• Home
  • »
  • News
  • »
  • world
  • »
  • Russia-Ukraine Crisis : ইউক্ৰেইনত মিলিটেৰী অপাৰেচনৰ ঘোষণা পুটিনৰ, ক’লে – যুদ্ধ পৰিহাৰ কৰা অসম্ভৱ

Russia-Ukraine Crisis : ইউক্ৰেইনত মিলিটেৰী অপাৰেচনৰ ঘোষণা পুটিনৰ, ক’লে – যুদ্ধ পৰিহাৰ কৰা অসম্ভৱ

ৰাছিয়ান সেনা দ্ৰুতগতি ইউক্ৰেইনৰ দিশে আগবাঢ়িছে। সম্ভাৱিত বিপদৰ প্ৰতি লক্ষ্য ৰাখি ইউক্ৰেইনে দেশৰ সমগ্ৰ এয়াৰস্পেচ বন্ধ কৰি দিছে।

ৰাছিয়ান সেনা দ্ৰুতগতি ইউক্ৰেইনৰ দিশে আগবাঢ়িছে। সম্ভাৱিত বিপদৰ প্ৰতি লক্ষ্য ৰাখি ইউক্ৰেইনে দেশৰ সমগ্ৰ এয়াৰস্পেচ বন্ধ কৰি দিছে।

ৰাছিয়ান সেনা দ্ৰুতগতি ইউক্ৰেইনৰ দিশে আগবাঢ়িছে। সম্ভাৱিত বিপদৰ প্ৰতি লক্ষ্য ৰাখি ইউক্ৰেইনে দেশৰ সমগ্ৰ এয়াৰস্পেচ বন্ধ কৰি দিছে।

  • Share this:
ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত সংঘাত চৰম পৰ্যায় পাইচে। ৰাছিয়ান সেনা পূব ইউক্ৰেইনত হাজিৰ হৈছে। ৰাছিয়াই বুধবাৰে ইউক্ৰেইনী বেংক আৰু প্ৰতিৰক্ষা, বিদেশ, আভ্যন্তৰীণ নিৰাপত্তাৰ দৰে গুৰুত্বপূৰ্ণ ৱেবছাইটত চাইবাৰ এটেক কৰে। ৰাছিয়াৰ আক্ৰমণৰ মাজতে ইউক্ৰেইনৰ সংসদে নেচনেল এমাৰজেঞ্চী ঘোষণা কৰিছে। লগতে ইউক্ৰেইনে নিজৰ ৩০ লাখ নাগৰিকক শীঘ্ৰে ৰাছিয়া এৰাৰ বাবে নিৰ্দেশ দিছে। ইয়াৰ মাজতে ৰাছিয়াৰ বিৰুদ্ধে ৰণনীতি নিৰ্ধাৰণ কৰাৰ বাবে ইউৰোপীয় সংঘৰ গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হ’ব। এই বৈঠক অনুষ্ঠিত হ’ব বেলাৰুছত।

ইউক্ৰেইনৰ বিদেশ মন্ত্ৰণালয়ে দেশৰ নাগৰিকক ৰাছিয়া যাত্ৰা নকৰিবলৈ সকীয়নি প্ৰদান কৰিছে। মন্ত্ৰণালয়ে ৰাছিয়াত থকা দেশৰ নাগৰিকক শীঘ্ৰে ঘূৰি অহাৰ আহ্বান জনাইছে।

ইফালে, ৰাছিয়াৰ সৈতে যুদ্ধৰ আশংকাৰ মাজতে পূব ইউক্ৰেইনত পুনৰ শুনা গৈছে বিস্ফোৰণৰ শব্দ। ডেইলী মেইলৰ ৰিপ’ৰ্ট অনুসৰি, ইউক্ৰেইনৰ প’ৰ্ট চিটী মাৰিয়ুপোলত বৃহস্পতিবাৰে পুৱা প্ৰায় ৩.৩০ বজাত বিস্ফোৰণৰ শব্দ শুনা যায়। এই স্থান ৰাছিয়া সীমান্তৰ পৰা ৩০ মাইল দূৰত। আশংকা কৰা হৈছে যে এই অঞ্চলত ৰাছিয়ান সেনাই গুলীচালনা কৰিছে। আনহাতে, বিচ্ছিন্নতাবাদীৰ আক্ৰমণত ইউক্ৰেইনৰ দুই সৈনিকৰ মৃত্যু হোৱাৰ খবৰ আহিছে। ইয়াৰ মাজতে ৰাছিয়াই বেলিষ্টিক আৰু ক্ৰুজ মিছাইলৰ পৰীক্ষণৰ সৈতে পৰমাণু যুদ্ধাভ্যাস আৰম্ভ কৰিছে।

ৰাছিয়ান সেনা দ্ৰুতগতি ইউক্ৰেইনৰ দিশে আগবাঢ়িছে। সম্ভাৱিত বিপদৰ প্ৰতি লক্ষ্য ৰাখি ইউক্ৰেইনে দেশৰ সমগ্ৰ এয়াৰস্পেচ বন্ধ কৰি দিছে। এই নিৰ্দেশ পৰৱৰ্তী নিৰ্দেশনা নিদিয়ালৈ বাহাল থাকিব।

ইফালে, ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনে ইউক্ৰেইনত মিলিটেৰী অপাৰেচনৰ ঘোষণা কৰিছে। পুটিনে কয়, পৰিস্থিতি এনেকুৱা হৈছেগৈ যে যুদ্ধ এৰাই চলিব নোৱাৰি। আনহাতে, ৰাষ্ট্ৰসংঘৰ মহাসচিবে ৰাছিয়াৰ ৰাষ্ট্ৰপতিক নিজৰ সৈন্যক ৰখোৱাৰ বাবে আহ্বান জনাইছে। তেওঁ কয় যে ইউক্ৰেইনত শান্তিৰ এক সুযোগ দিয়া উচিত।
 ৰাছিয়াৰ ৰাষ্ট্ৰপতিয়ে ইউক্ৰেইনৰ বিৰুদ্ধে মিলিটেৰী অপাৰেচনৰ ঘোষণা কৰি এক ডাঙৰ ধমক দিয়ে। কোৱা হৈছে, ‘বাহিৰৰ পৰা যিয়ে ইয়াত হস্তক্ষেপ কৰিব বিচাৰিব, তেওঁলোকে এনেকুৱা পৰিণাম ভুগিব লাগিব, যিটো ইতিহাসত পূৰ্বে কেতিয়াও ভোগ কৰা নাই। সকলো প্ৰয়োজনীয় সিদ্ধান্ত লোৱা হৈছে। আশা কৰিছো আপোনালোকে মোৰ কথা শুনিছে।’

Published by:Sanjay Kumar Das
First published:

শেহতীয়া বাতৰি