ইউক্ৰেইনৰ ওপৰত আক্ৰমণ চলোৱা ৰুছ সেনাৰ মূৰৰ কামোৰণি হৈ পৰা ‘ঘোষ্ট অব কীভ’ নামেৰে পৰিচিত পাইলটৰ মৃত্যু। দাবী কৰা হৈছে যে এই উইক্ৰেইনী পাইলটজনে যুদ্ধত এতিয়ালৈ ৪০খনৰো অধিক ৰুছ বিমান ধ্বংস কৰিছে। ব্ৰিটেইনৰ মিডিয়া প’ৰ্টেল ‘দ্য টাইমছ অব লণ্ডন’–এ তেওঁৰ পৰিচয় প্ৰকাশ কৰাৰ দাবী কৰিছে। প’ৰ্টেলটোৰ মতে, পাইলটজনৰ নাম মেজৰ ষ্টিফেন তাৰাবল্কা আছিল। ২৯ বছৰীয়া এই পাইলটজনে যি পৰাক্ৰম দেখুৱালে, তাৰ বাবে তেওঁক ইউক্ৰেইনৰ সৰ্বোচ্চ সন্মান আৰু হিৰ’ অব ইউক্ৰেইন পদবীৰে মৰণোত্তৰভাৱে সন্মানিত কৰা হৈছে।
ঘোষ্ট অব কীভ নামেৰে চৰ্চিত এই পাইলটজনে যুদ্ধৰ প্ৰথম দিনাই ৰাছিয়াৰ ১০খন যুদ্ধ বিমান ধ্বংস কৰিছিল। ইয়াৰ পিছত বিশ্বজুৰি তেওঁৰ চৰ্চা হ’বলৈ লৈছিল। দ্য টাইমছৰ মতে, মেজৰ ষ্টিফেনে পশ্চিম ইউক্ৰেইনৰ এখন সৰু গাঁও কোৰোলিভকাত জন্মগ্ৰহণ কৰিছিল। সৰুৰে পৰা তেওঁপাইলট হোৱাৰ সপোন দেখিছিল। ডাঙৰ হৈ তেওঁ এই লক্ষ্যত উপনীত হৈছিল।
ৰাঠিয়া–ইউক্ৰেইনৰ যুদ্ধত মেজৰ ষ্টিফেনে মিগ–২৯ যুঁজাৰু বিমান উৰুৱাই শত্ৰুক আঘাত কৰিছিল। যুদ্ধ আৰম্ভ হোৱাৰ পিছতে তেওঁ ৰুছ সেনাৰ ১০খন যুঁজাৰু বিমান ধ্বংস কৰিছিল। ৰাছিয়াৰ দৰে বিশাল সৈন্য বাহিনীক অকলে এজন পাইলটে এইদৰে আঘাত হনা দেখি ইউক্ৰেইনৰ সৈন্যই দুগুণ সাহস পাইছিল আৰু ৰুছ সেনাৰ বিৰুদ্ধে অধিক শক্তিৰে যুঁজ দিছিল। দ্য টাইমছৰ মতে, মেজৰ ষ্টিফেনে ১৩ মাৰ্চত পুনৰ এবাৰ মিগ–২৯ লৈ ৰুছ বিমান ধ্বংস কৰিবলৈ গৈছিল। কিন্তু তেওঁ শত্ৰুৱে ঘেৰি ধৰে। তেওঁৰ বিমানত আক্ৰমণ চলিছিল আৰু যুঁজি যুঁজি শ্বহীদ হৈছিল ষ্টিফেন।
তেওঁৰ পৰিয়ালৰ উদ্ধৃতিৰে দ্য টাইমছে কয় যে মেজৰ ষ্টিফেনক ইউক্ৰেইনৰ সৰ্বোচ্চ সাহসিকতাৰ পুৰস্কাৰ গ’ল্ডেন ষ্টাৰেৰে সন্মানিত কৰা হৈছে। তেওঁক হিৰ’ অব ইউক্ৰেইনৰ উপাধিও প্ৰদান কৰা হৈছে। এতিয়া তেওঁৰ হেলমেট আৰু চশমা লণ্ডনত নিলামৰ বাবে ৰখা হ’ব।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|