• Home
  • »
  • News
  • »
  • world
  • »
  • Viral Video | Russia Ukraine War : বৃদ্ধ দম্পতীৰ গাড়ীত ৰুছ সেনাৰ আক্ৰমণ, মৃত্যুৰ সময়তো এনে প্ৰেম! ভিডিঅ’ দেখি কান্দিছে বিশ্বই

Viral Video | Russia Ukraine War : বৃদ্ধ দম্পতীৰ গাড়ীত ৰুছ সেনাৰ আক্ৰমণ, মৃত্যুৰ সময়তো এনে প্ৰেম! ভিডিঅ’ দেখি কান্দিছে বিশ্বই

ভিডিঅ’টোত দেখা গৈছে, মৃত্যুৰ সময়তে সেই দম্পতীয়ে এজনে আনজনক এৰি যোৱা নাই। সাবটি ধৰিছে ইজনে সিজনক। সেই দৃশ্য দেখি হতবাক বিশ্ব।

ভিডিঅ’টোত দেখা গৈছে, মৃত্যুৰ সময়তে সেই দম্পতীয়ে এজনে আনজনক এৰি যোৱা নাই। সাবটি ধৰিছে ইজনে সিজনক। সেই দৃশ্য দেখি হতবাক বিশ্ব।

ভিডিঅ’টোত দেখা গৈছে, মৃত্যুৰ সময়তে সেই দম্পতীয়ে এজনে আনজনক এৰি যোৱা নাই। সাবটি ধৰিছে ইজনে সিজনক। সেই দৃশ্য দেখি হতবাক বিশ্ব।

  • Share this:
এতিয়াও চলি আছে ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত যুদ্ধ। মাজে সময়ে যুদ্ধবিৰতি ঘোষণা কৰিলেও ইউক্ৰেইনত ধাৰাবাহিক আক্ৰমণ চলাইছে ৰাছিয়াই। ফলত স্বাভাৱিকতে বাঢ়িছে মৃত্যুৰ সংখ্যা। শেহতীয়াকৈ এটা ভিডিঅ’ পোহৰলৈ আহিছে, যিয়ে কন্দুৱাইছে বিশ্ববাসীক। সেই ভিডিঅ’ত দেখা গৈছে, ৰাছিয়াৰ টেংকে গুলীচালনা কৰি এখন সাধাৰণ লোকৰ গাড়ী ধ্বংস কৰিছে। আৰু গাড়ীখনৰ ভিতৰত আছিল এহাল বয়োজ্যেষ্ঠ দম্পতী। প্ৰাণ বচাবলৈ তেওঁলোকে পলাই যাবলৈ চেষ্টা কৰিছিল।

ভিডিঅ’টোত দেখা গৈছে, মৃত্যুৰ সময়তে সেই দম্পতীয়ে এজনে আনজনক এৰি যোৱা নাই। সাবটি ধৰিছে ইজনে সিজনক। সেই দৃশ্য দেখি হতবাক বিশ্ব। মঙলবাৰে কিয়েভৰ ঠিক বাহিৰৰ মাকাৰিভ চহৰত এই ঘটনা সংঘটিত হয়। এই অঞ্চলটো কেইবাদিনো ধৰি ৰাছিয়াৰ লক্ষ্যত আছে। সেয়ে চহৰবাসীয়ে পলায়ন কৰাৰ চেষ্টা কৰিছে।

কোনো ভাবুকি নাছিল, ইউক্ৰেইনৰ সেনা আগুৱাই আহিছিল বুলিও খবৰ নাছিল, তৎসত্ত্বেও সাধাৰণ মানুহৰ গাড়ীলৈ লক্ষ্য কৰি উৰুৱাই দিলে ৰুছ সেনাই। এই আক্ৰমণত ব্যাপকভাৱে ক্ষতিগ্ৰস্ত হয় গাড়ীখন। তাৰ পিছত যেতিয়া গাড়ীখনৰ কাষলৈ যোৱা হয়, তেতিয়া দেখা যায় বৃদ্ধ দম্পতীয়ে এজনে আনজনক সাবটি ধৰি শেষ নিশ্বাস ত্যাগ কৰিছে।
Published by:Sanjay Kumar Das
First published: