পৃথিৱীৰ আটাইতকৈ শক্তিশালী পাৰমাণৱিক বোমাৰ বিস্ফোৰণৰ লাইভ ভিডিঅ', নিমিষতে মৃত্যু হ’ব ৫০ লক্ষাধিক লোকৰ!

News18 Assam | News18-Assam
Updated:September 11, 2020, 12:12 AM IST
পৃথিৱীৰ আটাইতকৈ শক্তিশালী পাৰমাণৱিক বোমাৰ বিস্ফোৰণৰ লাইভ ভিডিঅ', নিমিষতে মৃত্যু হ’ব ৫০ লক্ষাধিক লোকৰ!
এই ভয়ংকৰ বোমা বিস্ফোৰণটো ঘটোৱা হৈছিল ১৯৬১ চনতে

এই ভয়ংকৰ বোমা বিস্ফোৰণটো ঘটোৱা হৈছিল ১৯৬১ চনতে

  • News18 Assam
  • Last Updated: September 11, 2020, 12:12 AM IST
  • Share this:
কিছুদিন পূৰ্বে বেইৰুটত এমনিয়াম নাইট্ৰেট ভৰ্তি এখন জাহাজত সংঘটিত বিধ্বংসী বিস্ফোৰণৰ লাইভ দৃশ্য নিশ্চয় আপুনি দেখিবলৈ পাইছিল বিভিন্ন মাধ্যমত! কিন্তু আজিৰ তাৰিখত সচাকৈয়ে যদিহে এটা পাৰমাণৱিক বোমা বিস্ফোৰণ ঘটোৱা হয়, তেন্তে সেই দৃশ্য দেখিবলৈ কেনে হ’ব? তেনে ঘটনা যদিহে সংঘটিত হয়, তেন্তে বেইৰুটৰ দৰে সেই দৃশ্য বন্দী কৰাটো সম্ভৱ নহ’ব। কাৰণ ধাৰণা কৰা মতে, বৰ্তমানলৈকে নিৰ্মাণ কৰা পৃথিৱীৰ আটাইতকৈ শক্তিশালী পাৰমাণৱিক বোমাটো লণ্ডনৰ দৰে এখন চহৰত বিস্ফোৰণ ঘটালে মুহুৰ্তৰ ভিতৰতে প্ৰায় ৫৮ লাখ মানুহৰ মৃত্যু হ’ব।



এই ভয়ংকৰ বোমা বিস্ফোৰণটো ঘটোৱা হৈছিল ১৯৬১ চনতে। ৰাছিয়াই বিস্ফোৰণ ঘটোৱা পৃথিৱীৰ আটাইতকৈ বৃহৎ পাৰমাণৱিক বোমাটোৰ বিস্ফোৰণৰ অ-গোপনীয় ভিডিঅ'সমূহ শেহতীয়াকৈ ইউটিউবত কেইবা দশকৰ পিছত মুকলি কৰি দিছে। প্ৰায় ৫০ মেগাটন টি এন টি বিস্ফোৰকৰ সমান শক্তিশালী এই ‘RDS 220’ নামৰ বোমাটো ৰাছিয়াই ১৯৬১ চনৰ ৩০ অক্টোবৰত পৰীক্ষামূলক ভাবে বিস্ফোৰণ ঘটাইছিল। এই বোমাটো ‘জা বোম্বা’( Tsar Bomba ) নামেৰে পৰিচিত ।

‘Tsar Bomba’ৰ বিস্ফোৰণ জাপানৰ নাগাচাকি আৰু হিৰোচিমাত সংঘটিত বিস্ফোৰণতকৈ ১৫শ গুণ অধিক শক্তিশালী আছিল। ৰাছিয়াৰ এই বিস্ফোৰণ ১০০ কিলোমিটাৰ দূৰৰ পৰা অনুভৱ কৰা হৈছিল। বিস্ফোৰণৰ দৃশ্য ৯৬৫ কিলোমিটাৰ নিলগৰ পৰা দেখা পোৱা গৈছিল। এই বোমাটো উত্তৰ মহাসাগৰৰ ‘Novaya Zemlya Island’ ৰ ‘Mityushikha Bay Nuclear Testing Centre’ ত বিস্ফোৰণ ঘটোৱা হৈছিল। প্ৰায় ছয় দশক ধৰি এই বিস্ফোৰণৰ ভিডিঅ’ গোপনে ৰখাৰ পিছত শেহতীয়াকৈ ৰাছিয়াই এই মহা বিস্ফোৰণ প্ৰক্ৰিয়াৰ ৪০ মিনিটৰ ভিডিঅ মুকলি কৰি দিছে। যি বৰ্তমান ইউটিউবত উপলব্ধ।



বোমাটো বিস্ফোৰণ হোৱাৰ পূৰ্বে ভিডিঅ'টোত দুখন ৰাছিয়ান উৰাজাহাজ টেষ্টিং ছাইটলৈ গৈ থকা অৱস্থাত দেখা যায়। প্ৰথম বিমানখনত পাৰমাণৱিক বোমাটো কঢ়িয়াই নিয়া হয় আৰু দ্বিতীয় খন বিমানৰ পৰা বিস্ফোৰণৰ দৃশ্য গ্ৰহণ কৰা হয়। মাটিৰ পৰা ১৩ হাজাৰ ফুট উচ্চতাৰ পৰা এটা পেৰাচুটৰ জৰিয়তে বোমাটো তললৈ নিক্ষেপ কৰা হয়।

ৰাছিয়াই দৰাচলতে ১০০ মেগাটন টি এন টি ক্ষমতাৰ পাৰমাণৱিক বোমা নিৰ্মাণ কৰিবলৈ বিচাৰিছিল যদিও তেজস্ক্ৰিয় বিকিৰণৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি বিজ্ঞানীসকলে তেনে ক্ষমতাৰ বোমা নিৰ্মাণ কৰাৰ পৰা বিৰত থাকে। ১৯৫৪ চনত আমেৰিকাই ১৫ মেগাটন ক্ষমতাৰ কেষ্টল ব্ৰেভো নামৰ পাৰমাণৱিক বোমাৰ পৰীক্ষণ কৰিছিল।
Published by: Himangshu Bhuyan
First published: September 10, 2020, 11:47 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading