ৰাছিয়াই ইউক্ৰেইনৰ বিচ্ছিন্নতাবাদীসকলৰ দাবীক স্বীকৃতি দি ডনেটস্ক আৰু লুহানস্কক (Donetsk and Luhansk) লৈ পূব ইউক্ৰেইনক পৃথক ৰাষ্ট্ৰৰ মান্যতা দিয়াক লৈ সৃষ্টি হৈছে প্ৰতিক্ৰিয়া। আমেৰিকাই এইক্ষেত্ৰত শক্তিশালী প্ৰতিক্ৰিয়া প্ৰদৰ্শন কৰিছে।
আমেৰিকা যুক্তৰাষ্ট্ৰই ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদক ( U.N. Security Council) কয় যে ৰাছিয়াই পূব ইউক্ৰেইনত শান্তি ৰক্ষা অভিযান বুলি কোৱাটো "অৰ্থহীন" আৰু মস্কোৱে বিচ্ছিন্ন অঞ্চলসমূহক স্বতন্ত্ৰ হিচাপে স্বীকৃতি দিয়াটো যুদ্ধৰ অজুহাতৰ অংশ। আমেৰিকা যুক্তৰাষ্ট্ৰই পূব ইউক্ৰেইনৰ বিদ্ৰোহী অঞ্চলসমূহৰ বিৰুদ্ধে বিত্তীয় নিষেধাজ্ঞা ঘোষণা কৰে, যাক ৰাছিয়াই ৰাষ্ট্ৰৰ স্বীকৃতি দিছে। আমেৰিকাই লগতে সতৰ্ক কৰি দিছে যে প্ৰয়োজন হ'লে পৰৱৰ্তী পদক্ষেপ ল'বলৈ সাজু৷ "আমি পৰৱৰ্তী পদক্ষেপসমূহত ইউক্ৰেইনকে ধৰি অন্যান্য মিত্ৰশক্তি আৰু অংশীদাৰসকলৰ সৈতে ঘনিষ্ঠভাৱে আলোচনা অব্যাহত ৰাখিছোঁ।''-হোৱাইট হাউছে বিবৃতিযোগে উল্লেখ কৰে ( Ukraine Crisis)।
I have signed an Executive Order to deny Russia the chance to profit from its blatant violations of international law. We are continuing to closely consult with Allies and partners, including Ukraine, on next steps. pic.twitter.com/ZS81ivAPgs