দপদপকৈ জ্বলিছে হাস্পতাল, তাৰ মাজতে ৰোগীৰ ‘অ’পেন হাৰ্ট ছাৰ্জাৰী’ কৰিলে চিকিৎসকে

প্ৰতীকী ফটো
ছাঁদৰ পৰা ক্ৰমশ সমগ্ৰ হাস্পতালখনত বিয়পি পৰে জুইৰ লেলিহান শিখা।
- News18 Assam
- Last Updated: April 6, 2021, 6:52 AM IST
শুকুৰবাৰে ৰাছিয়াৰ ব্লাগোভেছচেন্সকৰ এখন হাস্পতালত সংঘটিত হয় অগ্নিকাণ্ড। ছাঁদৰ পৰা ক্ৰমশ সমগ্ৰ হাস্পতালখনত বিয়পি পৰে জুইৰ লেলিহান শিখা। সেই সময়ত অপাৰেচন থিয়েটাৰত চলি আছিল এজন ৰোগীৰ অ’পেন হাৰ্ট ছাৰ্জাৰী। ৮ চিকিৎসকৰ এটা দল আৰু নাৰ্ছে অস্ত্ৰোপচাৰ কৰিছিল! যেতিয়া হাস্পতালখনত জুই লাগিছিল, অপাৰেচন তেতিয়া আধা সমাপ্ত হৈছে। নিজৰ জীৱনকো তুচ্ছজ্ঞান কৰি ৰোগীজনক জীৱনদান দিলে চিকিৎসক–নাৰ্ছৰ দলটোৱে।
এই কামত সহায় কৰিছিল অগ্নিনিৰ্বাপক বাহিনীয়েও। ফেন ব্যৱহাৰ কৰা হয় যাতে অপাৰেচন থিয়েটাৰত ধোঁৱা নোসোমায়। লগতে বিশেষ তাঁৰেৰে অপাৰেচন থিয়েটাৰত বিদ্যুতৰ সংযোগ ঠিকে ৰখা হয়। ২ ঘণ্টাৰ মূৰত অস্ত্ৰোপচাৰ শেষ হোৱাত ৰোগীজনক নিৰাপদ স্থানলৈ নিয়া হয়। ৰাছিয়াৰ স্বাস্থ্য মন্ত্ৰণালয়ে এক বিবৃতিত জনা, অগ্নিকাণ্ডৰ সময়ত মুঠ ১২৮জন ৰোগীক হাস্পতালৰ পৰা আন স্থানলৈ স্থানান্তৰ কৰা হৈছে। ঘটনাত কোনো হতাহত হোৱা নাই।