• Home
  • »
  • News
  • »
  • world
  • »
  • Russia-Ukraine War: ভয়ংকৰ! ইউক্ৰেইনত আহি পৰিল ৰাছিয়াৰ ৫০০ কেজি ওজনৰ বোমা

Russia-Ukraine War: ভয়ংকৰ! ইউক্ৰেইনত আহি পৰিল ৰাছিয়াৰ ৫০০ কেজি ওজনৰ বোমা

৫০০ কেজি ওজনৰ এই ৰাছিয়ান বোমা পৰিছে উত্তৰ ইউক্ৰেইনৰ চেৰনিহিভত।

৫০০ কেজি ওজনৰ এই ৰাছিয়ান বোমা পৰিছে উত্তৰ ইউক্ৰেইনৰ চেৰনিহিভত।

৫০০ কেজি ওজনৰ এই ৰাছিয়ান বোমা পৰিছে উত্তৰ ইউক্ৰেইনৰ চেৰনিহিভত।

  • Share this:
ইউক্ৰেইনত যুদ্ধ পৰিস্থিতি ক্ৰমাৎ অধিক ভয়ংকৰৰ হৈ পৰিছে। ৰাছিয়াৰ সাময়িক যুদ্ধবিৰতি ঘোষণাত কোনো ভৰসা নাই ইউক্ৰেইনৰ মানুহৰ। ঘৰ–বাৰী এৰি দেশৰ সাধাৰণ মানুহে ক’লৈ যাব সেয়া ভাবি পোৱা নাই। মাত্ৰ ১০–১২ দিনৰ ভিতৰত একপ্ৰকাৰ ধ্বংসস্তুপত পৰিণত হৈছে সমগ্ৰ দেশখন। আগন্তুক দিনত পৰিস্থিতি আৰু বেয়া হ’ব বুলিয়ে ধাৰণা কৰা হৈছে। ইয়াৰ মাজতে সম্প্ৰতি এখন বোমাৰ ফটো ছচিয়েল মিডিয়াত শ্বেয়াৰ কৰিছে ইউক্ৰেইনৰ বিদেশমন্ত্ৰী দিমিত্ৰ কুলেবাই।

৫০০ কেজি ওজনৰ এই ৰাছিয়ান বোমা পৰিছে উত্তৰ ইউক্ৰেইনৰ চেৰনিহিভত। কিন্তু সৌভাগ্যক্ৰমে কোনো কাৰণবশতঃ সেয়া বিস্ফোৰিত নহ’ল। সেই বোমাৰ ফটো এতিয়া ভাইৰেল হৈ পৰিছে।

৫০০ কেজিৰ ইমান বৃহৎ বোমা দেখি আচৰিত সকলো। ইউক্ৰেইনৰ বিদেশ মন্ত্ৰীৰ দাবী, এই বোমাটো হয়তো বিস্ফোৰিত হোৱা নাই। কিন্তু এই ধৰণৰ বহু বোমা ইউক্ৰেইনৰ বিভিন্ন চহৰত বিস্ফোৰিত হৈছে। যাৰ বাবে প্ৰাণ গৈছে নিৰপৰাধী বহু লোকৰ। কুলেবাৰ আহ্বান, ‘ৰাছিয়াৰ বৰ্বৰ আক্ৰমণৰ পৰা আমাক বচাওক। আকাশীপথ বন্ধ কৰিবলৈ সহায় কৰক। যুদ্ধবিমান পঠাওক। কিবা এটা অন্তত কৰা হওক।’
Published by:Sanjay Kumar Das
First published: