உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • world
    • »
    • Russia Ukraine Crisis: এফালে যুদ্ধ আৰু সংঘাত আনফালে প্ৰেম আৰু সম্প্ৰীতি, ৰাছিয়াৰ ইউক্ৰেইন আক্ৰমণৰ মাজতে ভাইৰেল এইখন ফটো

    Russia Ukraine Crisis: এফালে যুদ্ধ আৰু সংঘাত আনফালে প্ৰেম আৰু সম্প্ৰীতি, ৰাছিয়াৰ ইউক্ৰেইন আক্ৰমণৰ মাজতে ভাইৰেল এইখন ফটো

    Russia Ukraine Crisis: এই ছবিখন বহুতৰ লগতে কংগ্ৰেছ সাংসদ শশী থাৰুৰেও শ্বেয়াৰ কৰিছে।

    Russia Ukraine Crisis: এই ছবিখন বহুতৰ লগতে কংগ্ৰেছ সাংসদ শশী থাৰুৰেও শ্বেয়াৰ কৰিছে।

    Russia Ukraine Crisis: এই ছবিখন বহুতৰ লগতে কংগ্ৰেছ সাংসদ শশী থাৰুৰেও শ্বেয়াৰ কৰিছে।

    • Share this:
    যুৱকজনে গাত লৈ আছে ইউক্ৰেইনৰ পতাকা (Ukraine Flga) আৰু যুৱতীগৰাকীয়ে গাত লৈ আছে ৰাছিয়াৰ পতাকা (Russian Flag) আৰু দুয়োজনে ইজনে সিজনক সাৱটি ধৰি আছে। ৰাছিয়াৰ ইউক্ৰেইন আক্ৰমণ (Russia Attacks Ukraine)ৰ সময়তে ভাইৰেল হৈছে এইখন ফটো। দুয়োখন দেশৰ মাজত শত্ৰুতাই চৰম সীমাত উপনীত হোৱাৰ সময়তে এই ছবিধনে বিশেষ তাৎপৰ্য বহন কৰিছে।

    এই ছবিখন বহুতৰ লগতে কংগ্ৰেছ সাংসদ শশী থাৰুৰে (Shashi Tharoor)ও শ্বেয়াৰ কৰিছে। শশী থাৰুৰে লিখিছে, "নান্দনিক, ইউক্ৰেইনৰ পতাকা লৈ থকা এজন পুৰুষে সাৱটি ধৰিছে ৰাছিয়াৰ পতাকা লৈ থকা এগৰাকী মহিলাক। আহক আমি কামনা কৰোঁ, যুদ্ধা আৰু সংঘাতৰ ওপৰত শান্তি আৰু সহাৱস্থানৰ বিজয় হওক।"



    থাৰুৰৰ লগতে আন বহু লোকে শুকুৰবাৰৰ পৰাই এই ফটোখন শ্বেয়াৰ কৰি আছে।

    বৃহস্পতিবাৰে ৰাছিয়াই ইউক্ৰেইনৰ বিৰুদ্ধে সামৰিক অভিযান (Russia Military Operation in Ukraine) আৰম্ভ কৰাৰ সময়ৰে পৰা এই ফটোখন চৰ্চালৈ আহিছে যদিও এইখন আচলতে তিনি বছৰ পুৰণি ফটো। The Washington Postৰ মতে এইখন জুলিয়ানা কুঝনেটছোভা (Juliana Kuznetsova)ই তেওঁৰ প্ৰেমিকাক এনেদৰে সাৱটি ধৰাৰ মুহূৰ্তৰ ফটো।
    Published by:Manjumoni Borah
    First published: