• Home
  • »
  • News
  • »
  • world
  • »
  • Russia Ukraine Crisis : ইউক্ৰেইনৰ এয়াৰ বেছ–মিলিটেৰী বেছত মিছাইলেৰে আক্ৰমণ ৰাছিয়াৰ, ইউক্ৰেইনে ক’লে – হাৰ নামানো

Russia Ukraine Crisis : ইউক্ৰেইনৰ এয়াৰ বেছ–মিলিটেৰী বেছত মিছাইলেৰে আক্ৰমণ ৰাছিয়াৰ, ইউক্ৰেইনে ক’লে – হাৰ নামানো

Photo : AP

Photo : AP

Russia Ukraine Crisis | ৰাছিয়াৰ সামৰিক অভিযানৰ মাজতে ইউক্ৰেইনৰ বিদেশ মন্ত্ৰী দিমিত্ৰো কুলেবাই কয় যে পুটিনে পূৰ্ণমাত্ৰাত আক্ৰমণ কৰা আৰম্ভ কৰিছে। শান্তিপূৰ্ণ ইউক্ৰেইনত আক্ৰমণ হৈছে। এই এয়া আগ্ৰাসনৰ যুঁজ।

  • Share this:
ইউক্ৰেইনৰ ওফৰত ৰাছিয়াৰ মিলিটেৰী একশ্যন অব্যাহত আছে। ইউক্ৰেইনৰ ওপৰত ৰাছিয়াৰ ফালৰ পৰা আক্ৰমণ চলোৱা হৈছে। ৰাছিয়ান সেনাৰ দাবী, তেওঁলোকে ইউক্ৰেইনৰ সৈন্য আৰু বিমানঘাটি উৰুৱাই দিছে। আনহাতে, ইউক্ৰেইনেও কৈছে তেওঁলোকে হাৰ নামানে। ৰাছিয়ান সেনাৰ অভিযানৰ মাজতে ইউক্ৰেইনৰ ৰাষ্ট্রপতি ভলোডিমিৰ জেলেনস্কীয়ে কয় যে ইউক্ৰেইনৰ মানুহ আৰু চৰকাৰে শান্তি বিচাৰে। কিন্তু যদি আমাৰ ওপৰত আক্ৰমণ হয়, আমাৰ দেশ কাঢ়ি নিয়াৰ চেষ্টা চলায়, স্বাধীনতা কাঢ়ি নিয়াৰ চেষ্টা কৰে, আমাৰ শিশুৰ জীৱন কাঢ়ি নিয়াৰ চেষ্টা চলায় তেন্তে আমি নিজকে ৰক্ষা কৰিম। যদি আমাৰ ওপৰত আক্ৰমণ হয়, আমাৰ বুকু দেখিব, আমাৰ পিঠি নহয়।

ইউক্ৰেইনত মিলিটেৰী একশ্যনক লৈ ৰুছী সেনাৰ মন্তব্য আহিছে। সোৱা হৈছে যে তেওঁলোকে ইউক্ৰেইনৰ এয়াৰ বেছ, মিলিটেৰী বেছক লক্ষ্য কৰি লৈছে। ইয়াৰ লগতে কোৱা হৈছে যে জনবহুল অঞ্চলক লক্ষ্য কৰি লোৱা হৈছে। উল্লেখযোগ্য ইয়াৰ পূৰ্বে খবৰ আহিছিল যে ইউক্ৰেইনত কেইবাস্থানতো বিস্ফোৰণ হৈছে। ইয়াৰ ভিতৰত ইউক্ৰেইনৰ ৰাজধানী কিভত ক্ৰুজ আৰু বেলিষ্টিক মিছাইলেৰে আক্ৰমণ হোৱাৰ খবৰ আহিছিল। ইউক্ৰেইনৰ ৰাজধানী কিভৰ পিছত Odessa, Kharkiv, Donetsk আদি স্থানত বিস্ফোৰণৰ শব্দ শুনা গৈছিল।

ৰাছিয়াৰ সামৰিক অভিযানৰ মাজতে ইউক্ৰেইনৰ বিদেশ মন্ত্ৰী দিমিত্ৰো কুলেবাই কয় যে পুটিনে পূৰ্ণমাত্ৰাত আক্ৰমণ কৰা আৰম্ভ কৰিছে। শান্তিপূৰ্ণ ইউক্ৰেইনত আক্ৰমণ হৈছে। এই এয়া আগ্ৰাসনৰ যুঁজ। ইউক্ৰেইনে নিজক ৰক্ষা কৰিব আৰু জিকিব। আনহাতে, ৰাষ্ট্ৰপতিয়ে এতিয়া ইউক্ৰেইনৰ নাগৰিকসকলক ৰাছিয়াৰ আক্ৰমণৰ বাবে ভয় নাখাবলৈ আহ্বান জনাইছে।
Published by:Sanjay Kumar Das
First published:

শেহতীয়া বাতৰি