• Home
  • »
  • News
  • »
  • world
  • »
  • Russia Ukraine War: দুয়োপক্ষকে সংযম হ'বলৈ আহ্বান জনালে তালিবানে, সাধাৰণ লোকৰ মৃত্যুত উদ্বেগ প্ৰকাশ বন্দুকৰ গুলীৰে শাসন কৰা তালিবানৰ

Russia Ukraine War: দুয়োপক্ষকে সংযম হ'বলৈ আহ্বান জনালে তালিবানে, সাধাৰণ লোকৰ মৃত্যুত উদ্বেগ প্ৰকাশ বন্দুকৰ গুলীৰে শাসন কৰা তালিবানৰ

 সৰ্বশক্তিৰে যুদ্ধত নামিছে ৰাছিয়া। ইউক্ৰেইনে ৰাছিয়াক প্ৰতিৰোধ কৰিবলৈও সৰ্ব শক্তি প্ৰয়োগ কৰিছে। এনে সময়তে আফগানিস্তানৰ তালিবান চৰকাৰে জনোৱা বিশেষ আহ্বানে দৃষ্টি আকৰ্ষণ কৰিছে সকলোৰে।

  • Share this:
Russia Ukraine War: আৰম্ভ হ'ল ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত যুদ্ধ। বৃহস্পতিবাৰে ইউক্ৰেইন আক্ৰমণ কৰিলে ৰাছিয়াই। ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনে আজি মিলিটেৰী এটেক কৰিবলৈ দিলে অনুমতি। ইয়াৰ পিছতে ৰাছিয়ান সেনাই হেলিকপ্টাৰেৰে এয়াৰ ষ্ট্ৰাইক আৰম্ভ কৰিছে। বহু অঞ্চলত বিস্ফোৰণ সংঘটিত কৰাৰ খবৰ আহিছে।

সৰ্বশক্তিৰে যুদ্ধত নামিছে ৰাছিয়া। ইউক্ৰেইনে ৰাছিয়াক প্ৰতিৰোধ কৰিবলৈও সৰ্ব শক্তি প্ৰয়োগ কৰিছে। এনে সময়তে আফগানিস্তানৰ তালিবান চৰকাৰে জনোৱা বিশেষ আহ্বানে দৃষ্টি আকৰ্ষণ কৰিছে সকলোৰে। বন্দুকৰ গুলীৰে শাসন কৰা তালীবানে এতিয়া ৰাছিয়া আৰু ইউক্ৰেইন দুয়ো পক্ষকে সংযত হ'বলৈ আহ্বান জনাইছে।

তালিবানী শাসকে কৈছে যে, দুয়োপক্ষ সংযম হোৱা উচিত আৰু এনে মনোভাৱ গ্ৰহণ কৰা উচিত নহয় যিয়ে হিংসাক অধিক অগ্ৰাধিকাৰ দিয়ে। বন্দুকৰ ভয় দেখুৱাই আফগানিস্তান দখল কৰা তালিবানে ৰাছিয়া আৰু ইউক্ৰেইনক সংকট সমাধানৰ বাবে আলোচনা কৰিবলৈও পৰামৰ্শ দিছে।

তালিবানে ইউক্ৰেইন সংকট সন্দৰ্ভত এক বিবৃতি জাৰি কৰি দুয়োপক্ষকে সংযম ৰক্ষা কৰাৰ আহ্বান জনাযইছে। এক টুইটযোগে তেওঁ টুইট কৰে, "দুয়োপক্ষৰ দ্বাৰা সংযম" আৰু "সকলো পক্ষই হিংসা তীব্ৰতৰ কৰিব পৰা স্থিতিৰ পৰা আঁতৰি থাকিব লাগিব"। তালিবানে কৈছে যে, দুয়োপক্ষই আলোচনাৰ ওপৰত জোৰ দিয়া উচিত।

তালিবানী শাসকে কোৱা মতে  তেওঁলোকে গোটেই বিষয়টোৰ ওপৰত তীক্ষ্ন নজৰত ৰাখিছে। তালিবানে অসামৰিক লোকৰ মৃত্যুৰ সম্ভাৱনাক লৈ উদ্বেগ প্ৰকাশ কৰিছে।
Published by:Himangshu Bhuyan
First published:

শেহতীয়া বাতৰি