ইউক্ৰেইন (Ukraine)ৰ ৰাজধানী কিভ (Kyiv)ত ৰাছিয়ান সেনাৰ আক্ৰমণ (Russian Attack on Ukraine) চলি থকাৰ মাজতে ক্ষন্তেক মুহূৰ্তৰ বাবে বিমল আনন্দ লভিলে এটা পৰিয়ালে। ৰাছিয়াৰ বায়ু সেনাই বোমাৰে বিধ্বস্ত কৰা এটা ঘৰত যেন এপলকৰ বাবে শান্তিৰ বাৰ্তা লৈ আহিল এটি দেৱকন্যাই (Baby Girl Born)। ইউক্ৰেইনৰ বিদেশ মন্ত্ৰালয়ে এই ফটোখন শ্বেয়াৰ কৰি কয়, :সম্ভৱতঃ এইটো প্ৰথম (আমি যিমান দূৰ জানোঁ) যে কিভৰ এটি আশ্ৰয় গৃহত এটি কন্যাৰ জন্ম হৈছে। কাষতে ৰাছিয়াৰ টেংক আৰু জ্বলি থকা অট্টালিকাৰ মাজত অণ্ডাৰগ্ৰাউণ্ডত...আমি তাইক মাতিম 'ফ্ৰীডম' (Freedom) বুলি।"
ফটোখনত দেখা গৈছে শিশুটি শান্ত সমাহিত আৰু নিশ্চিন্তভাৱে আৰামত টোপনি গৈ আছে।
First (to our knowledge) baby was born in one of the shelters in Kyiv. Under the ground, next to the burning buildings and Russian tanks… We shall call her Freedom! 💛💙 Believe in Ukraine, #StandWithUkrainepic.twitter.com/gyV7l2y9K1