আশাৰ খবৰ! ১২ আগষ্টত ৰাছিয়াই আনুষ্ঠানিক ভাবে পঞ্জীয়ন কৰিব বিশ্বৰ প্ৰথমটো কোৰোণা ভেকচিন

News18 Assam | News18-Assam
Updated:August 8, 2020, 8:32 PM IST
আশাৰ খবৰ! ১২ আগষ্টত ৰাছিয়াই আনুষ্ঠানিক ভাবে পঞ্জীয়ন কৰিব বিশ্বৰ প্ৰথমটো কোৰোণা ভেকচিন
দেশখনৰ ডেপুটি স্বাস্থ্যমন্ত্ৰী অ’লেগ গ্ৰীডনেভে নিশ্চিত কৰে এই তথ্য

দেশখনৰ ডেপুটি স্বাস্থ্যমন্ত্ৰী অ’লেগ গ্ৰীডনেভে নিশ্চিত কৰে এই তথ্য

  • Share this:
আশাৰ খবৰ! ৰাছিয়াৰ পৰা আহিছে এই ভাল খবৰ। বিশ্বত কোৰোণাৰ সন্ত্ৰাস অব্যাহত থকাৰ সময়তে ৰাছিয়া সাজু হৈছে বিশ্বৰ প্ৰথমটো কোৰোণা ভেকচিন পঞ্জীয়নৰ বাবে। অহা ১২ আগষ্টত ৰাছিয়াই আনুষ্ঠানিক ভাবে পঞ্জীয়ন কৰিব প্ৰথমটো কোৰোণা ভেকচিন। এই কথা জনাইছে দেশখনৰ উপ-স্বাস্থ্যমন্ত্ৰী অ’লেগ গ্ৰীডনেভে।



ভেকচিনটো প্ৰস্তুত কৰিছে গামালেয়া ৰিচাৰ্চ ইনষ্টিটিউশ্যনে। ইতিমধ্যে দেশখনত ভেকচিনটোৰ তৃতীয় ট্ৰাইলৰ প্ৰস্তুতি চলোৱা হৈছে। ভেকচিনৰ তৃতীয় পৰীক্ষণৰ ক্ষেত্ৰত গেমালেয়া ৰিচাৰ্চ ইনষ্টিটিউট আৰু ৰাছিয়াৰ প্ৰতিৰক্ষা মন্ত্ৰণালয়ে একেলগে আগবাঢ়িছে। খবৰ অনুসৰি ৰাছিয়াই এতিয়া ভেকচিনটো অধিক পৰিমাণে উত্‍পাদন কৰিবলৈ পৰিকল্পনা কৰিছে।



এই ক্ষেত্ৰত উপ স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে কয় যে,ভেকচিনটো যাতে সম্পূৰ্ণ নিৰাপদ হয়, সেই দিশত আমি বিশেষ গুৰুত্ব প্ৰদান কৰিছো। আমি প্ৰথমে ভেকচিনটো বুজিব লাগিব। তেওঁ লগতে কয় যে, ‘প্ৰথমে ভেকচিন স্বাস্থ্য বিভাগত কৰ্মৰত লোক আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে মুকলি কৰা হ’ব।’ ভেকচিন কিমান নিৰাপদ সেয়া পৰীক্ষাৰ বাবে পঞ্জীয়নৰ পিছত ভেকচিন ১৬০০ লোকৰ শৰীৰত প্ৰদান কৰা হ’ব।
Published by: Himangshu Bhuyan
First published: August 8, 2020, 8:32 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading