#OMG, ৬ লিটাৰ ভেচলিন ভৰাই ফুলাইছিল হাত, পিছত অস্ত্ৰোপ্ৰচাৰ কৰাতহে থাকিল জীয়াই

News18-Assam
Updated:November 18, 2019, 5:16 PM IST
#OMG, ৬ লিটাৰ ভেচলিন ভৰাই ফুলাইছিল হাত, পিছত অস্ত্ৰোপ্ৰচাৰ কৰাতহে থাকিল জীয়াই
এগৰাকী ২৩ বছৰীয়া যুৱকৰ আজৱ কাণ্ড। মিক্সড মাৰ্ছেল আৰ্টৰ ফাইটাৰ যুৱকজনে বাইছেপচ অধিক ডাঙৰ কৰিবলৈ গৈ ভৰালে ৬ লিটাৰ ভেচলিন!

এগৰাকী ২৩ বছৰীয়া যুৱকৰ আজৱ কাণ্ড। মিক্সড মাৰ্ছেল আৰ্টৰ ফাইটাৰ যুৱকজনে বাইছেপচ অধিক ডাঙৰ কৰিবলৈ গৈ ভৰালে ৬ লিটাৰ ভেচলিন!

  • Share this:
বডি বনোৱাৰ দুৰ্বাৰ হেপাহ এজন যুৱকৰ! বডি বনাবলৈ কিছুমান যদি জিমলৈ যায়, কিছুমানে ডাঙৰকৈ বডি বনোৱাৰ আশাত বেলেগ ধৰণৰ কৌশলো হাতত লোৱাৰ উদাহৰণ আছে। তাৰ মাজতে এজন যুৱকে ব্যাপক চৰ্চা লাভ কৰিছে  ছচিয়েল মিডিয়াত।

ৰুছ দেশৰ এজন যুৱকে নিজৰ বাইছেপ ডাঙৰ কৰিবলৈ যি পন্থা অৱলম্বন কৰিলে, সেই কথা জানিলে চকু কপালত উঠিব  আপোনাৰ। বাইছেপ ডাঙৰ কৰিবলৈ গৈ মৃত্যু মুখৰ পৰা সৌভাগ্য ক্ৰমেহে বাচিল যুূৱকজন। যুৱকজনে নিজৰ বাইছেপ কাৰ্টুনৰ কেৰেক্টাৰ Popeye ৰ দৰে ফুলাইছিল। কিন্তু পিছত অসুস্থ হৈ পৰে যুৱকজন। পিছত চিকিৎসকে অস্ত্ৰোপ্ৰচাৰ কৰাতহে আচল ৰহস্য পোহৰলৈ আহে।

যুৱকজনে নিজৰ দুয়োখন হাততে ৩ কেজিকৈ ভেচলিন ইনজেকচনৰ সহায়ত সোমোৱাই দিয়ে। ফলত যুৱকজনৰ স্বাস্থ্যত পৰে ইয়াৰ বিৰূপ প্ৰভাৱ। অস্ত্ৰোপ্ৰচাৰ কৰাত কোনো মতে ৰক্ষা পৰিল যুৱকজন।
আৰু চাওক পৰৱৰ্তী বাতৰি