ভাৰত–পাকিস্তানৰ খেলৰ বিজ্ঞাপনক লৈ অসন্তুষ্ট ছানিয়া মিৰ্জা, কি ক’লে ছচিয়েল মিডিয়াত?

News18-Assam
Updated:June 12, 2019, 5:10 PM IST
ভাৰত–পাকিস্তানৰ খেলৰ বিজ্ঞাপনক লৈ অসন্তুষ্ট ছানিয়া মিৰ্জা, কি ক’লে ছচিয়েল মিডিয়াত?
উল্লেখযোগ্য যে পাকিস্তানৰ চেনেল জৈছ টিভিয়ে মেচখনক লৈ উইং কমাণ্ডাৰ অভিনন্দন বৰ্ধমানৰ চৰিত্ৰ ব্যৱহাৰ কৰিছে।

উল্লেখযোগ্য যে পাকিস্তানৰ চেনেল জৈছ টিভিয়ে মেচখনক লৈ উইং কমাণ্ডাৰ অভিনন্দন বৰ্ধমানৰ চৰিত্ৰ ব্যৱহাৰ কৰিছে।

  • Share this:
চলিত বিশ্বকাপত ভাৰত–পাকিস্তানৰ খেলক লৈ এতিয়া সৰ্বত্ৰ চৰ্চা। খেলখনৰ প্ৰমোচনৰ বাবে দুয়োখন দেশৰ সংবাদ মাধ্যমত চলিছে কেইবাটাও বিজ্ঞাপন। এই ধৰণৰ বিজ্ঞাপনক লৈ সন্তুষ্ট নহয় টেনিছ তাৰকা ছানিয়া মিৰ্জা। ছচিয়েল মিডিয়াত ছানিয়াই প্ৰকাশ কৰিলে নিজৰ ক্ষোভ। উল্লেখযোগ্য যে ১৬ জুনত ৰণত নামিব ভাৰত আৰু চিৰবৈৰী পাকিস্তান। এই খেলখন বিশ্বকাপৰ আটাইতকৈ গুৰুত্বপূৰ্ণ খেল হিচাপেও পৰিগণিত হৈছে।

উল্লেখযোগ্য যে পাকিস্তানৰ চেনেল জৈছ টিভিয়ে মেচখনক লৈ উইং কমাণ্ডাৰ অভিনন্দন বৰ্ধমানৰ চৰিত্ৰ ব্যৱহাৰ কৰিছে। ভাৰত আৰু পাকিস্তানৰ মাজত উত্তেজনা উত্তেজনা অব্যাহত থকাৰ সময়তে পাকিস্তানী সেনাই গ্ৰেপ্তাৰ কৰিছিল অভিনন্দনক। ৬০ ঘণ্টাৰ পিছতে স–সন্মানে ভাৰতৰ হাতত গতাই দিয়া হৈছিল অভিনন্দনক। পাকিস্তানী টিভিৰ বিজ্ঞাপনটোত দেখা গৈছে যে এজন লোকে অভিনন্দনৰ ৰূপত চাহ খাই আছে। ভিডিঅ’টোত তেওঁৰ পৰা চাহৰ কাপটো কাঢ়ি নিয়া দেখা গৈছে। এই বিজ্ঞাপনটোক লৈ ভাৰতীয় প্ৰশংসকসকলে আপত্তি দৰ্শাইছে।

ছানিয়াই টুইটাৰত লিখিছে –




ইয়াৰ পূৰ্বে ষ্টাৰ স্প’ৰ্টছত এটা বিজ্ঞাপন সম্প্ৰচাৰ কৰা হৈছিল যিটোক লৈ চলিছিল ব্যাপক চৰ্চা। ‘মৌকা মৌকা’ শীৰ্ষক বিজ্ঞাপনটোত ভাৰতৰ সমৰ্থকে পাকিস্তানী সমৰ্থকক তিৰষ্কাৰ কৰা দেখা গৈছিল।
আৰু চাওক
পৰৱৰ্তী বাতৰি