ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত যুদ্ধৰ আজি এটা বছৰ সম্পূৰ্ণ হৈছে। এই যুদ্ধৰ ভয়াবহতা সমগ্ৰ বিশ্বই অনুভৱ কৰিছে। ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে ২০২২ চনৰ ২৪ ফেব্ৰুৱাৰীত ইউক্ৰেইনত তেওঁৰ 'বিশেষ সামৰিক অভিযান' ঘোষণা কৰিছিল। তাৰ পিছত তেওঁ কয় যে ৰাছিয়াৰ উদ্দেশ্য ইউক্ৰেইন দখল কৰা নহয়, কিন্তু ইয়াক অসামৰিককৰণ কৰা। ইয়াৰ প্ৰত্যুত্তৰত ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভলোডিমিৰ জেলেনস্কিয়ে কৈছিল, ‘‘যদি তেওঁ আক্ৰমণ কৰে, আমি তেওঁৰ মুখামুখি হ'ম, পিঠি হুহুকি নিদিওঁ।’’
বিগত এবছৰ ধৰি, এই যুদ্ধ নিৰন্তৰভাৱে চলি আছে। এই যুদ্ধ এতিয়াও শেষ হ’ব যেন লগা নাই। এফালে ৰাছিয়া ইয়াৰ অসামৰিককৰণত সীমাবদ্ধ হৈ ৰোৱা নাই আৰু আনহাতে ইউক্ৰেইনেও হাৰ মনা নাই। বৰ্তমানলৈতকে কোনো এখন দেশে এই যুদ্ধ জয় কৰিব পৰা নাই আৰু পৰাজিত হোৱা নাই। ৰাছিয়াই ইউক্ৰেইনৰ বিভিন্ন বসতিপূৰ্ণ ধুনীয়া চহৰবোৰ ধ্বংস কৰিছে। হাজাৰ হাজাৰ লোক ইতিমধ্যে নিহত হৈছে। কোটি কোটি লোক স্থানচ্যুত হৈছে আৰু চুবুৰীয়া দেশসমূহত শৰণাৰ্থী হিচাপে বাস কৰিবলৈ বাধ্য হৈছে। এই যুদ্ধত ইউক্ৰেইনত বৃহৎ পৰিমণৰ ধ্বংস হৈছে, আনহাতে ৰাছিয়াও ক্ষতিগ্ৰস্ত হৈছে। এই যুদ্ধৰ ফলত বিশ্বৰ অৰ্থনীতিত প্ৰভাৱ পৰিছে। বিগত এবছৰত, ৰাছিয়াই ইউক্ৰেইনৰ মুখ্য চহৰ আৰু বন্দৰসমূহ দখল কৰিছে। একে সময়তে, ইউক্ৰেইনৰ সেনাই প্ৰতিশোধ স্বৰূপে বেছিভাগ অঞ্চল পুনৰ দখল কৰিছে। পশ্চিমীয়া দেশসমূহে অনুমান কৰিছে যে এই যুদ্ধত ১.৮০ লাখ ৰাছিয়ান সৈন্য আৰু ১,০০,০০০ ইউক্ৰেইনৰ সৈন্য নিহত বা আহত হ’ব পাৰে। ইউক্ৰেনে দাবী কৰিছে যে ২০২৩ চনৰ ২৩ ফেব্ৰুৱাৰীলৈকে ১,৪৫,৮৫০ জন ৰাছিয়ান সৈন্য নিহত হৈছে। অৱশ্যে, ভলোডিমিৰ জেলেনস্কিয়ে কেতিয়াও তেওঁৰ সৈনিকসকলৰ মৃত্যুৰ সংখ্যা ৰাজহুৱা কৰা নাই।
ৰাষ্ট্ৰসংঘৰ তথ্য অনুসৰি, এই যুদ্ধত এতিয়ালৈকে ইউক্ৰেইনত ৮০০০ তকৈও অধিক নাগৰিক নিহত আৰু ১৩,০০০ তকৈও অধিক লোক আহত হৈছে। প্ৰাণ হেৰুৱা লোকৰ ভিতৰত ৬০ শতাংশ পুৰুষ আৰু ৪০ শতাংশ মহিলা আছিল। যুদ্ধৰ ফলত এটা বৃহৎ শৰণাৰ্থী সংকটেও দেখা দিছে। ৰাষ্ট্ৰসংঘই কয় যে, প্ৰায় ৪ কোটি জনসংখ্যাৰ দেশ ইউক্ৰেইনৰ প্ৰায় ৮০ লাখ লোকে চুবুৰীয়া দেশবোৰত আশ্ৰয় লৈছে। জাৰ্মানী, পোলেণ্ড, মলদোভাৰ দৰে দেশবোৰে ইউক্ৰেইনৰ শৰণাৰ্থীসকলৰ বাবে তেওঁলোকৰ সীমা মুকলি কৰিছে। কিয়েভ স্কুল অৱ ইকনমিক্সৰ এক অধ্যয়ন অনুসৰি, ২০২২ চনৰ ২৪ ফেব্ৰুৱাৰীৰ পৰা ২০২২ চনৰ ডিচেম্বৰ লৈকে ৰাছিয়াৰ আক্ৰমণে ইউক্ৰেইনৰ ১৩৮ বিলিয়ন ডলাৰ (১১ লাখ কোটি টকা) মূল্যৰ আন্তঃগাঁথনি ধ্বংস কৰে। ৰাছিয়াৰ বোমা বিস্ফোৰণ আৰু মিছাইল আক্ৰমণৰ ফলত ইউক্ৰেইনৰ বিভিন্ন চহৰত ১,৫০,০০০ তকৈও অধিক আৱাসিক অট্টালিকা ধ্বংস হৈছে।
