলপথাৰৰ অভিলেখৰ বাবে নহয়, আন এক কাৰণতহে চৰ্চালৈ আহিছে এইগৰাকী সুন্দৰী ক্ৰিকেটাৰ।

মহিলাৰ স্বাস্থ্য সম্বন্ধীয় এক অভিযানৰ অংশ হোৱাৰ বাবে নগ্ন ৰূপত দেখা গ’ল ক্ৰিকেটাৰগৰাকীক। আচলতে, ছাৰা টেইলৰে বৰ্তমান বিশ্বজুৰি চলি থকা মহিলাৰ স্বাস্থ্য সম্বন্ধীয় সমস্যাৰে জড়িত এক অভিযানৰ অংশীদাৰ হৈছে। শেহতীয়াকৈ ইনষ্টাগ্ৰামত ইয়াৰ ফটো শ্বেয়াৰ কৰি ক্ৰিকেটাৰগৰাকীয়ে লিখিছিল যে এই কামৰ বাবে সুবিধাজনক অনুভৱ কৰা নাছিল, কিন্তু এই অভিযানৰ সৈতে জড়িত হৈ গৌৰৱ অনুভৱ কৰিছে।

 




 





Instagram-এ এই পোস্টটি দেখুন




 

Anyone that knows me will know


that this is a little out of my comfort zone, but I'm so proud of myself and grateful to @womenshealthuk for inviting me to be a part

of this issue. - I've always had issues with my body and I had to get over a few in order to do this and it was completely

empowering. Every other girl looks stunning ! - Please remember EVERY woman is BEAUTIFUL. - Thank you to everyone involved! -

Creative Director @adamgerrard_whuk Photography @ianharrisonphoto Picture Director @frankie_hill_ H & M @emj.makeupartist

#womenshealth #womenshealthuk #nakedissue #womenshealthmag #womenscricket

-এ


Sarah Taylor (@sjtaylor30) -এর দ্বারা একটি পোস্ট শেয়ার করা হয়েছে




এই অভিযানৰ অংশ হোৱাৰ বাবে ক্ৰিকেটাৰগৰাকীয়ে কয় যে সকলো ছোৱালীয়ে নিজৰ শৰীৰটোক লৈ গৌৰৱ কৰা উচিত। ছাৰাই ইনষ্টাগ্ৰামত নিজৰ পোষ্টত লিখিছে যে যিসকল লোকে মোক জানে, তেওঁলোকৰ অৱগত যে এয়া মোৰ কমফ’ৰ্ট জ’নৰ বাহিৰত, কিন্তু মই womenshealthukৰ এই অভিযানৰ অংশ হৈ গৌৰৱ অনুভৱ কৰিছো। মোৰো নিজৰ শৰীৰৰ কিছু সমস্যা আছে আৰু এই অভিযানৰ অংশ হোৱাৰ বাবে তাৰ কিছু সমস্যাৰ পৰা মুক্ত হ’ব পাৰিছো। সকলো ছোৱালীয়ে সুন্দৰ। মনত ৰাখিব, প্ৰতিগৰাকী মহিলাই ধুনীয়া।
আৰু চাওক পৰৱৰ্তী বাতৰি