ৰাছিয়া-ইউক্ৰেইন সংকটৰ মাজত দেখা গৈছে কিছু আশাৰ ৰেঙনি। ইউক্ৰেইন সীমান্তৰ পৰা ৰাছিয়াই কিছু সৈন্য প্ৰত্যাহাৰ কৰা দেখা গৈছে। মঙলবাৰে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে কৈছিল যে তেওঁ ইউৰোপত যুদ্ধ নিবিচাৰে। মঙলবাৰে জাৰ্মান চেঞ্চেলৰ ওলাফ শ্লটজৰ সৈতে হোৱা বৈঠকৰ পিছত তেওঁ এই মন্তব্য কৰিছিল।
সেই মতে, ৰাছিয়াই মুকলি কৰা এটা ভিডিঅ'ত দেখা গৈছে যে একাংশ সৈনিক তেওঁলোকৰ পূৰ্বৰ স্থানলৈ উভতি গৈছে। ৰাছিয়াৰ মতে, ক্ৰিমিয়াত চলা সামৰিক অনুশীলন শেষ হৈছে, গতিকে সৈনিকসকল নিজৰ নিজৰ কেম্পলৈ উভতি গৈছে (military drills in Moscow-annexed Crimea)।
উল্লেখ্য, ইউক্ৰেইনৰ চাৰিওফালে ৰাছিয়াৰ বৃহৎ পৰিমাণৰ সৈন্য মোতায়েনৰ বাবে ইউৰোপত উত্তেজনা বৃদ্ধি পাইছিল। আমেৰিকা যুক্তৰাষ্ট্ৰকে ধৰি পশ্চিমীয়া দেশসমূহে দাবী কৰি আহিছিল যে ৰাছিয়াই (Russia) ইউক্ৰেইন আক্ৰমণ কৰিব। অৱশ্যে মস্কোৱে আৰম্ভণিৰ পৰাই এই দাবী অস্বীকাৰ কৰি আহিছিল।
তেওঁৰ মতে ইউক্ৰেইনৰ চাৰিওফালে ৰাছিয়াৰ সামৰিক উপস্থিতি মুখ্যতঃ নাটোৰ বাবে। ইউক্ৰেইনে নাটোত যোগদান কৰিবলৈ বহুদূৰ আগবাঢ়িছে। গতিকে মস্কোৱে বিশ্বাস কৰে যে যদি ইউক্ৰেইন নাটোৰ সদস্য হয়, ই ৰাছিয়াৰ বাবে এক গুৰুতৰ ভাবুকি হ'ব।
মঙলবাৰে বৈঠকৰ পিছত এখন সংবাদমেলত পুটিনে দাবী কৰে যে ইউক্ৰেইনৰ নাটোত অন্তৰ্ভুক্তিৰ বিষয়টো সমাধান কৰিব লাগে। অৱশ্যে, পুটিনৰ দাবীৰ আগতেই ইউক্ৰেনে এই সম্পৰ্কে ৰাছিয়ালৈ এক ইতিবাচক বাৰ্তা প্ৰেৰণ কৰিছিল। আমেৰিকা যুক্তৰাষ্ট্ৰত দেশখনৰ ৰাষ্ট্ৰদূত ভাদিম প্ৰাইচিকোৱে সোমবাৰে কৈছিল যে মস্কোৰ সৈতে যুদ্ধ পৰিহাৰ কৰিবলৈ প্ৰয়োজন হ'লে ইউক্ৰেইনে নাটোত যোগদান কৰাৰ পৰা বিৰত থাকিব।
ইয়াৰ পূৰ্বে মঙলবাৰে ৰাছিয়াৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ে ইউক্ৰেইনৰ সীমান্তৰ পৰা সৈন্য প্ৰত্যাহাৰৰ কথা ঘোষণা কৰে। প্ৰতিৰক্ষা মন্ত্ৰালয়ে লগতে এইটোও কৈছিল যে সমগ্ৰ ৰাছিয়াত চলি থকা সামৰিক কাৰ্যকলাপ অব্যাহত থাকিব। সেনা প্ৰত্যাহাৰৰ ঘোষণাৰ পিছত ৰাছিয়াৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ দিমিত্রি পেচকভে কয়- "আমি সদায় কৈ আহিছোঁ যে অনুশীলন শেষ হ'লে সৈন্যসকল ঘূৰি আহিব (soldiers were returning to their garrisons)। এইটো একো নতুন কথা নহয়। এইটো এটা স্বাভাৱিক প্ৰক্ৰিয়া।''
অৱশ্যে ৰাছিয়াৰ পৰা সৈন্য প্ৰত্যাহাৰৰ ঘোষণা সত্ত্বেও পশ্চিমৰ দেশবোৰক সন্তুষ্ট দেখিবলৈ পোৱা যোৱা নাই। এই দেশসমূহৰ মতে উত্তেজনা হ্ৰাস কৰাৰ দৰে একো তেওঁলোকে দেখা নাই। আমেৰিকাৰ ৰাষ্ট্ৰপতিয়ে (US President Joe Biden) ইয়াৰ পিছতো যুদ্ধৰ আশংকাক নুই কৰা নাই। তথাপি ৰাছিয়াই আশাবাদী কিছু পদক্ষেপ প্ৰকাশ কৰিছে।