একেদৰে, সমগ্ৰ দেশতে ৩০০০ৰো অধিক শিক্ষানুষ্ঠান ক্ষতিগ্ৰস্ত হৈছে। ইউক্ৰেইনৰ বহুতো শিক্ষানুষ্ঠান সম্পূৰ্ণৰূপে ক্ষতিগ্ৰস্ত হৈছে, আনহাতে কিছুমান আংশিকভাৱে ক্ষতিগ্ৰস্ত হৈছে। প্ৰায় ১৫০০ ধৰ্মীয়-সাংস্কৃতিক স্থান আৰু হাজাৰ হাজাৰ ক্ৰীড়া ক্ষেত্ৰও ক্ষতিগ্ৰস্ত হৈছে। ইউক্ৰেইনৰ স্বাস্থ্য আন্তঃগাঁথনিও যুদ্ধৰ দ্বাৰা বিধ্বস্ত হৈছে। ৰাছিয়াৰ আক্ৰমণৰ কবলত দেশখনৰ ১১০০ তকৈও অধিক চিকিৎসালয় ধ্বংস হৈছে। ৰাছিয়া-ইউক্ৰেইন যুদ্ধৰ ফলত বিশ্বব্যাপী তেল আৰু গেছৰ মূল্য যথেষ্ট বৃদ্ধি পাইছে। পৃথিৱীৰ বহুতো দেশে খাদ্য সংকটৰ সন্মুখীন হৈছে, যেনে ঘেঁহুৰ অভাৱ। বিশ্ব বেংকে বিগত বৰ্ষত কৈছিল যে ২০২৩ চনত বিশ্বব্যাপী জিডিপি বৃদ্ধি ৩.২ শতাংশ হ’ব পাৰে, যি বৰ্তমান ২.৯ শতাংশলৈ হ্ৰাস কৰা হৈছে। অৰ্থনৈতিক সহযোগিতা আৰু উন্নয়ন সংস্থাই (OECD) ২০২৩ চনৰ বাবে বিশ্বব্যাপী মুদ্ৰাস্ফীতিৰ হাৰ ৬.৬ শতাংশ হ’ব বুলি অনুমান কৰিছে।
পুটিনে ইউক্ৰেইনৰ বিৰুদ্ধে যেতিয়া যুদ্ধ চলাইছিল, তেতিয়া তেওঁ আশা কৰা নাছিল যে এই যুদ্ধ ইমান দিন ধৰি চলি থাকিব। তেওঁলোকে ভাবিছিল যে ৰাছিয়াৰ সেনাই মাত্ৰ ১ ৰ পৰা ডেৰ মাহৰ ভিতৰত ইউক্ৰেইনৰ বৃহৎ অংশ দখল কৰিব পাৰিব। অৱশ্যে, পশ্চিমীয়া দেশসমূহৰ হস্তক্ষেপে ভ্লাদিমিৰ পুটিনৰ অপেক্ষা আৰু অসুবিধা দুয়োটা বৃদ্ধি কৰে। আমেৰিকা যুক্তৰাষ্ট্ৰ, ব্ৰিটেইন, ফ্ৰান্স, জাৰ্মানী, তুৰস্ক, ছুইডেন, লিথুৱানিয়া, লাটভিয়া আৰু নৰৱেই ইউক্ৰেইনক বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ প্ৰদান কৰে। এই অস্ত্ৰ-শস্ত্ৰৰ আধাৰত ইউক্ৰেইনৰ সেনাই ৰাছিয়াৰ গুৰুতৰ ক্ষতি সাধন কৰিছে। একে সময়তে, ৰাছিয়াৰ ওপৰত কঠোৰ অৰ্থনৈতিক নিষেধাজ্ঞা আৰোপ কৰা হৈছে। ভ্লাদিমিৰ পুটিনে এই তথ্য ৰাজহুৱা কৰা নাই যদিও তেওঁ ৰাছিয়াৰ ক্ষতিৰ মূল্যাংকন কৰে। ৰাছিয়াৰ অট্টালিকা বা কোনো চহৰ ধ্বংস হোৱা নাই যদিও ই নিশ্চিতভাৱে অৰ্থনৈতিক ধ্বংসৰ সন্মুখীন হৈছে। সম্ভৱতঃ সেইকাৰণে ভ্লাদিমিৰ পুটিনে অতীতত কেইবাবাৰো ইউক্ৰেইনৰ সৈতে যুদ্ধবিৰতিৰ আলোচনা কৰিবলৈ সন্মত হৈছিল, কিন্তু ইউক্ৰেইন এতিয়া নিজ স্থিতিত দৃঢ় হৈ আছে যে ৰাছিয়াৰ সেনাই নিজৰ ভূখণ্ড এৰি নোযোৱালৈকে ইউক্ৰেইনে আলোচনাত যোগদান নকৰে।
Published by: Sehnaz Begum
FIRST PUBLISHED : February 24, 2023, 11:54 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।