বিশ্বৰ প্ৰথম কোৰোণা ভেকচিন ৰাছিয়াত! পুটিন কন্যাই ল’লে প্ৰতিষেধক বেজী

News18 Assam | News18-Assam
Updated:August 11, 2020, 4:12 PM IST
বিশ্বৰ প্ৰথম কোৰোণা ভেকচিন ৰাছিয়াত! পুটিন কন্যাই ল’লে প্ৰতিষেধক বেজী
ইতিহাস সৃষ্টিৰ দুৱাৰডলিত ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিন। কোৰোণা ভেকচিন আৱিষ্কাৰ কৰিলে ৰাছিয়াই!

ইতিহাস সৃষ্টিৰ দুৱাৰডলিত ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিন। কোৰোণা ভেকচিন আৱিষ্কাৰ কৰিলে ৰাছিয়াই!

  • Share this:
মস্কোঃ কোৰোণাৰ ভেকচিন আৱিষ্কাৰত বাজীমাৎ কৰিলে ৰাছিয়াই! মঙলবাৰে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনে জনালে, তেওঁৰ স্বাস্থ্যমন্ত্ৰালয়ে এই ভেকচিনক অনুমোদন দিছে। অনুমোদিত ভেকচিন প্ৰথম ব্যৱহাৰ কৰা হৈছে ৰাছিয়াৰ ৰাষ্ট্ৰপতিৰ কন্যাৰ দেহতেই।

দীৰ্ঘদিনৰ পৰা ভেকচিন আৱিষ্কাৰ কৰাৰ প্ৰস্তুতি চলাইছিল ৰাছিয়াই। এফালে য’ত অক্সফ’ৰ্ডৰ ভেকচিনক লৈ তুমুল উত্তেজনা আনফালে ৰাছিয়াই জনাই দিছে যে তেওঁলোকৰ দেশৰ Gamaleya Research Institute আৰু Russian Defence Ministry যৌথভাৱে এই কোৰোণাৰ ভেকচিন প্ৰস্তুত কৰিছে। ৰাছিয়াৰ স্বাস্থ্য মন্ত্ৰী ওলেগ গ্রিদনেভে জনাইছে, তৃতীয় পৰীক্ষাৰ শেষঢাপ চলিছে। এই ঢাপ সম্পূৰ্ণ হ’লেই ৰাজ্যৰ বজাৰলৈ আহিব ৰাছিয়াৰ কোৰোণা টিকা।



সংবাদ সংস্থা এএফপি সূত্রত প্ৰকাশিত খবৰ মতে পুটিনে ঘোষণা কৰিছে, "আজি পুৱা পৃথিৱীৰ প্রথম কোৰোণা টিকা ৰেজিষ্টাৰ কৰিলে ৰাছিয়াই।" স্বাস্থ্যমন্ত্রী মিখাইল মুৰাস্কোক তেওঁ ভেকচিনবিধৰ কাৰ্যকৰিতা সন্দৰ্ভত পুংখানুপুংখ আপডেট দিবলৈ কৈছে। লগতে তেওঁ আত্মবিশ্বাসী প্ৰতিৰোধ ক্ষমতা গঢ়ি তোলাৰ ক্ষেত্ৰত এই ভেকচিনৰ ক্ষমতা প্ৰশ্নাতীত।  ভেকচিন প্রস্তুতিৰ সৈতে জড়িত সমস্ত কর্মীসকলকো ধন্যবাদ জ্ঞাপন কৰে পুটিনে। পুটিনৰ দৃঢ় বিশ্বাস, অতি শীঘ্ৰেই গণহাৰত এই ভেকচিন উৎপাদন কৰিব পাৰিব ৰাছিয়াই।

ৰাছিয়াৰ প্ৰেচিডেণ্টৰ নিৰ্দেশ অন্ততঃ ৬০ শতাংশ ৰাছিয়াৰ নাগৰিকৰ শৰীৰত এই কোৰোণা টিকা দিয়া হ’ব। ৰাছিয়াৰ পৰিকল্পনা এই বছৰত অন্ততঃ চাৰি কোটি টিকা বজাৰলৈ অনাৰ। বৰ্তমান ৰাছিয়াই ৰিস্ক ৱৰ্কাৰ অৰ্থাৎ স্বাস্থ্য তথা অন্যান্য জৰুৰী সেৱাৰ কৰ্মীসকলৰ এই মাহতে টিকাকৰণৰ লক্ষ্য লৈছে। অক্টোবৰৰ পৰা টিকাকৰণ হ’ব গণহাৰত।

ৰাছিয়াৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ বিবৃতি অনুসৰি প্ৰতিটো পৰীক্ষাতে সাফল্যৰ পৰিচয় দিছে তেওঁলোকৰ ভেকচিনে। ১৮ জুনত মাত্র ৩৮ জন ভলন্টিয়াৰ লৈ পৰীক্ষা আৰম্ভ কৰিছিল ৰাছিয়াই। ইয়াৰ পৰৱৰ্তী ঢাপৰ পৰীক্ষা চলে ১৫-২০ জুলাইত।

ভেকচিনক লৈ সমগ্ৰ বিশ্ব আশাত বন্দী হৈ থকাৰ সময়ত ৰাছিয়াৰ সাফল্যৰ দাবীয়ে স্বাভাৱিকতে আশাৰ ৰেঙণি কঢ়িয়াইছে।
First published: August 11, 2020, 4:12 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading