• Home
  • »
  • News
  • »
  • world
  • »
  • Russia-Ukraine War: ইউক্ৰেইনক ব্ৰিটেইনে দিব আৰু বহু মিছাইল, যুঁজাৰু বিমান দিয়াৰ প্ৰস্তাৱ খাৰিজ কৰিলে আমেৰিকাই

Russia-Ukraine War: ইউক্ৰেইনক ব্ৰিটেইনে দিব আৰু বহু মিছাইল, যুঁজাৰু বিমান দিয়াৰ প্ৰস্তাৱ খাৰিজ কৰিলে আমেৰিকাই

ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভলোডিমিৰ জেলেনস্কিয়ে (Volodymyr Zelensky) ইউকেৰ হাউচ অফ কমন্সত পোনপটীয়াকৈ ভাষণ দিছিল।

ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভলোডিমিৰ জেলেনস্কিয়ে (Volodymyr Zelensky) ইউকেৰ হাউচ অফ কমন্সত পোনপটীয়াকৈ ভাষণ দিছিল।

ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভলোডিমিৰ জেলেনস্কিয়ে (Volodymyr Zelensky) ইউকেৰ হাউচ অফ কমন্সত পোনপটীয়াকৈ ভাষণ দিছিল।

  • Share this:
ৰাছিয়া-ইউক্ৰেইন যুদ্ধক লৈ বিশ্ব উদ্বিগ্ন হৈ থকাৰ মাজতে পশ্চিমীয়া দেশসমূহে ইতিমধ্যে ইউক্ৰেইনক (Ukraine) শক্তিশালী কৰিবলৈ দুখোজ আগবঢ়া দেখা গৈছে। ব্ৰিটেইনে বুধবাৰে কয় যে তেওঁলোকে ৰাছিয়াৰ (Russia) আক্ৰমণৰ প্ৰতিৰোধ কৰিবলৈ ইউক্ৰেইনক অধিক অস্ত্ৰ, বিশেষকৈ টেংকবিৰোধী মিছাইল প্ৰেৰণ কৰিব। ব্ৰিটেইনৰ প্ৰতিৰক্ষা সচিব বেন ৱালেছে ব্ৰিটিছ সংসদৰ নিম্ন সদন হাউচ অৱ কমন্সক কয় যে ইতিমধ্যে প্ৰেৰণ কৰা ২,০০০ লাইট টেংক মিছাইলৰ উপৰি ব্ৰিটেইনে আৰু ১,৬১৫টা মিছাইল প্ৰেৰণ কৰিব।

ইয়াৰ পূৰ্বে, ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভলোডিমিৰ জেলেনস্কিয়ে (Volodymyr Zelensky) ইউকেৰ হাউচ অফ কমন্সত পোনপটীয়াকৈ ভাষণ দিছিল। তেওঁ ব্ৰিটিছ আইন প্ৰণেতাসকলক ৰাছিয়াক "সন্ত্ৰাসবাদী ৰাষ্ট্ৰ" হিচাপে ঘোষণা কৰিবলৈ আহ্বান জনাইছিল আৰু "ইউক্ৰেইন সুৰক্ষিত থকাটো নিশ্চিত কৰিবলৈ" মস্কোৰ ওপৰত কঠোৰ নিষেধাজ্ঞা ৰখাৰ আহ্বান জনাইছিল।

UKৰ মন্ত্ৰালয়ে কয়- "ইউক্ৰেইনৰ অনুৰোধৰ প্ৰতি সঁহাৰি জনাই চৰকাৰে ষ্টাৰষ্ট্ৰাইক এয়াৰ-ফায়াৰ্ড মিছাইল দান কৰাৰ সিদ্ধান্ত লৈছে। আমি বিশ্বাস কৰোঁ যে এই প্ৰণালীটো প্ৰতিৰক্ষামূলক অস্ত্ৰৰ সংজ্ঞাৰ পৰিসৰৰ ভিতৰত থাকিব, কিন্তু ইউক্ৰেইনৰ সৈন্যসকলক তেওঁলোকৰ আকাশ অধিক ভালদৰে সুৰক্ষিত কৰাত সহায় কৰিব।"
উল্লেখ্য, ছুইডেন আৰু ফিনলেণ্ডকে ধৰি মুঠ ১৪খন দেশে অস্ত্ৰ-শস্ত্ৰ যোগান ধৰিছে।

আনহাতে, আমেৰিকাই (America) পোলেণ্ডৰ ফালৰ পৰা ইউক্ৰেইনক যুঁজাৰু বিমান দিয়াৰ পৰিকল্পনা প্ৰত্যাখ্যান কৰিছে। দেশখনে ইয়াক "অত্যন্ত বিপজ্জনক" বুলি অভিহিত কৰিছে। কিয়নো এই কাৰ্যই ৰাছিয়ান সেনাক আৰু উচটনি দিব পাৰে।  এই কথাই অৱশ্যে ইউক্ৰেইনৰ যুঁজাৰু বিমান পোৱাৰ আশা নিৰ্বাপন কৰে।

আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰতিৰক্ষা সচিব লয়ড অষ্টিনে বুধবাৰে ৰাতিপুৱা পোলেণ্ডৰ প্ৰতিৰক্ষা মন্ত্ৰী মাৰিউজ ব্লাজকজজাকৰ সৈতে কথা পাতি ইউক্ৰেইনক সহায় কৰিবলৈ পোলেণ্ডৰ ইচ্ছাক ধন্যবাদ জনায়। কিন্তু ফোন কলৰ সময়ত অষ্টিনে জোৰ দি কৈছিল, "আমি এইবাৰ ইউক্ৰেইনৰ বায়ু সেনালৈ অতিৰিক্ত যুঁজাৰু বিমান প্ৰেৰণ কৰাটো সমৰ্থন নকৰো।"
Published by:Gautam Barman
First published: