• Home
  • »
  • News
  • »
  • world
  • »
  • Russia Ukraine War: ইউক্ৰেইনৰ পৰা ভাৰতীয় লোকৰ উদ্ধাৰ কাৰ্য অব্যাহত, দ্বিতীয়খন বিমানত আহিল ২৫০ গৰাকী

Russia Ukraine War: ইউক্ৰেইনৰ পৰা ভাৰতীয় লোকৰ উদ্ধাৰ কাৰ্য অব্যাহত, দ্বিতীয়খন বিমানত আহিল ২৫০ গৰাকী

Russia Ukraine War: এয়াৰ ইণ্ডিয়াৰ AI 1942 বিমানখনে পুৱতী নিশা প্ৰায় তিনি বজাত নতুন দিল্লীত অৱতৰণ কৰিব।

Russia Ukraine War: এয়াৰ ইণ্ডিয়াৰ AI 1942 বিমানখনে পুৱতী নিশা প্ৰায় তিনি বজাত নতুন দিল্লীত অৱতৰণ কৰিব।

Russia Ukraine War: এয়াৰ ইণ্ডিয়াৰ AI 1942 বিমানখনে পুৱতী নিশা প্ৰায় তিনি বজাত নতুন দিল্লীত অৱতৰণ কৰিব।

  • Share this:
ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত যুদ্ধ (Russia Ukraine War) ক্ৰমে ভয়ংকৰ হৈ পৰাৰ মাজতে ইউক্ৰেইনত আবদ্ধ ভাৰতীয় লোকক (Indian Nationals in Ukraine) উদ্ধাৰৰ বাবে সকলো প্ৰকাৰৰ চেষ্টা অব্যাহত ৰাখিছে কেন্দ্ৰীয় চৰকাৰে। শনিবাৰে ৰোমানিয়া (Romania)ৰ বুখাৰেষ্টৰ পৰা ২৫দ জন যাত্ৰী লৈ ভাৰতলৈ উৰা মাৰে এয়াৰ ইণ্ডিয়াৰ এখন বিমান। এই যাত্ৰীসকলে ইউক্ৰেইনৰ সীমান্তৰে ৰোমানিয়াত প্ৰবেশ কৰিবলৈ সক্ষম হৈছিল।

এয়াৰ ইণ্ডিয়া (Air India)ৰ AI 1942 বিমানখনে পুৱতী নিশা প্ৰায় তিনি বজাত নতুন দিল্লীত অৱতৰণ কৰিব। ইয়াৰ পূৰ্বে আন এখন বিমানত ২১৯ গৰাকী যাত্ৰীক ৰোমানিয়াৰ পৰা স্বদেশলৈ উভতাই অনা হৈছে।

আনহাতে, হাংগেৰীৰ বুদাপেষ্ট (Budapest, Hungary)হৈ ভাৰতীয় শিক্ষাৰ্থীৰ আন এটা গোটক ঘূৰাই অনাৰ ব্যৱস্থা কৰা হৈছে৷ এই ভাৰতীয় শিক্ষাৰ্থীসকলে ইতিমধ্যে ইউক্ৰেইনৰ ফালৰ পৰা হাংগেৰীত প্ৰৱেশ কৰিছে আৰু তাৰ পৰা তেওঁলোকক এয়াৰ ইণ্ডিয়াৰ বিমানেৰে ভাৰতলৈ উভতাই অনাৰ ব্যৱস্থা কৰা হৈছে ৷
Published by:Manjumoni Borah
First published:

শেহতীয়া বাতৰি