শ্ৰীলংকা (Sri Lanka)ৰ বিৰুদ্ধে দ্বিতীয়খন এদিনীয়াত উজলি উঠিছে ইংলেণ্ড (England)ৰ বেগী বলাৰ ছেম কুৰান (Sam Curran)। অ'ভেলত জীৱনৰ প্ৰথমটো ৫ উইকেট দখল কৰিলে প্ৰতিভাসম্পন্ন বেগী বলাৰজনে। কুৰানে শ্ৰীলংকাৰ বেটছমেন পাথুম নিশাংক, কুশল পেৰেৰা, অভিস্কা ফাৰ্ণাণ্ডো, ৱানিন্দু হাসৰংগা আৰু চমিকা কৰুণাৰত্নেৰ উইকেট দখল কৰে।
১০ অ'ভাৰত এটা মেইডেন আৰু ৪৮ ৰাণ দি এছ কুৰানে দখল কৰে ৫টা উইকেট। উল্লেখ্য যে ৯টা বলত ৩টা উইকেট দখল কৰে ছেম কুৰানে। ২০১৮ চনৰ জুনত ইংলেণ্ডৰ হৈ এদিনীয়া ক্ৰিকেটত অভিষেক ঘটা ছেম কুৰানে ১২টা উইকেট দখল কৰিছিল। আনহাতে টেষ্টত তেওঁ ৪৪টা উইকেট দখল কৰিছে।
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|