• Home
  • »
  • News
  • »
  • world
  • »
  • Risk of War in Ukraine: স্বঘোষিত নতুন ৰাষ্ট্ৰলৈ গৈ আছে ৰাছিয়ান সেনা, ইউক্ৰেইনে বাধা দিলে যুদ্ধ নিশ্চিত

Risk of War in Ukraine: স্বঘোষিত নতুন ৰাষ্ট্ৰলৈ গৈ আছে ৰাছিয়ান সেনা, ইউক্ৰেইনে বাধা দিলে যুদ্ধ নিশ্চিত

Ukraine crisis: ৰাছিয়াৰ শান্তি অভিযানক ৰাষ্ট্ৰসংঘত ননচেন্স আখ্যা দিয়ে আমেৰিকাই।

Ukraine crisis: ৰাছিয়াৰ শান্তি অভিযানক ৰাষ্ট্ৰসংঘত ননচেন্স আখ্যা দিয়ে আমেৰিকাই।

Ukraine crisis: ৰাছিয়াৰ শান্তি অভিযানক ৰাষ্ট্ৰসংঘত ননচেন্স আখ্যা দিয়ে আমেৰিকাই।

  • Share this:
ইউক্ৰেইন সংকটক লৈ চলি থকা কূটনৈতিক আলোচনাৰ মাজতে ৰাছিয়াই লোৱা পদক্ষেপে যুদ্ধৰ আশংকা বৃদ্ধি কৰিছে। ইউক্ৰেইনৰ বিচ্ছিন্নতাবাদীয়ে দাবী কৰি অহা স্বাধীনতালৈ সমৰ্থন দি ৰাছিয়াই লুহানস্ক পিপলছ ৰিপাব্লিক আৰু ডনেটস্ক পিপলছ ৰিপাব্লিক নাম ঘোষণাৰে পূব ইউক্ৰেইনৰ নতুন ৰাষ্ট্ৰক মান্যতা দিয়ে (Recognising Luhansk and Donetsk as independent)।

ৰাছিয়াই এই কাম কৰে এনে এটা সময়ত যেতিয়া ফ্ৰান্সৰ ৰাষ্ট্ৰপতিয়ে আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেনক পুটিনৰ সৈতে আলোচনাৰ বাবে সৈমান কৰায়। আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেনৰ সন্মতি আদায়ৰ পিছতে ইউক্ৰেইনৰ (Ukraine) এটা অংশক স্বাধীন ঘোষণা কৰে পুটিনে। ৰাছিয়াৰ এই ঘোষণাক অবৈধ বুলি আমেৰিকাকে ধৰি ইউৰোপিয়ান সংঘই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। কিন্তু ৰাছিয়াই কাকোৱে ভ্ৰূক্ষেপ নকৰি নিজৰ স্থিতিত ৰৈ থকা নাই ইয়াক সাকাৰ ৰূপ দিয়াৰ বাবে গৈ আছে।

পৃথক স্বাধীন ৰাষ্ট্ৰ ঘোষণাৰ পিছতে ৰাছিয়াই এতিয়া পূব ইউক্ৰেইনৰ স্বাধীন ৰাষ্ট্ৰখনত শান্তি বৰ্তাই ৰখাৰ বাবে সেনা পঠিয়াইছে (Russia orders troops into eastern Ukraine)। আনহাতে ৰাষ্ট্ৰসংঘত ৰাছিয়াৰ শান্তি অভিযানক ননচেন্স আখ্যা দিয়ে আমেৰিকাই।

গুৰুত্বপূৰ্ণ কথা হ'ল, ৰাছিয়া ঘোষিত স্বাধীন ৰাষ্ট্ৰত শান্তি বৰ্তাই ৰাখিবলৈ যোৱা ৰাছিয়ান সেনাক ইউক্ৰেইন চৰকাৰে বাধা দিবনে? যদি বাধা দিয়ে তেন্তে যুদ্ধ অৱশ্যাম্ভাৱী আৰু যদি নিদিয়ে তেন্তে ৰাছিয়া ঘোষিত পূব ইউক্ৰেইনক পৰোক্ষভাৱে এখন স্বাধীন ৰাষ্ট্ৰৰ স্বীকৃতি দিয়াৰ দৰে হ'ব ইউক্ৰেইনৰ বাবে।

এইক্ষেত্ৰত ইউক্ৰেইনে ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত (UNSC) উল্লেখ কৰিছে যে তেওঁলোকৰ আন্তঃৰাষ্ট্ৰীয় সীমা অপৰিৱৰ্তনীয়। আনহাতে ৰাছিয়াই ঘোষণা কৰি থৈছে যে ৰাছিয়া (Russia) ঘোষিত স্বাধীন ৰাষ্ট্ৰত কোনোধৰণৰ প্ৰতিৰোধ মানি নলয়।

এনে অৱস্থাত যুদ্ধৰ উত্তেজনা আৰু বৃদ্ধি পাইছে। পুটিনৰ শান্তি ৰক্ষা অভিযানৰ বাবে যোৱা সৈন্য যদি আক্ৰমণৰ সন্মুখীন হয়, তেন্তে ৰাছিয়াৰ প্ৰতিক্ৰিয়াই বিশ্বৰ বাবে সৃষ্টি কৰিব পাৰে উদ্বেগজনক সংকট।
Published by:Gautam Barman
First published:

শেহতীয়া বাতৰি