ৰাছিয়া–ইউক্ৰেইনৰ যুদ্ধৰ মাজতে বুধবাৰে আমেৰিকাৰ ৰাষ্ট্রপতি জো বাইডেনে State of the Union Addressত কয় যেইউক্ৰেইনৰ ওপৰত আক্ৰমণ কৰি ডাঙৰ ভুল কৰিছে ৰাছিয়াই। পুটিনক একচত্ৰী সম্ৰাট আখ্যা দি বাইডেনে কয় যে আমেৰিকাই নাট’ৰ সহযোগীক সহায় কৰি যাব। উল্লেখযোগ্য যে বাইডেনৰ এয়া প্ৰথম State of the Union Address আছিল। বাইডেনে সম্বোধন কৰাৰ সময়ত ইউক্ৰেইনৰ ৰাষ্ট্রদূতো উপস্থিত আছিল।
বাইডেনে কয় যে আমেৰিকাৰ সেনাই ৰাছিয়াৰ সৈতে যুদ্ধ নকৰে, কিন্তু ৰাছিয়াক মইমতালি কৰিবলৈ দিয়া নহ’ব। আমেৰিকাই ৰাছিয়াৰ ওপৰত লগাব আৰ্থিক প্ৰতিবন্ধকতা। বাইডেনে কয় যে আমি ৰাছিয়াৰ মিথ্যাচাৰৰ মোকাবিলা সঁচাৰে কৰিছো।
বাইডেনে কয় যে আমেৰিকাই আৰু সহযোগী দেশে মিলি নাট’ৰ অন্তৰ্গত অঞ্চলৰ প্ৰতিটো ইঞ্চি ৰক্ষা কৰিব। তেওঁ কয় যে ইউক্ৰেইনৰ লোকসকলে সম্পূৰ্ণ সাহসেৰে এই যুদ্ধত যুঁজ দিছে। বাইডেনে কয় যে পুটিন যুদ্ধক্ষেত্ৰত আগুৱাই থাকিলেও আগলৈ ইয়াৰ পৰিণাম ভোগ কৰিব লাগিব।
নিজৰ ভাষণত বাইডেনে কয় যে আমেৰিকাই ইউৰোপিয়ান সংঘৰ সৈতে মিলি কাম কৰি আছে। আমেৰিকাৰ ৰাষ্ট্রপতিগৰাকীয়ে কয়, যেতিয়া এই সময়ৰ ইতিহাস লিখা হ’ব তেতিয়া পুটিনৰ দ্বাৰা ইউক্ৰেইনৰ বিৰুদ্ধে কৰা যুদ্ধৰ বাবে ৰাছিয়াক দুৰ্বল আৰু বিশ্বৰ বাকী দেশক শক্তিশালী বুলি কোৱা হ’ব।
বাইডেনে কয়, ‘পুটিনে যুদ্ধ বন্ধ কৰিবলৈ যি প্ৰয়াস কৰিব লাগিছিল, সেয়া কৰা নাই। পুটিনে ভাবিছে যে পশ্চিমী দেশ আৰু নাট’ৱে উত্তৰ নিদিব। তেওঁ ভাবিছিল যে তেওঁলোকে আমাক ভাগ ভাগ কৰিব পাৰিব। কিন্তু পুটিন ভুল আছিল. আমি সাজু আছো।’
State of the Unionৰ অৰ্থ আমেৰিকান সংসদ। য’ত ৰাষ্ট্রপতিয়ে ইউ এছ কংগ্ৰেছক সম্বোধন কৰে। এয়া বাৰ্ষিক সম্বোধন হয়, যিটো বিত্তীয় বৰ্ষৰ আৰম্ভণিতে হয়। ইয়াত ৰাষ্ট্রপতিয়ে সাম্প্ৰতিক পৰিস্থিতিৰ ওপৰত আলোচনা কৰে। কিন্তু আজি ইয়াত স্থান পায় ইউক্ৰেইনৰ বিষয়ে।
ইয়াৰ পূৰ্বে আমেৰিকাৰ ৰাষ্ট্রপতি জো বাইডেনে ইউক্ৰেইনৰ ৰাষ্ট্রপতি ভলোদিমিৰ জেলেনস্কিৰ সৈতে বাৰ্তালাপ কৰে। জেলেনস্কিয়ে কয় যে ৰাছিয়াক শীঘ্ৰে ৰোধ কৰিব লাগে।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|