কোৰোণা ভাইৰাছৰ ভেকচিনৰ সফল পৰীক্ষণৰ দাবী ৰাছিয়াৰ

News18 Assam | News18-Assam
Updated:July 13, 2020, 9:09 AM IST
কোৰোণা ভাইৰাছৰ ভেকচিনৰ সফল পৰীক্ষণৰ দাবী ৰাছিয়াৰ
সাংকেতিক ফটো

ৰাছিয়াৰ ছেকেন’ভ বিশ্ববিদ্যালয়ে কোৰোণা ভাইৰাছৰ ভেকচিনৰ মানৱ দেহত সফল পৰীক্ষণ সম্পূৰ্ণ কৰাৰ দাবী কৰিছে।

  • Share this:
সমগ্ৰ বিশ্বজুৰি এতিয়া কোৰোণা ভাইৰাছে বিভীষিকাৰ ৰূপ ধাৰণ কৰিছে। ভাৰততো প্ৰতিদিনে দ্ৰুতগতিত বৃদ্ধি পাইছে কোভিড–১৯ত আক্ৰান্ত লোকৰ সংখ্যা। ভাৰতসহ বিশ্বৰ বহু দেশে কোৰোণা ভাইৰাছৰ ভেকচিন প্ৰস্তুতৰ বাবে চেষ্টা অব্যাহত ৰাখিছে। ইয়াৰ মাজতে ৰাছিয়াই কোৰোণা ভেকচিনৰ সফল পৰীক্ষণৰ দাবী কৰিছে।

ৰাছিয়াৰ ছেকেন’ভ বিশ্ববিদ্যালয়ে কোৰোণা ভাইৰাছৰ ভেকচিনৰ মানৱ দেহত সফল পৰীক্ষণ সম্পূৰ্ণ কৰাৰ দাবী কৰিছে। বিশ্ববিদ্যালয়খনত এই পৰীক্ষণৰ মুখ্য গৱেষক ইলিনা স্ম’লয়াৰচুকে কয় যে পৰীক্ষণত লাভ কৰা ফলাফল ফলপ্ৰসূ হৈছে।

ছেকেন’ভ বিশ্ববিদ্যালয়ত চেণ্টাৰ ফৰ ক্লিনিকেল ৰিছাৰ্চ অন মেডিকেচনছ (Center for Clinical Research on Medications)ৰ মুৰব্বী ইলিনা স্ম’লয়াৰচুকে কয়, ‘গৱেষণা সম্পূৰ্ণ কৰা হৈছে আৰু প্ৰমাণিত হৈছে যে ভেকচিন সুৰক্ষিত। পৰীক্ষণ কৰা লোকসকলক ১৫ আৰু ২০ জুলাইত যাবলৈ দিয়া হ’ব।’

ভাৰতস্থিত ৰাছিয়াৰ দূতাবাসে এই সম্পৰ্কে টুইট কৰি এই কথা সদৰি কৰিছে আৰু ইয়াক বিশ্বৰ কোভিড–১৯ৰ প্ৰথম ভেকচিন বুলি দাবী কৰিছে। এই ভেকচিন প্ৰয়োগ কৰা সকলক যাবলৈ দিয়াৰ পিছত নিৰীক্ষণত ৰখা হ’ব। উল্লেখযোগ্য যে ১৮ জুনত ১৮জনীয়া এটা দলক এই ভেকচিন দিয়া হৈছিল। ২৩ জুনত দিয়া হৈছিল দ্বিতীয়টো দলক।


ভাৰততো কোৰোণা ভাইৰাছৰ ভেকচিন প্ৰস্তুত কৰা হৈছে আৰু ইয়াৰ পৰীক্ষণ চলি আছে। ভাৰতৰ তিনি মেডিকেল সংস্থাই মিলি এই কাৰ্যত সফলতা লাভ কৰিছে। ইণ্ডিয়ান কাউণ্ডিল অফ মেডিকেল ৰিছাৰ্চ, নেচনেল ইনষ্টিটিউট অৱ ভিৰ’লজী আৰু ভাৰত বায়’টেকৰ যৌথ প্ৰচেষ্টাত কোভেকচিন নামৰ এক ভেকচিন প্ৰস্তুত কৰা হৈছে।
Published by: Sanjay Kumar Das
First published: July 13, 2020, 9:09 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading