• Home
  • »
  • News
  • »
  • world
  • »
  • Salman Rushdie : ছলমান ৰুশ্দীক আক্ৰমণ কৰা ২৪ বৰ্ষীয় যুৱক হাদি মাটাৰে প্ৰদান নকৰিলে স্বীকাৰোক্তি; জেললৈ প্ৰেৰণ

Salman Rushdie : ছলমান ৰুশ্দীক আক্ৰমণ কৰা ২৪ বৰ্ষীয় যুৱক হাদি মাটাৰে প্ৰদান নকৰিলে স্বীকাৰোক্তি; জেললৈ প্ৰেৰণ

ছলমান ৰুশ্দী নামৰ এজন বিখ্যাত লেখকক হত্যাৰ অপচেষ্টা এগৰাকী যুৱকৰ। জানিব পৰা মতে, আক্ৰমণৰ অভিযোগত অভিযুক্ত নিউ জাৰ্চিৰ নিৱাসী ২৪ বৰ্ষীয় হাদি মাটাৰক আৰক্ষীয়ে আটক কৰে।

ছলমান ৰুশ্দী নামৰ এজন বিখ্যাত লেখকক হত্যাৰ অপচেষ্টা এগৰাকী যুৱকৰ। জানিব পৰা মতে, আক্ৰমণৰ অভিযোগত অভিযুক্ত নিউ জাৰ্চিৰ নিৱাসী ২৪ বৰ্ষীয় হাদি মাটাৰক আৰক্ষীয়ে আটক কৰে।

ছলমান ৰুশ্দী নামৰ এজন বিখ্যাত লেখকক হত্যাৰ অপচেষ্টা এগৰাকী যুৱকৰ। জানিব পৰা মতে, আক্ৰমণৰ অভিযোগত অভিযুক্ত নিউ জাৰ্চিৰ নিৱাসী ২৪ বৰ্ষীয় হাদি মাটাৰক আৰক্ষীয়ে আটক কৰে।

  • Share this:
শুক্ৰবাৰে এজন যুৱকে বুকাৰ বঁটা বিজয়ী বিশ্ববিখ্যাত লেখক ছলমান ৰুশ্দীক পশ্চিম নিউয়ৰ্কত অনুষ্ঠিত এক অনুষ্ঠানত ছুৰিকাঘাতেৰে হত্যাৰ অপচেষ্টাৰ চাঞ্চল্য বৰ্তমানেও অব্যাহত আছে। জানিব পৰা মতে, আক্ৰমণৰ অভিযোগত অভিযুক্ত নিউ জাৰ্চিৰ নিৱাসী ২৪ বৰ্ষীয় হাদি মাটাৰক আৰক্ষীয়ে ইতিমধ্যে আটক কৰিছে। ভাৰতৰ এটা আগশাৰীৰ সংবাদ সংস্থা ‘প্ৰেছ ট্ৰাষ্ট অফ ইণ্ডিয়া’ক নিউয়ৰ্ক ষ্টেট আৰক্ষী বিষয়াসকলে জনোৱা তথ্য অনুসৰি, হাদি মাটাৰে বৰ্তমানলৈ কোনো ধৰণৰ অপৰাধৰ স্বীকাৰোক্তি দিয়া নাই। নিউয়ৰ্ক আৰক্ষীয়ে লগতে কয় যে, শুক্ৰবাৰে অপৰাধ অনুসন্ধান ব্যুৰ'এ হাদি মাটাৰক হত্যাৰ প্ৰয়াস তথা আক্ৰমণৰ চেষ্টাৰ অপৰাধত আটক কৰে। পৰৱৰ্তীকালত আৰক্ষীয়ে মাটাৰক কাৰ্য্যালয়লৈ নিয়ে আৰু তাৰ পাছত চৌটাউক্বা কাউন্টী জেললৈ প্ৰেৰণ কৰে।

