• Home
  • »
  • News
  • »
  • world
  • »
  • যুদ্ধবিধ্বস্ত ৰাছিয়াৰ নতুন জনসংখ্যা নীতি, ১০টাকৈ সন্তান জন্ম দিয়া মাতৃক ১৩ লাখৰ পুৰস্কাৰ, 'Mother Heroine'ৰ সন্মান

যুদ্ধবিধ্বস্ত ৰাছিয়াৰ নতুন জনসংখ্যা নীতি, ১০টাকৈ সন্তান জন্ম দিয়া মাতৃক ১৩ লাখৰ পুৰস্কাৰ, 'Mother Heroine'ৰ সন্মান

 ৰাছিয়াত  তীব্র হাৰত জনসংখ্যা হ্ৰাস পাবলৈ আৰম্ভ কৰিছে যিয়ে ব্যাপক পৰিবৰ্তন সাধন কৰিছে ৰাছিয়ান ফেডাৰেচনৰ জনগাঁথনিৰ

ৰাছিয়াত  তীব্র হাৰত জনসংখ্যা হ্ৰাস পাবলৈ আৰম্ভ কৰিছে যিয়ে ব্যাপক পৰিবৰ্তন সাধন কৰিছে ৰাছিয়ান ফেডাৰেচনৰ জনগাঁথনিৰ

ৰাছিয়াত  তীব্র হাৰত জনসংখ্যা হ্ৰাস পাবলৈ আৰম্ভ কৰিছে যিয়ে ব্যাপক পৰিবৰ্তন সাধন কৰিছে ৰাছিয়ান ফেডাৰেচনৰ জনগাঁথনিৰ

  • Share this:
যিসময়ত ভাৰতবৰ্ষ জন বিস্ফোৰণৰ কৱলত পৰিছে সেই সময়তেই কিন্তু ৰাছিয়াত  তীব্র হাৰত জনসংখ্যা হ্ৰাস পাবলৈ আৰম্ভ কৰিছে যিয়ে ব্যাপক পৰিবৰ্তন সাধন কৰিছে ৰাছিয়ান ফেডাৰেচনৰ জনগাঁথনিৰ । হ্ৰাস পোৱা জন্মৰ হাৰ বৃদ্ধি কৰিবলৈ ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনে ঘোষণা কৰিছে এক নতুন জনসংখ্যা নীতি।

এই নীতি অনুসৰি নিজৰ জীৱনকালত ১০ টা সন্তান জন্ম দিলে পুৰস্কৃত কৰা হ’ব মাতৃক।  ভাৰতীয় হিচাপত তেনে মাতৃয়ে এককালীনভাৱে লাভ কৰিব ১৩ লাখ টকা। এই মূল্য তেতিয়া প্ৰদান কৰা হ’ব যেতিয়া ১০ নম্বৰ সন্তানৰ এক বছৰ হ’ব। অৱশ্যে সেই সময়লৈকে বাকী ৯টা সন্তান জীৱিত অৱস্থাত থাকিব লাগিব। কিন্তু কোনোবা যদি সন্ত্ৰাসবাদীৰ আক্ৰমণ নতুবা যুদ্ধ বিগ্ৰহত মৰে তেতিয়া এই নিয়ম প্ৰযোজ্য নহ’ব। লগতে সেই মাতৃক ‘Mother Heroine'ৰ সন্মানো প্ৰদান কৰা হ’ব। মস্কো টাইমছত উল্লেখ কৰা মতে ই ‘Hero of Russia’ৰ সমকক্ষ।

উল্লেখযোগ্য যে, দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত তেতিয়াৰ ছোভিয়েট ৰাছিয়াৰ অজস্ৰ লোকৰ প্ৰাণ যোৱাৰ ফলত পৰিৱৰ্তন হৈছিল জনগাঁথনি। সেই সময়ত জনসংখ্যা বৃদ্ধিৰ কাৰণে যোচেফ ষ্টালিনে এই নীতি গ্ৰহণ কৰিছিল। ১৯৯১ চনত ছোভিয়েট ইউনিয়নৰ বিভাজন হোৱাৰ পিছত এই নীতি প্ৰত্যাহাৰ কৰা হৈছিল। এক তথ্য অনুসৰি, ১৯৪৪ চনৰ পৰা ১৯৯১ চনলৈ ৪ লাখ মহিলাই এই সন্মান লাভ কৰিছিল। জানিব পৰা মতে, ১০ টা সন্তানৰ মাতৃক এইবাৰ এটা মেডেলো দিয়া হ’ব য’ত দেশখনৰ পতাকা খোদিত হৈ থাকিব।

পৰিসংখ্যা অনুসৰি ৰাছিয়াত প্রতি মাহে ৮৬,০০০ জন লোক হ্ৰাস হৈছে। দেশখনে ইউক্ৰেইনক আক্ৰমণ কৰাৰ কাৰণে হাজাৰ হাজাৰ ৰাছিয়াৰ সেনাই মৃত্যুক আঁকোৱালি লৈছে। যাৰ ফলত জনসংখ্যা হ্ৰাস পাইছে বুলি ক’ব বিচাৰে মাৰ্কিন প্ৰতিষ্ঠানসমূহে। Covid-19ত আক্ৰান্ত হৈ দেশখনত ৩ লাখ ৮৩ হাজাৰ লোকৰ মৃত্যু হৈছিল। বৰ্তমান ৰাছিয়াৰ জনসংখ্যা ১৪ কোটি ৪ লাখ। মন কৰিবলগীয়া যে, ৰাষ্ট্ৰপতি পুটিনে বিগত সোমবাৰে এই নীতিত অনুমোদন প্ৰদান কৰিছে ।
Published by:Sanjay Kumar Das
First published: