২০৩০লৈ বিশ্বজুৰি ১লাখ কোটি বৃক্ষ ৰোপণৰ সংকল্প, WEFৰ বাৰ্ষিক সমাৰোহৰ অংশ হ’ব সদগুৰু

News18 Assam | News18-Assam
Updated:January 20, 2020, 7:27 PM IST
২০৩০লৈ বিশ্বজুৰি ১লাখ কোটি বৃক্ষ ৰোপণৰ সংকল্প, WEFৰ বাৰ্ষিক সমাৰোহৰ অংশ হ’ব সদগুৰু
অংশগ্ৰহণকাৰীক ধ্যান আৰু সচেতনতাৰ উদ্গনি জনাব ভাৰতীয় আধ্যাত্মিক গুৰুজনে।

অংশগ্ৰহণকাৰীক ধ্যান আৰু সচেতনতাৰ উদ্গনি জনাব ভাৰতীয় আধ্যাত্মিক গুৰুজনে।

  • Share this:
ৱৰ্ল্ড ইক’নমিক ফ’ৰামৰ মঞ্চত অংশ লোৱাৰ এটা বছৰৰ পিছত ঈশা ফাউণ্ডেশ্যনৰ প্ৰতিষ্ঠাপক সদগুৰুৱে আকৌ এবাৰ অংশ ল’ব WEFৰ বাৰ্ষিক সমাৱেশত। ডাভ’ছত অনুষ্ঠিত হ’বলগীয়া সমাৱেশৰ অন্যতম মুখ্য বক্তাৰূপে থাকিব সদগুৰু। এইবছৰ ৫০সংখ্যক বৰ্ষপূৰ্তি উপলক্ষে আয়োজন কৰা WEFৰ সমাৱেশ অনুষ্ঠিত হ’ব ২১ৰ পৰা ২৪জানুৱাৰীলৈ। সদগুৰুৱে ইয়াত অংশগ্ৰহণকাৰীৰ মাজত মেডিটেশ্যনৰ চেছনৰ লগতে অৰ্ধেক দিনজোৰা সচেতনতাৰ পাঠ কাৰ্যসূচীতো অংশ ল’ব। ৰাষ্ট্ৰসংঘৰ পৰিৱেশ কাৰ্যসূচী  (UNEP) তথা খাদ্য আৰু কৃষি সংস্থা (FAO)–এ প্ৰধান উদ্যোগ লোৱা ফৰামৰ এক নতুন বিশেষ প্ৰগাম চেম্পিয়নছ ফৰ ৱান ত্ৰিলিয়ন ট্ৰীছ (১লক্ষ কোটি গছৰ চেম্পিয়)ৰো অংশ হ’ব সদগুৰু। অহা ২৩জানুৱাৰীত অনুষ্ঠিত হ’বলগীয়া এই কাৰ্যসূচীৰ লক্ষ্য হৈছে ২০৩০চনলৈ এক লাখ কোটি গছ ৰোপণ। বিশ্বৰ বিভিন্ন প্ৰান্তৰ দিগ্গজ নেতাই এই সমাৱেশত অংশ ল’ব।
আৰু চাওক
পৰৱৰ্তী বাতৰি