বিশ্ব স্বাস্থ্য সংস্থা (ডব্লিউ এইছ অ)ৰ সঞ্চালক প্ৰধান টেড্ৰোছ এডনম ঘেব্ৰেয়েচাছে লেখক ছলমান ৰুশ্দীৰ ওপৰত হোৱা আক্ৰমণক এক কাপুৰুষীয় আৰু ঘৃণনীয় কাৰ্য বুলি অভিহিত কৰিছে আৰু তেওঁ ইয়াৰ দ্বাৰা হতবাক আৰু গভীৰভাৱে দুখিত বুলি প্ৰকাশ কৰিছে। এই সন্দৰ্ভত ঘেব্ৰেয়েচাছে টুইট কৰি কয়, "মোৰ প্ৰাৰ্থনা তেওঁৰ আৰু তেওঁৰ প্ৰিয়জনৰ সৈতে আছে।"

ছলমান ৰুছদীয়ে বুকাৰ বঁটা লাভ কৰি বিশ্বৰ অন্যতম মহান লেখকৰ তালিকাত অন্তৰ্ভুক্ত হৈছিল। উল্লেখযোগ্য যে, তেওঁৰ লিখা এখন কিতাপৰ বাবে ইৰাণৰ সৰ্বোচ্চ নেতাই ঘোষণা কৰা ফতোৱাৰ বাবে ৰুছদীয়ে মৃত্যুৰ ভয়ত বছৰ বছৰ ধৰি লুকাই থাকিবলৈ বাধ্য হৈছিল। আহমেদ ছলমান ৰুছদীৰ জন্ম ১৯৪৭ চনৰ ১৯ জুনত মুম্বাইৰ এটা কাশ্মীৰী মুছলমান পৰিয়ালত হৈছিল। এই বছৰত, ভাৰতে ব্ৰিটিছ শাসনৰ পৰা স্বাধীনতা লাভ কৰিছিল। ৰুছদী কেমব্ৰিজ বিশ্ববিদ্যালয়ৰ অধিবক্তা আনিস আহমেদ ৰুছদী আৰু শিক্ষয়িত্ৰী নেগিন ভট্টৰ পুত্ৰ। মুম্বাইত জন্মগ্ৰহণ কৰা ৭৫ বৰ্ষীয় ৰুছদীক তেওঁৰ জীৱন আৰু লিখনিৰ সংজ্ঞা দিয়া অনন্য বৈশিষ্ট্যৰ বাবে প্ৰশংসা কৰা হয়, যাৰ ফলত তেখেতৰ বহু সমালোচকো আছে। মন কৰিবলগীয়া কথা যে, ইৰানৰ তদানীন্তন সৰ্বোচ্চ ধৰ্মীয় নেতা আয়াতুল্লাহ ৰুহোল্লাহ খামেনিয়ে ৰুছদীক তেওঁৰ ‘দ্য ছেটানিক ভাৰ্চেছ’ নামৰ কিতাপখন লিখাৰ বাবে তেখেতক হত্যা কৰিবলৈ ফতোৱা জাৰি কৰিছিল। ইয়াৰ উপৰিও, ইৰানে ৰুছদীক হত্যা কৰা যিকোনো লোকৰ বাবে ৩০ লাখ ডলাৰতকৈ অধিক মূল্যৰ পুৰস্কাৰো ঘোষণা কৰিছিল।

উক্ত ফতোৱা জাৰি কৰাৰ প্ৰায় ৩৩ বছৰ পাছত, শুক্ৰবাৰে আমেৰিকাৰ নিউৱৰ্ক চহৰৰ চাউটাউকুয়া প্ৰতিষ্ঠানত অয়োজিত এক অনুষ্ঠান চলি থকা সময়তে ইংৰাজী ভাষাৰ লেখক ছলমান ৰুছদীৰ ওপৰত এক আক্ৰমণ সংঘটিত হয়। জানিব পৰা মতে, উক্ত অনুষ্ঠানত নিজৰ ভাষণ আৰম্ভ কৰিব লওতেই এজন যুৱকে মঞ্চত উঠি ৰুছদীক প্ৰথমতে হাতেৰে আৰু পাছত চোকা অস্ত্ৰৰে আক্ৰমণ কৰে। বৰ্তমান ৰুছদীৰ সংকটজনক অৱস্থা কাৰণ এই আক্ৰমণত তেওঁৰ যকৃত ক্ষতিগ্ৰস্ত হৈছে আৰু তেখেত ভেণ্টিলেটৰত নিজৰ জীৱনক লৈ যুজঁ কৰি আছে বুলি জানিব পৰা গৈছে। এই আক্ৰমণে সমগ্ৰ বিশ্বক আচৰিত কৰি তুলিছে। বিশ্বৰ নেতা আৰু সাহিত্যিক নেতাসকলে ৰুছদীৰ ওপৰত হোৱা আক্ৰমণত তেওঁলোক আচৰিত হোৱা বুলি উল্লেখ কৰিছে।

