ইউক্ৰেইনৰ ৰাজধানী কিভসহ কেইবাখনো চহৰত পুনৰ মিছাইল আক্ৰমণ ৰাছিয়াৰ। ক্ৰিমিয়া দলঙত ইউক্ৰেইনৰ আক্ৰমণৰ পিছতে ৰাছিয়াই ইউক্ৰেইনৰ চহৰত আক্ৰমণ সংঘটিত কৰে। কিভৰ ওপৰত কমেও চাৰিটা মিছাইল নিক্ষেপ কৰে ৰাছিয়াই।
খবৰ অনুসৰি, কিভত ৫জন নাগৰিকৰ মৃত্যু হোৱাৰ লগতে আহত হৈছে ২৪জন। লিভ, পোলটাৱা, খাৰকিভ, কীভ আদি চহৰত আক্ৰমণ সংঘটিত কৰিছে ৰাছিয়াই। আক্ৰমণত বহুকেইখন গাড়ী ভস্মীভূত হৈ পৰে। এই আক্ৰমণৰ পিছত ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভলদিমিৰ জেলেনস্কীয়ে কয় যে দেশৰ সকলো চহৰত কেইবাটাও আক্ৰমণত কেইবাজনৰো মৃত্যুৰ লগতে আহত হৈছে বহুজন।
ইউক্ৰেইনৰ কমাণ্ডাৰ–ইন–চীফ ভালেৰী জাংলুঞ্জীয়ে কয় যে ইউক্ৰেইনৰ ওপৰত পুৱাৰে পৰা ৭৫টা ৰকেট নিক্ষেপ কৰা হৈছে। ইফালে, ইউক্ৰেইনৰ প্ৰতিৰক্ষা মন্ত্ৰণালয়ে কয় যে আমি যিকোনো পৰিস্থিতিতে আত্মসমৰ্পণ নকৰো। আমি যুঁজিম। ইউক্ৰেইনৰ প্ৰতিৰক্ষা মন্ত্ৰণালয়ে টুইটাৰযোগে কয় যে আমি কেতিয়াও আত্মসমৰ্পণ নকৰো, আমি যুঁজিম। ইউক্ৰেইনৰ প্ৰতিৰক্ষা মন্ত্ৰীয়ে কয় যে শত্ৰুৰ মিছাইলে আমাৰ সাহস কেতিয়াও শেষ কৰিব নোৱাৰে। আমাৰ দৃঢ় সংকল্পক দুৰ্বল কৰিব নোৱাৰে। কেৱল আমাৰ চহৰবোৰ ধ্বংস কৰিব পাৰিব।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|