ৰাছিয়াই আন্তৰ্জাতিক মহাকাশ কেন্দ্ৰৰ সৈতে সহযোগিতা সমাপ্ত কৰাৰ কথা ঘোষণা কৰিছে। ৰাছিয়াৰ মহাকাশ সংস্থা ৰছকছমছৰ মুৰব্বী ডিমিত্রি ৰোগোজিনে কয় যে তেওঁৰ দেশে এতিয়া আমেৰিকা যুক্তৰাষ্ট্ৰৰ মহাকাশ সংস্থা নাছা (National Aeronautics and Space Administration) আৰু ইউৰোপীয় মহাকাশ সংস্থাৰ (European Space Agency) সৈতে একেলগে কাম নকৰিব।
ডিমিত্রি ৰোগোজিনে লগতে কয় যে নাছা আৰু ইউৰোপীয় মহাকাশ সংস্থাই ৰছকছমছৰ সৈতে একেলগে কাম কৰি থকা প্ৰকল্পসমূহ সম্পূৰ্ণ কৰাৰ বাবে সময়সীমা শীঘ্ৰেই প্ৰদান কৰা হ'ব। উল্লেখ্য, ৰছকছমছ, নাছা আৰু ইউৰোপীয় মহাকাশ সংস্থাই একেলগে কাম কৰি আছিল আন্তৰ্জাতিক মহাকাশ কেন্দ্ৰত (International Space Station)। ৰাছিয়াৰ ইউক্ৰেইন আক্ৰমণৰ পিছত এই প্ৰকল্পটোৰ পৰৱৰ্তী কাম স্থগিত ৰখা হৈছিল। আন্তৰ্জাতিক মহাকাশ কেন্দ্ৰ আটাইতকৈ গুৰুত্বপূৰ্ণ মহাকাশ অভিযান ৰূপে পৰিগণিত হৈ আছে, কিয়নো বৰ্তমান আইএছএছ বহুতো মহাকাশচাৰীৰ বাসস্থান আৰু ইয়াৰ নিৰাপত্তাৰ বাবে ইয়াৰ কক্ষপথ নিৰন্তৰ গতিশীল হোৱাটো প্ৰয়োজন। কিন্তু ৰাছিয়াৰ অৱদান অবিহনে এই আন্তৰ্জাতিক মহাকাশ কেন্দ্ৰৰ কাম-কাজ কিছু অসুবিধাৰ মাজত পৰিব পাৰে। ইউৰোপীয় মহাকাশ গৱেষণা কেন্দ্র সূত্রে জানিব পৰা মতে, আন্তৰ্জাতিক মহাকাশ কেন্দ্ৰৰ দিকনির্দেশ, যাত্রাপথ আৰু কক্ষপথ নিয়ন্ত্রণ অধিকাংশই ৰাছিয়াৰ দায়িত্বত আছে । গতিকে ষ্টেচনটো কক্ষপথত ধৰি ৰখাত ৰাছিয়াৰ গুৰুত্বপূর্ণ ভূমিকা আছে ।