ছলমান ৰুছদীয়ে তেওঁৰ জীৱনকালত 'গ্ৰাইমছ', 'মিডনাইটছ চিল্ড্ৰেন', 'শ্বেম', 'দ্য ছেটানিক ভাৰ্চেছ', 'হাৰুন এণ্ড দ্য চি অফ ষ্ট'ৰীজ', 'দ্য মুয়াৰ্চ লাষ্ট চাই', 'দ্য গ্ৰাউণ্ড বিনিথ হৰ ফুট', 'ফিউৰী', 'শালিমাৰ দ্য ক্লাউন', 'দ্য এন্চেণ্ট্ৰেছ অফ ফ্লৰেন্স', 'লিউকা এণ্ড দ্য ফায়াৰ অফ লাইফ', টু ইয়ৰ্ছ এইট মনথ্স এণ্ড টুয়ৈন্টি এইট নাইট্স', 'দ্য গলডেন হাউচ' আৰু ‘ক্বিচোটে’আদি উপন্যাস ৰচনা কৰিছে। তেখেতে ‘জোচেফ এণ্টন’ শীৰ্ষক এখন স্মৃতিগ্ৰন্থও লিখিছিল। তেওঁ লুকাই থকা কালছোৱাত এই ছদ্মনামো ব্যৱহাৰ কৰিছিল।

ইতিমধ্যে,ৰুছদীৰ বিৰুদ্ধে ফতোয়া জাৰী কৰাৰ পূৰ্বতেই ১৯৮৮ চনত প্ৰকাশিত ‘দ্য চেনিটাৰী ভাৰ্চেছ’ কিতাপখন বহুতো দেশত নিষিদ্ধ কৰা হৈছিল আৰু এই দেশবোৰত তেওঁৰ জন্মস্থান ভাৰতো অন্তৰ্ভুক্ত আছিল। ভাৰতত তেওঁৰ প্ৰৱেশ এক দশকৰো অধিক সময়ৰ বাবে নিষিদ্ধ কৰা হৈছিল যদিও ১১ বছৰ পিছত ১৯৯৯ চনত এই নিষেধাজ্ঞা উঠাই লোৱা হৈছিল। ইয়াৰ উপৰিও বাংলাদেশ আৰু শ্ৰীলংকাইও কিতাপখন নিষিদ্ধ কৰিছিল। বিশেষ যে,বহুতো মুছলমান লোকে বিশ্বাস কৰে যে ৰুছদীয়ে লিখা এই কিতাপখনৰ জৰিয়তে তেওঁ মুছলমানক নিন্দা কৰিছে।

ৰুছদীৰ ওপৰত হোৱা আক্ৰমণক বিশ্বৰ নেতাসকলেও গৰিহণা দিছে, ৰাষ্ট্ৰসংঘৰ মহাসচিব এণ্টনিঅ' গুটেৰেছ, ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰনৰ পৰা আমেৰিকাৰ ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা জেক ছুলিভান আৰু বিদায়ী ব্ৰিটিছ প্ৰধানমন্ত্ৰী বৰিছ জনছনলৈকে সকলোৱে একেমুখে এই ঘটনা কঠোৰ ভাষাৰে নিন্দা কৰিছে।
Published by:Sanjay Kumar Das
First published: