• Home
  • »
  • News
  • »
  • world
  • »
  • Russia-Ukraine Crisis: ইউক্ৰেইনৰ বিৰুদ্ধে যুদ্ধ ঘোষণা পুটিনৰ, অস্ত্ৰ সম্বৰণ কৰিবলৈ ইউক্ৰেইনক সকীয়নি, আক্ৰমণ আৰম্ভ

Russia-Ukraine Crisis: ইউক্ৰেইনৰ বিৰুদ্ধে যুদ্ধ ঘোষণা পুটিনৰ, অস্ত্ৰ সম্বৰণ কৰিবলৈ ইউক্ৰেইনক সকীয়নি, আক্ৰমণ আৰম্ভ

Russia-Ukraine Crisis: ইউক্ৰেইনৰ ৰাজধানী কিভৰ লগতে কেইবাখনো চহৰত শুনা গৈছে বিস্ফোৰণৰ শব্দ।  

Russia-Ukraine Crisis: ইউক্ৰেইনৰ ৰাজধানী কিভৰ লগতে কেইবাখনো চহৰত শুনা গৈছে বিস্ফোৰণৰ শব্দ।  

Russia-Ukraine Crisis: ইউক্ৰেইনৰ ৰাজধানী কিভৰ লগতে কেইবাখনো চহৰত শুনা গৈছে বিস্ফোৰণৰ শব্দ।  

  • Share this:
অৱশেষত ইউক্ৰেইনৰ বিৰুদ্ধে যুদ্ধ (Russia-Ukraine Crisis) আৰম্ভ কৰিলে ৰাছিয়াই। ইউক্ৰেইনৰ বিৰুদ্ধে সামৰিক অভিযান (Russian Military Operation in Ukraine)ৰ নিৰ্দেশ দিলে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে (Vladimir Putin) । পুটিনৰ নিৰ্দেশৰ পিছতে ইউক্ৰএইনৰ দিশে অগ্ৰসৰ হৈছে ৰাছিয়ান সেনা।

ইউক্ৰেইনৰ ৰাজধানী কিভৰ লগতে কেইবাখনো চহৰত শুনা গৈছে বিস্ফোৰণৰ শব্দ। ৰাষ্ট্ৰপতি পুটিনে কয় যে এতিয়া আৰু যুদ্ধ এৰাই চলা সম্ভৱ নহয়।

ইপিনে ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধান এণ্টনিও গুটাৰেজে পুটিনক ৰাছিয়ান সৈন্য ওভতাই নিবলৈ অনুৰোধ জনাইছে। গুটাৰেজে কয় যে ইউক্ৰেইনত শান্তি বাহালৰ বাবে আৰু এটা পদক্ষেপ লোৱাৰ দৰকাৰ।

পুটিনৰ মন্তব্য এই যে পৰিস্থিতি এতিয়া যি পৰ্যায়ত উপনীত হৈছে এতিয়া যুদ্ধ বিনে গতি নাই। তেওঁ কয় যে ৰাছিয়াই বিশেষ সামৰিক অভিযান আৰম্ভ কৰিছে যাৰ লক্ষ্য হৈছে ইউক্ৰেইনক অস্ত্ৰবিহীন কৰা আৰু সেয়ে ৰাছিয়াই ইউক্ৰেইনৰ সামৰিক বাহিনীক অস্ত্ৰ সমৰ্পণৰ আহ্বান জনাইছে।

এই ঘোষণাৰ লগতে পুটিনে সকলোকে সকীয়াই দিছে এইদৰে, "কোনো বাহিৰা শক্তিয়ে যদি ইয়াত হস্তক্ষেপ কৰে তেন্তে ভয়ংকৰ পৰিণাম ভুগিবলৈ সাজু থাকিব লাগিব, যি পৰিণাম ইতিহাসত পূৰ্বে কোনেও কেতিয়াও ভোগ কৰা নাই। সকলো জৰুৰী সিদ্ধান্ত লৈ লোৱা হৈছে। আশা কৰোঁ মোৰ কথা শকলোৱে শুনিছে।"
Published by:Manjumoni Borah
First published:

শেহতীয়া বাতৰি