ভাৰতীয় ক্ৰিকেটৰ বাবে ধোনীয়ে যিখিনি কৰিলে তাক সকলোৱে সন্মান কৰা উচিত : তেণ্ডুলকাৰ

তেণ্ডুলকাৰে কয় – নিউজীলেণ্ডৰ বিৰুদ্ধে যেতিয়ালৈ ধোনী আউট হোৱা নাছিল তেতিয়ালৈ খেল শেষ হোৱা নাছিল।

news18assam
Updated:July 11, 2019, 10:22 PM IST
ভাৰতীয় ক্ৰিকেটৰ বাবে ধোনীয়ে যিখিনি কৰিলে তাক সকলোৱে সন্মান কৰা উচিত : তেণ্ডুলকাৰ
তেণ্ডুলকাৰে কয় – নিউজীলেণ্ডৰ বিৰুদ্ধে যেতিয়ালৈ ধোনী আউট হোৱা নাছিল তেতিয়ালৈ খেল শেষ হোৱা নাছিল।
news18assam
Updated: July 11, 2019, 10:22 PM IST
টীম ইণ্ডিয়াৰ প্ৰাক্তন অধিনায়ক মহেন্দ্ৰ সিং ধোনীৰ অৱসৰক লৈ বহু কথা ওলাইছে। নিউজীলেণ্ডৰ বিৰুদ্ধে চলিত বিশ্বকাপৰ ছেমি ফাইনেলত পৰাজয়ৰ পিছত এই খবৰ অধিক বৃদ্ধি পাইছে। একাংশই কৈছে যে এই মেচখনেই ধোনীৰ এদিনীয়া ক্ৰিকেটৰ অন্তিমখন মেচ। কোনোৱে কৈছে যে সম্ভৱতঃ শেষবাৰৰ বাবে ধোনীক আউট হৈ ওভতা দেখিছো। বিচিচিআইৰ এগৰাকী বিষয়াই কৈছিল যে বিশ্বকাপত টীম ইণ্ডিয়াৰ অন্তিমখন মেচ ধোনীৰ আন্তৰ্জাতিক ক্ৰিকেটৰ অন্তিম মেচ হ’ব পাৰে।

ইয়াৰ মাজতে মাষ্টাৰ ব্লাষ্টাৰ শচীন তেণ্ডুলকাৰে ধোনীৰ অৱসৰক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। তেণ্ডুলকাৰে কয় যে এই সিদ্ধান্ত ধোনীয়ে নিজেই ল’ব। ধোনীয়ে ভাৰতীয় ক্ৰিকেটৰ বাবে বহু কৰিছে। এনে অৱস্থাত অৱসৰ লোৱাৰ সিদ্ধান্ত কেৱল তেওঁৰহে।



ইণ্ডিয়া টুডেৰ সৈতে বাৰ্তালাপত তেণ্ডুলকাৰে কয় যে এয়া ধোনীৰ নিজৰ সিদ্ধান্ত হ’ব। সকলো লোকে তেওঁক অধিকাৰ দিয়া উচিত আৰু আদৰণি জনোৱা উচিত। ভাৰতীয় ক্ৰিকেটৰ বাবে তেওঁ যিখিনি কৰিছে তাক সকলোৱে সন্মান কৰিব লাগে। ইমানখিনি কৰাৰ পিছত অৱসৰৰ সিদ্ধান্ত তেওঁ নিজে লোৱা উচিত।

তেণ্ডুলকাৰে কয় যে ধোনীৰ দৰে কেৰিয়াৰ কিমান লোকৰ হয়? তেওঁৰ কেৰিয়াৰ স্পেচিয়েল। তেওঁৰ ওপৰত মানুহৰ যি সমৰ্থন আৰু ভৰসা আছে সেয়া অৱদানে প্ৰতিপন্ন কৰে। আজিও মানুহৰ তেওঁৰ ওপৰত বিশ্বাস আছে যে তেওঁ গৈ মেচ জিকাব। নিউজীলেণ্ডৰ বিৰুদ্ধে যেতিয়ালৈ ধোনী আউট হোৱা নাছিল তেতিয়ালৈ খেল শেষ হোৱা নাছিল।
আৰু চাওক পৰৱৰ্তী বাতৰি