২০২৫ চনৰ ভিতৰত বিক্ৰী বন্ধ হৈ পৰিব পাৰে পেট্ৰ’ল আৰু ডিজেলচালিত গাড়ীৰ!

বিশেষজ্ঞসকলে ধাৰণা কৰা অনুসৰি ২০২১ চনত এনে গাড়ীৰ বিক্ৰীয়ে বজাৰৰ প্ৰায় ৬৫% দখল কৰিব।
বিশেষজ্ঞসকলে ধাৰণা কৰা অনুসৰি ২০২১ চনত এনে গাড়ীৰ বিক্ৰীয়ে বজাৰৰ প্ৰায় ৬৫% দখল কৰিব।
- News18 Assam
- Last Updated: January 10, 2021, 9:00 AM IST
নৰৱে দেশখনে পেট্ৰ’লজাত সামগ্ৰী উৎপাদন কৰাৰ লগতে ইয়াৰ পৰা ৰাজহো সংগ্ৰহ কৰে। কিন্তু নৰৱেৰ ৰাজপথত চলাচল কৰা ইলেক্ট্ৰিক হাইব্ৰীড কাৰে সমগ্ৰ বিশ্বতে অভিলেখ সৃষ্টি কৰিছে। দেশখনত পেট্ৰ’ল বা ডিজেলচালিত গাড়ীৰ বিক্ৰী অচিৰেই বন্ধ কৰিবলৈ আগবাঢ়িছে চৰকাৰ। ইয়াৰ বিপৰীতে সম্পূৰ্ণ ইলেক্ট্ৰিক কাৰসমূহক টেক্স ফ্ৰী কৰি দিয়া হৈছে। কিন্তু ইয়াৰ বিপৰীতে ইলেক্ট্ৰিক কাৰসমূহৰ বাবে ৰ'ড টেক্স বৃদ্ধি কৰাৰ পৰিকল্পনা কৰিছে চৰকাৰে।
আনহাতে ইলেক্ট্ৰিক গাড়ীসমূহৰ মূল্য ইন্ধনচালিত গাড়ীৰ মূল্যতকৈ কম হৈ আছে। ২০১১ চনত নৰৱেৰ গাড়ীৰ বজাৰখনৰ ৭৫.৭% দখল কৰি আছিল ডিজেলচালিত গাড়ীয়ে। বৰ্তমান অ'ডি আৰু টেছলা কোম্পানীয়ে অধিক হাৰত ইলেক্ট্ৰিক গাড়ীৰ ব্যৱসায় কৰি আছে। ২০২১ চনত এই ব্যৱসায় বহু পৰিমাণে বৃদ্ধি পাব বুলি ধাৰণা কৰা হৈছে।
অৱশ্যে এনে গাড়ীবোৰৰ দামী বেটাৰসমূহ আজীৱন নিটিকে যদিও কেইবাবছৰলৈ বেটাৰীবোৰ ভালে থাকে। শেহতীয়া অধ্যয়নত প্ৰকাশ পোৱা মতে ইলেক্ট্ৰিক গাড়ীৰ উৎপাদনত সাধাৰণ গাড়ীৰ তুলনাত অধিক কাৰ্বনৰ নিৰ্গমন ঘটে। ইয়াৰে সৰ্বাধিক কাৰ্বনৰ নিৰ্গমন ঘটে গাড়ীসমূহৰ মূল উপাদান বেটাৰীবোৰৰ উৎপাদন কৰোতে। মুঠৰ ওপৰত অচিৰেই গাড়ীৰ বজাৰখনত বহু নতুনত্ব দেখিবলৈ পোৱা যাব।