• Home
  • »
  • News
  • »
  • world
  • »
  • Russia Ukraine Crisis : ইউক্ৰেইনত থকা ভাৰতীয় নাগৰিকসকলে কি কৰিব? চৰকাৰে জাৰি কৰিলে হেল্পলাইন নম্বৰ

Russia Ukraine Crisis : ইউক্ৰেইনত থকা ভাৰতীয় নাগৰিকসকলে কি কৰিব? চৰকাৰে জাৰি কৰিলে হেল্পলাইন নম্বৰ

ইউক্ৰেইনত ৰাছিয়াৰ আক্ৰমণৰ বাবে এয়াৰস্পেচ বন্ধ কৰি দিয়া হৈছে। ইয়াৰ ফলত ভাৰতৰ পৰা ইউক্ৰেইনলৈ নিজৰ নাগৰিকসকলক ওভতাই অনাৰ বাবে যোৱা এয়াৰ ইণ্ডিয়াৰ বিশেষ বিমান বৃহস্পতিবাৰে নতুন দিল্লীলৈ উভতি আহে।

  • Share this:
ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত এতিয়া যুদ্ধৰ দামামা। বৃহস্পতিবাৰে পুৱা ৰাছিয়াই ইউক্ৰেইনৰ ওপৰত আক্ৰমণ আৰম্ভ কৰে। ইউক্ৰেইনত বহু সংখ্যক ভাৰতীয় ছাত্ৰ আবদ্ধ হৈ আছে, যিসকলক বিগত কিছুদিনৰ পৰা এয়াৰলিফ্ট কৰাৰ কাম চলি আছিল। এথিয়া ইউক্ৰেইনত আবদ্ধ ভাৰতীয় ছাত্ৰসহ নাগৰিকৰ বাবে কেন্দ্ৰীয় চৰকাৰে এডভাইজৰী জাৰি কৰিছে।

ইউক্ৰেইনত ভাৰতীয় দূতাবাসে ভাৰতীয় নাগৰিকসকলক কৈছে যে ইউক্ৰেইনত বৰ্তমান পৰিস্থিতি বৰ্তমান অনিশ্চয়তাৰে ভৰা। আপোনালোক সকলোৱে য’তেই আছে, তাতে শান্তি আৰু সুৰক্ষিত হৈ থাকক। সেয়া লাগিলে আপোনাৰ ঘৰেই হওক, হোষ্টেলেই হওক বা আন স্থান। এডভাইজৰী জাৰি কৰি ইউক্ৰেইনৰ ৰাজধানী কিভস্থিত ভাৰতীয় দূতাবাসে কয়, ‘যিসকলে কিভ যাত্ৰা কৰিছে, তেওঁলোকক নিজৰ চহৰলৈ উভতি যাবলৈ পৰামৰ্শ দিয়া হৈছে। ইয়াৰ উপৰি আন তথ্যৰ বাবে পৰৱৰ্তী নিৰ্দেশনা শীঘ্ৰে জাৰি কৰা হ’ব।’

কিভত ভাৰতীয় দূতাবাসে কয় যে ইউক্ৰেইনে বিমান ক্ষেত্ৰ বন্ধ কৰাৰ লগতে বিশেষ বিমানৰ উৰণো বন্ধ কৰি দিছে। ভাৰতীয় নাগৰিকক ওভতাই অনাৰ বাবে বিকল্প ব্যৱস্থা কৰা হৈছে। দূতাবাসৰ ৱেবছাইট, ছচিয়েল মিডিয়া পোষ্ট আৰু নম্বৰত যোগাযোগ কৰক। ইয়াৰ বাবে চৰকাৰে ইউক্ৰেইনত আবদ্ধ ভাৰতীয় নাগৰিকৰ বাবে হেল্পলাইন নম্বৰ জাৰি কৰিছে। এই টোল ফ্ৰী নম্বৰৰ জৰিয়তে বৰ্তমানৰ স্থিতি সম্পৰ্কে অধিক তথ্য জানিব পাৰিব।

হেল্পলাইন নম্বৰসমূহ :
+38 0997300428
+38 0997300483
+38 0933980327
+38 0635917881
+38 0935046170

উল্লেখযোগ্য যে ইউক্ৰেইনত ৰাছিয়াৰ আক্ৰমণৰ বাবে এয়াৰস্পেচ বন্ধ কৰি দিয়া হৈছে। ইয়াৰ ফলত ভাৰতৰ পৰা ইউক্ৰেইনলৈ নিজৰ নাগৰিকসকলক ওভতাই অনাৰ বাবে যোৱা এয়াৰ ইণ্ডিয়াৰ বিশেষ বিমান বৃহস্পতিবাৰে নতুন দিল্লীলৈ উভতি আহে।
Published by:Sanjay Kumar Das
First published:

শেহতীয়া বাতৰি