• Home
  • »
  • News
  • »
  • world
  • »
  • Russia Ukraine Crisis : ইউক্ৰেইনত আছে ১০০ৰো অধিক অসমীয়া ছাত্ৰ-ছাত্ৰী, কি পদক্ষেপ লৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই?

Russia Ukraine Crisis : ইউক্ৰেইনত আছে ১০০ৰো অধিক অসমীয়া ছাত্ৰ-ছাত্ৰী, কি পদক্ষেপ লৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই?

এতিয়া ইউক্ৰেইনত থকা ভাৰতীয় লোকসকলক অস্থায়ী ভাবে ভাৰতলৈ উভতাই আনিবলৈ তৎপৰ হৈ পৰিছে ভাৰত চৰকাৰ।

এতিয়া ইউক্ৰেইনত থকা ভাৰতীয় লোকসকলক অস্থায়ী ভাবে ভাৰতলৈ উভতাই আনিবলৈ তৎপৰ হৈ পৰিছে ভাৰত চৰকাৰ।

এতিয়া ইউক্ৰেইনত থকা ভাৰতীয় লোকসকলক অস্থায়ী ভাবে ভাৰতলৈ উভতাই আনিবলৈ তৎপৰ হৈ পৰিছে ভাৰত চৰকাৰ।

  • Share this:
উক্ৰেইনৰ বিৰুদ্ধে ৰাছিয়াৰ মিলিটেৰী একশ্যন অব্যাহত আছে। ৰাছিয়াই দেশখনত চলাইছে আক্ৰমণ।ৰাছিয়ান সেনাৰ দাবী, তেওঁলোকে ইউক্ৰেইনৰ সৈন্য আৰু বিমানঘাটি উৰুৱাই দিছে। এনে সময়তে এতিয়া ইউক্ৰেইনত থকা ভাৰতীয় লোকসকলক অস্থায়ী ভাবে ভাৰতলৈ উভতাই আনিবলৈ তৎপৰ হৈ পৰিছে ভাৰত চৰকাৰ। ইউক্ৰেইনত আছে অসমৰো প্ৰায় ১০০ ছাত্ৰ-ছাত্ৰী। এতিয়া এইসকল শিক্ষাৰ্থীক উভতাই আনিবলৈ দেশ বিদেশ মন্ত্ৰণালয়ৰ সৈতে যোগাযোগ কৰিছে অসম চৰকাৰে। বৃহস্পতিবাৰে এই সন্দৰ্ভত মন্তব্য কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে, 'ইউক্ৰেইনত ১০০তকৈ অধিক অসমীয়া ছাত্ৰ ছাত্ৰী আছে। বিদেশ মন্ত্ৰালয়ৰ লগত যোগাযোগত আছে । ভাৰত চৰকাৰে আনিলে আমাৰ ছাত্ৰ-ছাত্ৰীসকলো আহিব।'

ইফালে  ৰাছিয়ান সেনাই চলোৱা আক্ৰমণত কোনো কাৰণতে হাৰ নমনাৰ হুংকাৰ দিছে ইউক্ৰেইনে। ইউক্ৰেইনৰ ৰাষ্ট্রপতি ভলোডিমিৰ জেলেনস্কীয়ে কয় যে, 'ইউক্ৰেইনৰ মানুহ আৰু চৰকাৰে শান্তি বিচাৰে। কিন্তু যদি আমাৰ ওপৰত আক্ৰমণ হয়, আমাৰ দেশ কাঢ়ি নিয়াৰ চেষ্টা চলায়, স্বাধীনতা কাঢ়ি নিয়াৰ চেষ্টা কৰে, আমাৰ শিশুৰ জীৱন কাঢ়ি নিয়াৰ চেষ্টা চলায় তেন্তে আমি নিজকে ৰক্ষা কৰিম। যদি আমাৰ ওপৰত আক্ৰমণ হয়, আমাৰ বুকু দেখিব, আমাৰ পিঠি নহয়।'
Published by:Himangshu Bhuyan
First published:

শেহতীয়া বাতৰি